মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

ৰাঁচীত ১৪ বছৰীয়া জনজাতীয় কিশোৰী এগৰাকীক যৌন নিৰ্যাতনৰ অভিযোগক লৈ ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ নিজাববীয়াকৈ গোচৰ ৰুজু; ১৭ নৱেম্বৰত ৰাঁচীলৈ যাব আয়োগৰ দল

পোষ্ট কৰা হৈছে: 16 NOV 2026 8:20PM by PIB Guwahati

নতুন দিল্লী, ১৬ নৱেম্বৰ, ২০২৬: ঝাৰখণ্ডৰ ৰাঁচীত ১৪ বছৰীয়া  জনজাতীয় কিশোৰী  এগৰাকীক যৌন নিৰ্যাতন চলোৱা বুলি উত্থাপিত অভিযোগক লৈ বিধায়ক ভূষণ বাৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা সম্পৰ্কীয় সংবাদ মাধ্যমৰ বাতৰিৰ ভিত্তিত ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ (NCPCR)-এ শিশু অধিকাৰ সুৰক্ষা আয়োগ আইন, ২০০৫ৰ ১৩(১)(j) ধাৰাৰ অধীনত  নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে।

 

১৪ নৱেম্বৰত আয়োগে এই সন্দৰ্ভত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে ৰাঁচীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকলৈ এখন জাননী জাৰি কৰিছিল।

 

এন চি পি চি আৰৰ পঞ্জীয়ক ড০ সুধা চৌধুৰীৰ নেতৃত্বত আয়োগৰ এটা দলে ১৭ নৱেম্বৰত ৰাঁচীলৈ গৈ ঘটনাটোৰ তদন্ত কৰিব।

 

********

RC/PB


(ৰিলিজ আই ডি : 2337234) অতিথি কক্ষ : 17
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil