প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

২০ নৱেম্বৰত গুৰুগ্ৰামত প্ৰাক্তন সৈনিকসকলৰ বাবে নিযুক্তি মেলাৰ আয়োজন কৰিব পুনৰ্বাসন সঞ্চালকালয়ে

পোষ্ট কৰা হৈছে: 16 NOV 2026 5:15PM by PIB Guwahati

প্ৰাক্তন সৈনিকসকল (ESM)-ক অসামৰিক কৰ্মক্ষেত্ৰত পুনৰ সংস্থাপিত কৰা আৰু তেওঁলোকক সহায় কৰাৰ লক্ষ্যৰে হাৰিয়ানাৰ গুৰুগ্ৰামত এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰাক্তন সৈনিক কল্যাণ বিভাগৰ অধীনস্থ পুনৰ্বাসন সঞ্চালকালয় (Directorate General Resettlement–DGR)-এ ২০ নৱেম্বৰত প্ৰাক্তন সৈনিকসকলৰ বাবে নিযুক্তি মেলাৰ আয়োজন কৰিছে।

 

হাৰিয়ানাৰ গুৰুগ্ৰামৰ শ্বহীদ অতুল আত্তাৰী মাৰ্গৰ সমীপৱৰ্তী বায়ুসেনা কেন্দ্ৰৰ ৫৪ এ এছ পিত এই নিযুক্তি মেলা অনুষ্ঠিত হ’ব।

 

এই নিযুক্তি মেলাই ভাৰতীয় স্থলসেনা, নৌসেনা আৰু বায়ুসেনাৰ প্ৰাক্তন সৈনিকসকলক বিভিন্ন ক্ষেত্ৰৰ আগশাৰীৰ কৰ্পৰেট প্ৰতিষ্ঠান আৰু উদ্যোগসমূহৰ নিয়োগকৰ্তাসকলৰ সৈতে পোনপটীয়াকৈ যোগাযোগ স্থাপনৰ এক বিশেষ মঞ্চ প্ৰদান কৰিব। ইয়াৰ ভিতৰত নিৰাপত্তা, তথ্য-প্ৰযুক্তি, প্ৰশাসন, পৰিবহণ আৰু যোগান ব্যৱস্থা, স্বাস্থ্যসেৱা তথা অভিযান্ত্ৰিক ক্ষেত্ৰ অন্তৰ্ভুক্ত থাকিব।

 

এই পদক্ষেপে প্ৰাক্তন সৈনিকসকলৰ পুনৰ্বাসন আৰু কল্যাণৰ প্ৰতি প্ৰাক্তন সৈনিক কল্যাণ বিভাগ (প্ৰতিৰক্ষা মন্ত্ৰালয়) ৰ অব্যাহত প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে। তেওঁলোকৰ অনুশাসন, নেতৃত্ব প্ৰদানৰ দক্ষতা, কাৰিকৰী জ্ঞান আৰু পেছাদাৰী অভিজ্ঞতাৰ মূল্যক স্বীকৃতি দিয়া হৈছে, যিবোৰ অসামৰিক কৰ্মক্ষেত্ৰৰ প্ৰয়োজনীয়তাৰ সৈতে যথেষ্ট প্ৰাসংগিক।

 

২০২৬–২৭ বিত্তীয় বৰ্ষত পুনৰ্বাসন সঞ্চালকালয়ে দেশৰ বিভিন্ন স্থানত প্ৰাক্তন সৈনিকসকলৰ বাবে মুঠ ১৮খন নিযুক্তি মেলাৰ আয়োজন কৰিছে।

 

ডি জি আৰৰ নিযুক্তি মেলাসমূহে প্ৰাক্তন সৈনিকসকলক সম্ভাৱ্য নিয়োগকৰ্তাসকলৰ সন্মুখত নিজৰ দক্ষতা, অভিজ্ঞতা আৰু পেছাদাৰী সামৰ্থ্য প্ৰদৰ্শনৰ এক বিশেষ মঞ্চ প্ৰদান কৰে। একেদৰে, এই মেলাৰ জৰিয়তে বিভিন্ন প্ৰতিষ্ঠানেও অনুশাসিত, দক্ষ আৰু অভিজ্ঞ পেছাদাৰী লোকৰ এটা বৃহৎ গোটৰ সৈতে যোগাযোগ স্থাপনৰ সুযোগ লাভ কৰে।

 

নিয়োগকৰ্তাসকলে বিনামূলীয়াকৈ পঞ্জীয়ন কৰি পঞ্জীয়নভুক্ত প্ৰাক্তন সৈনিকসকলৰ জীৱন-বৃত্তান্ত লাভ কৰাৰ লগতে নিজৰ নিযুক্তিৰ প্ৰয়োজনীয়তা অনুসৰি উপযুক্ত প্ৰাৰ্থী চিনাক্ত কৰিব পাৰিব। তদুপৰি, বাছনি কৰা প্ৰাৰ্থীসকলৰ সাক্ষাৎকাৰ আৰু নিযুক্তি প্ৰক্ৰিয়া নিযুক্তি মেলাৰ সময়তে সম্পন্ন কৰাৰ পৰিকল্পনাও কৰিব পাৰিব। ইয়াৰ ফলত নিয়োগকৰ্তা আৰু কৰ্মসংস্থাপন বিচৰা প্ৰাক্তন সৈনিকসকলৰ মাজত অৰ্থপূৰ্ণ যোগাযোগ সম্ভৱ হ’ব।

 

নিয়োগকৰ্তা আৰু প্ৰাক্তন সৈনিকসকলে প্ৰাক্তন সৈনিকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা কৃত্ৰিম বুদ্ধিমত্তা (AI) চালিত নিযুক্তি মঞ্চ www.esmhire.com-ত অনলাইনযোগে পঞ্জীয়ন কৰিব পাৰিব।

 

পঞ্জীয়নৰ সংযোগ পুনৰ্বাসন সঞ্চালকালয়ৰ ৱেবছাইট www.dgrindia.gov.in-ৰ ‘Job Fair’ বুটামতো উপলব্ধ কৰা হৈছে।

 

পঞ্জীয়ন ইতিমধ্যে মুকলি কৰা হৈছে আৰু প্ৰাক্তন সৈনিক তথা নিয়োগকৰ্তা উভয়ৰে বাবে এই পঞ্জীয়ন সম্পূৰ্ণ বিনামূলীয়া।

 

 নিযুক্তি মেলাৰ তাৰিখ আৰু সময়

 

* তাৰিখ: ২০ নৱেম্বৰ, ২০২৬

 

* সময়: পুৱা ৭ বজাৰ পৰা

 

* স্থান: ৫৪ এ এছ পি, বায়ুসেনা কেন্দ্ৰ, শ্বহীদ অতুল আত্তাৰী মাৰ্গৰ সমীপত, গুৰুগ্ৰাম, হাৰিয়ানা।

 

 অধিক তথ্যৰ বাবে যোগাযোগ কৰিব পাৰে--

 

১/ যুটীয়া সঞ্চালক, ডি আৰ জেড (পশ্চিম): ই-মেইল: drzwcdm@desw.gov.in ফোন: ০১৭২-২৯৯২৬৫২

 

২/ যুটীয়া সঞ্চালক (এছ ই), ডি জি আৰ: ই-মেইল: seopadgr@desw.gov.in ফোন: ০১১-২০৮৬৩৪৩২

 

৩/ সঞ্চালক (এছ ই), ডি জি আৰ: ই-মেইল: dirsedgr@desw.gov.in

 

********

JS/PC/CV/PB


(ৰিলিজ আই ডি : 2337233) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil