পোষ্ট কৰা হৈছে:
16 NOV 2026 5:22PM by PIB Guwahati
কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক ব’ৰ্ড (CBIC)ৰ অধ্যক্ষ শ্ৰী বিবেক চতুৰ্বেদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ৪৫সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা (IITF) ২০২৬ত জি এছ টি আৰু শুল্ক বিভাগৰ পেভিলিয়ন উদ্বোধন কৰে। এই উদ্বোধনী অনুষ্ঠানত চি বি আই চিৰ সদস্যসকলৰ লগতে বিভাগটোৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে।
‘বিকাশ আৰু বিৰাসত’ শীৰ্ষক বিষয়বস্তুৰে অনুষ্ঠিত আই আই টি এফ ২০২৬ৰ অংশ হিচাপে স্থাপন কৰা এই পেভিলিয়নে সামগ্ৰী আৰু সেৱা কৰ (GST) তথা শুল্ক বিভাগৰ ক্ষেত্ৰত চি বি আই চিয়ে গ্ৰহণ কৰা পৰিৱৰ্তনশীল পদক্ষেপসমূহ প্ৰদৰ্শনৰ বাবে এক পাৰস্পৰিক যোগাযোগভিত্তিক মঞ্চ প্ৰদান কৰিছে।
ইয়াত কৰ প্ৰশাসন ব্যৱস্থা সৰল কৰা, ব্যৱসায়-বাণিজ্যৰ পৰিৱেশ অধিক সুচল কৰা, আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত সহায় কৰা আৰু নাগৰিককেন্দ্ৰিক সেৱা প্ৰদান ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ অব্যাহত প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰা হৈছে।
পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি প্ৰক্ৰিয়াৰ সংস্কাৰ আৰু বেগেজ নিয়মাৱলী, ২০২৬ সম্পৰ্কে সজাগতা সৃষ্টিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ জৰিয়তে দৰ্শনাৰ্থীসকলে কৰ আৰু শুল্ক সম্পৰ্কীয় পদ্ধতিত শেহতীয়াকৈ কৰা পৰিৱৰ্তনসমূহ আৰু ইয়াৰ পৰা লাভ কৰিব পৰা সুবিধাসমূহ বুজি পোৱাৰ সুযোগ লাভ কৰিব।
দৰ্শনাৰ্থীসকলক তাৎক্ষণিক সহায় আগবঢ়োৱা আৰু তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ বাবে পেভিলিয়নত বিশেষ সহায়কেন্দ্ৰ স্থাপন কৰা হৈছে। বিষয়া আৰু সংশ্লিষ্ট বিষয়ৰ বিশেষজ্ঞসকলে পৰিচালনা কৰা এই সহায়কেন্দ্ৰসমূহত জি এছ টি, শুল্ক বিভাগ, সামগ্ৰী আৰু সেৱা কৰ নেটৱৰ্ক (GSTN), ইনভইচ পঞ্জীয়ন পৰ্টেল (IRP), আইচগেট (ICEGATE) আৰু কেন্দ্ৰীভূত ৰাজহুৱা অভিযোগ নিষ্পত্তি তথা নিৰীক্ষণ ব্যৱস্থা (CPGRAMS)ৰ সৈতে জড়িত বিষয়সমূহ সামৰি লোৱা হৈছে।
দৰ্শনাৰ্থীসকলে জি এছ টি পঞ্জীয়ন, ৰিটাৰ্ণ দাখিল, ধন ঘূৰাই পোৱা, ই-ইনভইচ ব্যৱস্থা, শুল্ক সম্পৰ্কীয় পদ্ধতি, বেগেজ সম্পৰ্কীয় বিধান, আমদানি-ৰপ্তানি ব্যৱস্থাত সহায় আৰু অভিযোগ নিষ্পত্তিৰ বিষয়ে পৰামৰ্শ লাভ কৰিব পাৰিব।
এই পদক্ষেপে জনসাধাৰণক সহায় আগবঢ়োৱাৰ বাবে একক যোগাযোগ ব্যৱস্থা প্ৰদান কৰাৰ লগতে বিভাগ আৰু নাগৰিকসকলৰ মাজত পোনপটীয়া মত-বিনিময়ৰ সুবিধা সৃষ্টি কৰিছে।
জনসাধাৰণৰ অংশগ্ৰহণ আৰু সজাগতা সৃষ্টিৰ কাৰ্যসূচী অধিক আকৰ্ষণীয় আৰু পাৰস্পৰিক কৰি তুলিবলৈ পেভিলিয়নত বিভিন্ন বয়সৰ দৰ্শনাৰ্থীৰ বাবে কেইবাটাও উদ্ভাৱনীমূলক শৈক্ষিক আৰু মনোৰঞ্জনমূলক কাৰ্যসূচীৰ ব্যৱস্থা কৰা হৈছে।
ইয়াৰ ভিতৰত ভাৰ্চুৱেল ৰিয়েলিটি (VR) গেম, ভেণ্ট্ৰিল’কুইষ্টৰ প্ৰদৰ্শনী, পুতলা নাচ, পাৰস্পৰিক কুইজ, যাদু প্ৰদৰ্শনী, অগমেণ্টেড ৰিয়েলিটি (AR) ছেলফি জ’ন আৰু বাটৰ নাট অন্তৰ্ভুক্ত আছে।
এই কাৰ্যসূচীসমূহ জি এছ টি, শুল্ক বিভাগ আৰু কৰদাতা সেৱাৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বাৰ্তাসমূহ মনোৰঞ্জনমূলক আৰু সহজে বুজিব পৰা ধৰণেৰে উপস্থাপন কৰাৰ উদ্দেশ্যে প্ৰস্তুত কৰা হৈছে। বিশেষকৈ শিশু আৰু যুৱ দৰ্শনাৰ্থীসকলক আকৰ্ষিত কৰাৰ লগতে কৰ পৰিশোধৰ সৰলীকৃত পদ্ধতি আৰু বিভাগটোৰ বিভিন্ন পদক্ষেপৰ বিষয়ে অধিক সজাগতা সৃষ্টিত এই কাৰ্যসূচীসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
পেভিলিয়নত তথ্যসমৃদ্ধ প্ৰদৰ্শনী, শৈক্ষিক সামগ্ৰী আৰু সজাগতামূলক বিষয়বস্তুৰ জৰিয়তে বিভাগটোৰ ডিজিটেল ৰূপান্তৰৰ পদক্ষেপসমূহো প্ৰদৰ্শন কৰা হৈছে। স্বচ্ছতা, দক্ষতা আৰু নিয়ম-নীতি মানি চলাৰ সৰলতা বৃদ্ধিৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ভূমিকাও ইয়াত আলোকপাত কৰা হৈছে।
ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাৰ সমগ্ৰ সময়ছোৱাত (১৪ৰ পৰা ২৭ নৱেম্বৰ) জি এছ টি আৰু শুল্ক বিভাগৰ এই পেভিলিয়ন দৰ্শনাৰ্থীৰ বাবে মুকলি থাকিব।
এই পদক্ষেপে নাগৰিকৰ সৱলীকৰণ, কৰদাতাসকলক সুবিধা প্ৰদান, কৰ সম্পৰ্কীয় নিয়ম-নীতি মানি চলাৰ সৰলতা আৰু দক্ষতাপূৰ্ণ সেৱা প্ৰদানৰ ক্ষেত্ৰত চি বি আই চিৰ অব্যাহত প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে।
*********
KT/KMN/PB