পোষ্ট কৰা হৈছে:
16 NOV 2026 6:33PM by PIB Guwahati
বাণিজ্য, অৰ্থনৈতিক, বৈজ্ঞানিক, প্ৰযুক্তিগত আৰু সাংস্কৃতিক সহযোগিতা বিষয়ক ভাৰত–বেলাৰুছ আন্তঃচৰকাৰী আয়োগৰ দ্বাদশ অধিৱেশন ১৬ নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হয়। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ ৰাজ্য মন্ত্ৰী শ্ৰী জিতিন প্ৰসাদে ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব দিয়ে। আনহাতে, বেলাৰুছ গণৰাজ্যৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মেক্সিম ৰিজেংকভে বেলাৰুছৰ প্ৰতিনিধি দলৰ নেতৃত্ব দিয়ে।
এই অধিৱেশনত দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে বাণিজ্য, অৰ্থনীতি আৰু বিনিয়োগৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰা হয়। দুয়োপক্ষই ভাৰত আৰু বেলাৰুছৰ মাজত দীৰ্ঘদিনীয়া বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ প্ৰশংসা কৰে। লগতে এই অংশীদাৰিত্বক অধিক আগুৱাই নিয়াৰ ক্ষেত্ৰত নিয়মীয়া মত-বিনিময়, প্ৰতিষ্ঠানসমূহৰ মাজত ঘনিষ্ঠ সহযোগিতা আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ অধিক অংশগ্ৰহণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
অৰ্থনৈতিক সহযোগিতাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ক্ষেত্ৰত আলোচনা অনুষ্ঠিত হয়। ইয়াত দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ সম্প্ৰসাৰণৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। দুয়োপক্ষই ২০২৭–২০৩১ বৰ্ষৰ সহযোগিতাৰ ৰোডমেপ সন্দৰ্ভতো আলোচনা কৰে। ভৱিষ্যতৰ অগ্ৰাধিকাৰসমূহ চিনাক্ত কৰা আৰু দ্বিপাক্ষিক অৰ্থনৈতিক সম্পৰ্কক সঠিক দিশ প্ৰদান কৰাৰ ক্ষেত্ৰত ইয়াক এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচনা কৰা হয়।
আলোচনাত অন্তৰ্ভুক্ত হোৱা প্ৰধান খণ্ডসমূহৰ ভিতৰত আছিল— উদ্যোগ, বিত্তীয় আৰু বেংকিং সেৱা, কৃষি আৰু খাদ্য সংসাধন, ঔষধ, স্বাস্থ্যসেৱা, পৰ্যটন, শিক্ষা, সংস্কৃতি, বিজ্ঞান আৰু প্ৰযুক্তি, নিৰ্মাণ তথা শুল্ক বিভাগৰ সহযোগিতা।
ভাৰত–বেলাৰুছ আন্তঃচৰকাৰী আয়োগৰ দ্বাদশ অধিৱেশনৰ প্ৰট’কলত দুয়োগৰাকী যুটীয়া সভাপতিয়ে স্বাক্ষৰ কৰে। ইয়াৰ জৰিয়তে দুয়োখন দেশে দ্বিপাক্ষিক সহযোগিতা অধিক গভীৰ কৰাৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে।
ব্যৱসায়িক প্ৰতিনিধিসকলক সম্বোধন কৰি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী জিতিন প্ৰসাদে ভাৰতৰ ক্ৰমবৰ্ধমান অৰ্থনৈতিক আৰু উৎপাদন খণ্ডৰ সামৰ্থ্যৰ বিষয়ে আলোকপাত কৰে। তেওঁ এই সামৰ্থ্যই বেলাৰুছৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক স্থাপনৰ বাবে সৃষ্টি কৰা সুযোগসমূহৰ বিষয়েও উল্লেখ কৰে।
তেওঁ জোৰ দি কয় যে দুয়োখন দেশৰ মাজত দীৰ্ঘদিনীয়া বন্ধুত্বই ব্যৱহাৰিক আৰু পাৰস্পৰিকভাৱে লাভজনক অৰ্থনৈতিক অংশীদাৰিত্ব গঢ়ি তোলাৰ বাবে এক শক্তিশালী ভেটি প্ৰদান কৰিছে। তেওঁ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক যুটীয়া উদ্যোগ, প্ৰযুক্তিগত অংশীদাৰিত্ব, বিনিয়োগৰ সুযোগ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ মাজত অধিক পোনপটীয়া যোগাযোগৰ সম্ভাৱনা অন্বেষণ কৰিবলৈ উৎসাহিত কৰে।
শ্ৰী জিতিন প্ৰসাদে ঔষধ, কৃষি আৰু ঔদ্যোগিক যন্ত্ৰপাতি, অভিযান্ত্ৰিক, ৰাসায়নিক সামগ্ৰী, ডিজিটেল প্ৰযুক্তি আৰু বৈজ্ঞানিক গৱেষণাৰ দৰে ক্ষেত্ৰত সহযোগিতাৰ সম্ভাৱনাৰ বিষয়ত আলোকপাত কৰে।
তেওঁ দুয়োখন দেশৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক বজাৰত প্ৰৱেশৰ সুবিধা, স্থানীয় অংশীদাৰিত্ব, যৌথ বিকাশ আৰু মানৱবিহীন আকাশী ব্যৱস্থা তথা উন্নত উৎপাদন প্ৰযুক্তিকে ধৰি উদীয়মান ক্ষেত্ৰসমূহত সহযোগিতাৰ সুযোগ অন্বেষণ কৰিবলৈও উৎসাহিত কৰে।
আন্তঃচৰকাৰী আয়োগৰ দ্বাদশ অধিৱেশনৰ সমান্তৰালভাৱে ১৬ নৱেম্বৰত নতুন দিল্লীত ভাৰত–বেলাৰুছ ব্যৱসায় আৰু বিনিয়োগ মঞ্চৰো আয়োজন কৰা হয়।
এই মঞ্চত ভাৰত আৰু বেলাৰুছৰ ব্যৱসায়িক প্ৰতিনিধি, উদ্যোগিক সংস্থা আৰু চৰকাৰী প্ৰতিষ্ঠানসমূহে অংশগ্ৰহণ কৰে। ইয়াৰ জৰিয়তে পোনপটীয়া মত-বিনিময়, ধাৰণাৰ আদান-প্ৰদান আৰু বাণিজ্য, বিনিয়োগ তথা বাণিজ্যিক সহযোগিতাৰ নতুন ক্ষেত্ৰসমূহ অন্বেষণৰ সুযোগ সৃষ্টি হয়।
এই মঞ্চত অটোম’বাইল আৰু কৃষি যন্ত্ৰপাতি, খনন সঁজুলি, ঔষধ, ৰাসায়নিক সামগ্ৰী, মাইক্ৰ’ইলেক্ট্ৰনিকছ, বেংকিং, কৃষি আৰু অভিযান্ত্ৰিককে ধৰি বিভিন্ন খণ্ডক প্ৰতিনিধিত্ব কৰা বেলাৰুছৰ কোম্পানীসমূহে অংশগ্ৰহণ কৰে।
আলোচনাত যুটীয়া উদ্যোগ স্থাপন, প্ৰযুক্তি হস্তান্তৰ, উৎপাদন ব্যৱস্থাৰ স্থানীয়কৰণ, গৱেষণা আৰু বিকাশ তথা যোগান শৃংখলৰ অধিক শক্তিশালী সংযোগৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব দিয়া হয়।
কৃষি আৰু অসামৰিক ব্যৱহাৰৰ মানৱবিহীন আকাশী ব্যৱস্থা, ঔষধৰ ক্ষেত্ৰত সহযোগিতা, খনন সঁজুলি, পানী পৰিশোধন প্ৰযুক্তি আৰু খাদ্য সংসাধনৰ ক্ষেত্ৰসমূহকো ভৱিষ্যতৰ সহযোগিতাৰ সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰ হিচাপে উল্লেখ কৰা হয়।
দুয়োপক্ষই ব্যৱসায়িক সমাজসমূহৰ মাজত নিয়মীয়া যোগাযোগ অব্যাহত ৰখাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে আৰু আলোচনাৰ সময়ত চিনাক্ত কৰা সুযোগসমূহ বাস্তৱায়িত কৰিবলৈ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক উৎসাহিত কৰে।
ভাৰত আৰু বেলাৰুছে চিনাক্ত কৰা খণ্ডসমূহত সহযোগিতা সম্প্ৰসাৰণ আৰু অৰ্থনৈতিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে একেলগে কাম কৰি যোৱাৰ সহমত প্ৰকাশ কৰে।
দুয়োপক্ষই ২০২৭ চনত ভাৰত–বেলাৰুছ আন্তঃচৰকাৰী আয়োগৰ ত্ৰয়োদশ অধিৱেশন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো সহমতত উপনীত হয়। অধিৱেশনৰ তাৰিখ আৰু কাৰ্যসূচী কূটনৈতিক মাধ্যমৰ জৰিয়তে চূড়ান্ত কৰা হ’ব।
********
Abhishek Dayal/ Abhijith Narayanan/ Ishita Biswas/PB