গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

পুনেত মহাৰাষ্ট্ৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ প্ৰতিমূৰ্তি উন্মোচন অনুষ্ঠানত ভাষণ দিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে

অজিত পাৱাৰৰ অকাল মৃত্যু মহাৰাষ্ট্ৰৰ বাবে, বিশেষকৈ পুনেৰ বাবে এক অপূৰণীয় ক্ষতি।

পঞ্চায়তীৰাজ, সমবায়, কৃষি আৰু আধুনিক নগৰ উন্নয়নৰ ক্ষেত্ৰত সুদূৰপ্ৰসাৰী দৃষ্টিভংগী থকা এগৰাকী জননেতাক আমি হঠাতে হেৰুৱালোঁ। অজিত পাৱাৰ আৰু আমাৰ মাজত নাই কথাষাৰ আজিও বিশ্বাস কৰিবলৈ কঠিন।

দুগ্ধ সমবায় সংঘই হওক, প্ৰাথমিক কৃষি ঋণ সমিতি (PACS), চেনি কল, নগৰীয়া সমবায় বেংক অথবা জিলা সমবায় বেংকেই হওক, সমবায় খণ্ডৰ প্ৰতিটো সমস্যা সমাধানৰ ক্ষেত্ৰত অজিত পাৱাৰ আছিল জ্ঞানৰ এক ভঁৰাল।

অতি জটিল আৰু প্ৰত্যাহ্বানমূলক বিষয়তো অজিত পাৱাৰ নিজৰ স্পষ্টবাদিতা আৰু স্পষ্ট মতামতৰ বাবে পৰিচিত আছিল। ৰাজনীতিত এনে সাহস আৰু দৃঢ় বিশ্বাস খুব কম লোকৰ মাজতহে দেখা যায়।

মোদী চৰকাৰে সমবায় চেনি কলসমূহৰ দ্বৈত কৰ আৰোপৰ সমস্যা সমাধান কৰাৰ সময়ত অজিত পাৱাৰে মন্তব্য কৰিছিল, “ইয়াতকৈ অধিক সকাহ সমবায় চেনি উদ্যোগৰ বাবে আন একো হ'ব নোৱাৰে।”

আমাৰ মিত্ৰজোঁটত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণৰ সময়ত অজিত পাৱাৰে কৈছিল, “নৰেন্দ্ৰ মোদীজী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত দেশৰ উন্নয়নক মিত্ৰজোঁটৰ পৰা পৃথক দৃষ্টিৰে চাব নোৱাৰি।”

অজিত পাৱাৰৰ বাবে দলীয় কৰ্মীসকল সদায় প্ৰথম স্থানত আছিল। তেওঁ নিৰ্ভীকভাৱে দলীয় কৰ্মীসকলৰ অধিকাৰৰ বাবে যুঁজ দিছিল আৰু সকলো সময়তে তেওঁলোকৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিছিল।

বাৰামতীৰ পৰা মহাৰাষ্ট্ৰৰ শীৰ্ষ নেতৃত্বলৈ উন্নীত হোৱাৰ পিছতো অজিত পাৱাৰে নিজৰ শিপাৰ সৈতে গভীৰভাৱে জড়িত হৈ আছিল। উচ্চ পদবীত অধিষ্ঠিত হোৱাৰ পিছতো প্ৰতিটো আলোচনাতে নিজৰ সমষ্টিৰ উন্নয়নক তেওঁ সৰ্বাধিক অগ্ৰাধিকাৰ দিছিল।

উপ-মুখ্যমন্ত্ৰীৰ দায়িত্বত থকাৰ সময়তো অজিত পাৱাৰে বাৰামতীলৈ গৈ জনসাধাৰণৰ অভাৱ-অভিযোগ শুনিবলৈ ৰাজহুৱা শুনানিৰ ব্যৱস্থা কৰিছিল। জীৱনৰ শেষ সময়লৈকে তেওঁ জনসাধাৰণৰ সৈতে সম্পৰ্ক অটুট ৰাখিছিল আৰু সকলোৰে বাবে সহজলভ্য হৈ আছিল।

ক'ভিড-১৯ মহামাৰীৰ সময়ত তেওঁ পুৱা ৭ বজাতে সচিবালয়ত উপস্থিত হৈছিল। সাহায্য আৰু উদ্ধাৰ অভিযানৰ প্ৰতিটো দিশৰ তদাৰক কৰাৰ ক্ষেত্ৰত তেওঁৰ অসাধাৰণ কৰ্মনিষ্ঠা তথা তৎপৰতা পৰিলক্ষিত হৈছিল।

পোষ্ট কৰা হৈছে: 16 NOV 2026 4:03PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি পুনেত মহাৰাষ্ট্ৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ প্ৰতিমূৰ্তি উন্মোচনী অনুষ্ঠানত ভাষণ প্ৰদান কৰে।এই অনুষ্ঠানত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফডণবীস, উপ-মুখ্যমন্ত্ৰী শ্ৰী একনাথ শিন্দে, শ্ৰীমতী সুনেত্ৰা পাৱাৰ, কেন্দ্ৰীয় সমবায় বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী মুৰলীধৰ মহোলকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

 

WhatsApp Image 2026-11-16 at 15.54.41.jpeg

 

শ্ৰী অমিত শ্বাহে কয় যে ‘দাদা’ অজিত পাৱাৰৰ আকস্মিক মৃত্যু মহাৰাষ্ট্ৰৰ বাবে, বিশেষকৈ পুনে, বাৰামতী আৰু পিম্পৰি-চিঞ্চৱাড় অঞ্চলৰ বাবে এক অপূৰণীয় ক্ষতি।তেওঁ কয় যে তেওঁৰ আকস্মিক মৃত্যুৰ ফলত সৃষ্টি হোৱা শূন্যতা কোনো এজন ব্যক্তিয়ে পূৰণ কৰিব নোৱাৰে। সমগ্ৰ মহাৰাষ্ট্ৰৰ বাবে এয়া ইমানেই বৃহৎ ক্ষতি যে ইয়াৰ ক্ষতিপূৰণ কোনো প্ৰকাৰে সম্ভৱ নহয়।শ্ৰী শ্বাহে কয় যে অজিত পাৱাৰৰ মৃত্যু তেওঁৰ বাবেও এক ব্যক্তিগত ক্ষতি। পাৱাৰ আছিল তেওঁৰ এগৰাকী ভাল বন্ধু।তেওঁ লগতে কয় যে অজিত পাৱাৰৰ প্ৰয়াণৰ লগে লগে আমি এগৰাকী জননেতাক হেৰুৱালোঁ, যাৰ উন্নয়নৰ ক্ষেত্ৰত গভীৰ দৃষ্টিভংগী আছিল আৰু পঞ্চায়তীৰাজ, সমবায়, কৃষি তথা আধুনিক নগৰ উন্নয়নৰ ক্ষেত্ৰত আছিল দীৰ্ঘ অভিজ্ঞতা আৰু সুস্পষ্ট চিন্তাধাৰা।কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে অজিত পাৱাৰৰ ব্যক্তিত্ব ইমানেই প্ৰাণৱন্ত আৰু ইতিবাচক আছিল যে চকু মুদিলেই এনে লাগে যেন ‘দাদা’ এতিয়াও আমাৰ সন্মুখত থিয় হৈ আছে।তেওঁক কেতিয়াও উদাস  অৱস্থাত দেখা পোৱা নগৈছিল। সদায় হাঁহিমুখীয়া চেহেৰা, ইতিবাচক চিন্তাধাৰা আৰু নিজৰ ধাৰণাক বাস্তৱ ৰূপ দিয়াৰ ক্ষমতা—এনে বিৰল গুণ ঈশ্বৰে অতি কম সংখ্যক লোককহে প্ৰদান কৰে।শ্ৰী শ্বাহে কয় যে অজিত পাৱাৰ আছিল এগৰাকী স্পষ্টবাদী ব্যক্তি। কোনো কাম কৰিব পৰা হ'লে তেওঁ ‘হয়’ বুলি কৈছিল আৰু কৰিব নোৱাৰিলে ‘নহয়’ বুলি স্পষ্টকৈ জনাইছিল।ৰাজনীতিৰ অতি জটিল আৰু নিৰ্ণায়ক আলোচনাৰ সময়তো ‘দাদা’ সদায় স্পষ্ট আৰু পোনপটীয়া আছিল। তেওঁৰ উত্তৰ সদায় ‘হয়’ অথবা ‘নহয়’ আছিল। এনে সাহস অতি কম লোকৰহে থাকে।

WhatsApp Image 2026-11-16 at 15.55.03.jpeg

শ্ৰী অমিত শ্বাহে কয় যে অজিত পাৱাৰে বাৰামতীৰ পৰা নিজৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰি মহাৰাষ্ট্ৰৰ শীৰ্ষ নেতৃত্বত উপনীত হৈছিল।সৰ্বোচ্চ স্থানত উপনীত হোৱাৰ পিছতো তেওঁ তৃণমূল পৰ্যায়ৰ জনসাধাৰণৰ সৈতে সম্পৰ্ক অটুট ৰাখিছিল।শ্ৰী শ্বাহে কয় যে ‘দাদা’ই তেওঁৰ সৈতে সদায় অতি আপোনভাবেৰে আৰু অধিকাৰ বোধেৰে কথা পাতিছিল। এনে সম্পৰ্ক তেতিয়াহে সম্ভৱ হয়, যেতিয়া হৃদয়ত গভীৰ স্নেহ থাকে।কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে অজিত পাৱাৰে নিজৰ সমগ্ৰ জীৱন সমবায় খণ্ডৰ উন্নয়নৰ বাবে উৎসৰ্গা কৰিছিল আৰু এই ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ কাম সম্পন্ন কৰিছিল।তেওঁ কয় যে ‘দাদা’ৰ কামৰ প্ৰতি এনে গভীৰ বুজাবুজি আছিল যে কোনটো বিষয় গুৰুত্বপূৰ্ণ আৰু কোনটো বিষয়ত অধিক গুৰুত্ব দিব লাগে, সেই কথা তেওঁ ভালদৰেই জানিছিল।কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ক'ভিড-১৯ মহামাৰীৰ দ্বিতীয় ঢৌৰ সময়ত যেতিয়া তেওঁ প্ৰতিদিনে ৰাজ্য চৰকাৰসমূহৰ সৈতে কথা পাতিছিল, তেতিয়া অজিত পাৱাৰজী পুৱা ৭ বজাৰ পৰাই সচিবালয়ত উপস্থিত থাকিছিল।তেওঁ ফোনকলৰ উত্তৰ তৎক্ষণাৎ দিছিল আৰু দুপৰীয়াৰ ভিতৰতে অক্সিজেনসহ অন্যান্য অত্যাৱশ্যকীয় ব্যৱস্থাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে দ্ৰুত পদক্ষেপ গ্ৰহণ কৰাটো নিশ্চিত কৰিছিল।

 

WhatsApp Image 2026-11-16 at 15.54.21.jpeg

 

তেওঁ লগতে স্মৰণ কৰে যে সেই সময়ত ক'ভিডত আক্ৰান্ত হোৱাৰ আশংকাৰ বাবেই বাহিৰলৈ ওলাই যোৱাটোও এক জটিল কাম আছিল।ইয়াৰ পিছতো অজিত পাৱাৰজীয়ে  নিজৰ কাৰ্যালয়ত উপস্থিত থাকি সমগ্ৰ ৰাজ্য চৰকাৰৰ হৈ সাহায্য তথা  উদ্ধাৰ অভিযানৰ নেতৃত্ব প্ৰদান কৰিছিল।

শ্ৰী শ্বাহে কয় যে এয়া সঁচাকৈয়ে আছিল এক অসাধাৰণ কৰ্মনিষ্ঠাৰ নিদৰ্শন।কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে দুগ্ধ সমবায় সংঘ, প্ৰাথমিক কৃষি ঋণ সমিতি (PACS), চেনি কল, নগৰীয়া সমবায় বেংক অথবা জিলা সমবায় বেংক—সমবায় খণ্ডৰ প্ৰতিটো ক্ষেত্ৰৰ সমস্যা আৰু সমাধানৰ কথা ক'বলৈ গ'লে এটা নামেই মনলৈ আহে, সেয়া হৈছে অজিত পাৱাৰ।

তেওঁ কয় যে সমবায় খণ্ডৰ গুৰুত্বৰ প্ৰতি গভীৰ উপলব্ধি  তথা কৃষক, গাঁও তথা দৰিদ্ৰ দুগ্ধ উৎপাদক মহিলাসকলৰ প্ৰতি আন্তৰিক দায়বদ্ধতা থাকিলেহে এনে জ্ঞান আহৰণ কৰা সম্ভৱ।সমবায় খণ্ডৰ দুৰ্বলতা, শক্তি আৰু প্ৰশাসনিক ব্যৱস্থাৰ বিষয়ে কোনো কিতাপ পঢ়ি সম্পূৰ্ণৰূপে জ্ঞান লাভ কৰিব নোৱাৰি।এই জ্ঞান তেতিয়াহে আহে, যেতিয়া কোনো ব্যক্তিয়ে তৃণমূল পৰ্যায়ৰ পৰা শীৰ্ষ পৰ্যায়লৈকে এই খণ্ডৰ সৈতে জড়িত হৈ কাম কৰে।

 

 

শ্ৰী শ্বাহে কয় যে অজিত পাৱাৰে কেৱল মহাৰাষ্ট্ৰৰ সমবায় খণ্ডক সুন্দৰভাৱে গঢ়ি তোলাই নহয়, ইয়াক অধিক আগুৱাই নিয়াৰ লগতে ইয়াৰ সমস্যাসমূহ সমাধানৰ বাবেও নিৰন্তৰ কঠোৰ পৰিশ্ৰম কৰিছিল।শ্ৰী অমিত শ্বাহে কয় যে উপ-মুখ্যমন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈও অজিত পাৱাৰে জীৱনৰ শেষ সময়লৈকে জনসাধাৰণৰ মাজত থকাৰ অভ্যাস অটুট ৰাখিছিল।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে অজিত পাৱাৰজী আছিল কৰ্মৰ প্ৰতি গভীৰভাৱে সমৰ্পিত এগৰাকী নেতা।ঈশ্বৰে তেওঁক বহু আগতেই আমাৰ মাজৰ পৰা লৈ গ'ল আৰু তেওঁৰ অকাল মৃত্যুত আমি সকলোৱে শোকাহত।কিন্তু তেওঁ কৰি থৈ যোৱা কাম আৰু তেওঁ প্ৰতিষ্ঠা কৰি থৈ যোৱা কৰ্মসংস্কৃতিয়ে মহাৰাষ্ট্ৰৰ বহু যুৱ ৰাজনীতিকক আগন্তুক বছৰবোৰতো অনুপ্ৰাণিত কৰি থাকিব।জনসাধাৰণৰ সমস্যাৰ প্ৰতি সংবেদনশীলতা, সুপৰিকল্পিত কৰ্মপদ্ধতি, অনুশাসন আৰু সময়মতে কাম সম্পন্ন কৰাৰ যি নিদৰ্শন তেওঁ দাঙি ধৰিছিল, সেয়া নতুন প্ৰজন্মৰ ৰাজনৈতিক কৰ্মীসকলৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ থাকিব।

***

RK/RR/PR/PS/DM


(ৰিলিজ আই ডি : 2337046) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Gujarati