কৃষি মন্ত্ৰালয়
azadi ka amrit mahotsav

চলিত বছৰৰ ১৭ৰ পৰা ২০ নৱেম্বৰলৈকে কোচিত আন্তঃৰাষ্ট্ৰীয় নাৰিকল সম্প্ৰদায়ৰ ৬২সংখ্যক অধিৱেশন আৰু মন্ত্ৰী পৰ্যায়ৰ বৈঠক আয়োজন ভাৰতৰ

নাৰিকল উৎপাদনকাৰী দেশসমূহৰ মাজত অধিক সহযোগিতা বৃদ্ধি আৰু বিশ্বৰ নাৰিকল উদ্যোগৰ বহনক্ষম উন্নয়নৰ দিশত সামূহিক প্ৰচেষ্টা শক্তিশালী কৰাৰ লক্ষ্য এই বৈঠকৰ

পোষ্ট কৰা হৈছে: 16 NOV 2026 3:29PM by PIB Guwahati

ভাৰতত ১৭ৰ পৰা ২০ নৱেম্বৰ, ২০২৬লৈকে কেৰালাৰ কোচিত আন্তঃৰাষ্ট্ৰীয় নাৰিকল সম্প্ৰদায় (ICC)-ৰ ৬২সংখ্যক অধিৱেশন আৰু মন্ত্ৰী পৰ্যায়ৰ বৈঠক আয়োজন কৰা হৈছে। এই আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানটো ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনস্থ নাৰিকল উন্নয়ন ব’ৰ্ড (CDB) আৰু ইণ্ডোনেছিয়াৰ জাকাৰ্টাস্থিত আন্তঃৰাষ্ট্ৰীয় নাৰিকল সম্প্ৰদায় (ICC)-ৰ যুটীয়া উদ্যোগত আয়োজন কৰা হৈছে।

১৯৬৯ চনত ৰাষ্ট্ৰসংঘৰ এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ অৰ্থনৈতিক আৰু সামাজিক আয়োগৰ (UN-ESCAP) পৃষ্ঠপোষকতাত প্ৰতিষ্ঠা হোৱা আন্তঃৰাষ্ট্ৰীয় নাৰিকল সম্প্ৰদায় (ICC) হৈছে নাৰিকল উৎপাদনকাৰী দেশবোৰক লৈ গঠিত এটা আন্তঃচৰকাৰী সংস্থা। সংস্থাটোৱে সদস্য দেশবোৰক বিশ্বৰ নাৰিকল খণ্ডৰ উন্নয়ন সম্পৰ্কীয় বিষয়বোৰৰ আলোচনা-বিলোচনা, সহযোগিতা আৰু অংশীদাৰিত্বৰ প্ৰসাৰ তথা নাৰিকল উদ্যোগৰ বহনক্ষম বিকাশৰ সম্ভাৱনা অন্বেষণ কৰাৰ বাবে এখন উমৈহতীয়া মঞ্চ প্ৰদান কৰে।

প্ৰস্তাৱিত অধিৱেশনত ভাৰতৰ কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ ৰাজ্য মন্ত্ৰী শ্ৰী ৰামনাথ ঠাকুৰৰ লগতে এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ আন্তঃৰাষ্ট্ৰীয় নাৰিকল সম্প্ৰদায় (ICC)-ৰ সদস্য দেশবোৰৰ মন্ত্ৰী আৰু জ্যেষ্ঠ চৰকাৰী প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি, আন্তঃৰাষ্ট্ৰীয় সংস্থাবোৰৰ প্ৰতিনিধি, বিজ্ঞানী, গৱেষক, উদ্যোগ খণ্ডৰ অংশীদাৰ আৰু অন্যান্য বিশিষ্ট প্ৰতিনিধিসকলেও এই বৈঠকত অংশগ্ৰহণ কৰাৰ কথা আছে।

অহা ১৭ নৱেম্বৰত (২০২৬)কোচিত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব। ভাৰতৰ কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ ৰাজ্য মন্ত্ৰী শ্ৰী ৰামনাথ ঠাকুৰে অনুষ্ঠানটো উদ্বোধন কৰিব। ভাৰত চৰকাৰৰ কৃষি সচিব শ্ৰী অতীশ চন্দ্ৰ, আই এ এছ-এ সভাপতিৰ ভাষণ দিব।

মাৰ্শ্বেল দ্বীপপুঞ্জৰ প্ৰাকৃতিক সম্পদ আৰু বাণিজ্য মন্ত্ৰী এন্থনী মুলাৰ, কিৰিবাটিৰ পৰ্যটন, বাণিজ্য, উদ্যোগ আৰু সমবায় বিভাগৰ সহযোগী মন্ত্ৰী টাংৰিকি ৰীটে আৰু ছামোৱাৰ কৃষি আৰু মীন বিভাগৰ সহযোগী মন্ত্ৰী এইচ ই আইঅলুপোটেয়া মিছা টনী আইঅলুপোৱে বিশেষ বক্তব্য আগবঢ়াব।

উদ্বোধনী অনুষ্ঠানৰ অংশ হিচাপে নাৰিকল খণ্ডত উৎকৰ্ষতাৰ স্বীকৃতি স্বৰূপে তিনিটা শিতানত আন্তঃৰাষ্ট্ৰীয় নাৰিকল সম্প্ৰদায় (ICC)-ৰ প্ৰশংসামূলক স্মাৰক প্ৰদান কৰা হ’ব। শিতানকেইটা হৈছে— শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় নাৰিকল খেতিয়ক, বিশিষ্ট নাৰিকল বিজ্ঞানী/গৱেষক আৰু শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় নাৰিকল উদ্যোগী।

চাৰিদিনীয়া এই অধিৱেশন আৰু মন্ত্ৰী পৰ্যায়ৰ বৈঠকে সদস্য দেশবোৰক বিশ্বৰ নাৰিকল উদ্যোগৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়বোৰৰ আলোচনা-বিলোচনা, অভিজ্ঞতা আৰু উত্তম পদ্ধতিবিলাকৰ আদান-প্ৰদান, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী তথা এই খণ্ডৰ উদীয়মান প্ৰত্যাহ্বান আৰু সম্ভাৱনাবিলাকৰ মোকাবিলা কৰাৰ বাবে সহযোগিতামূলক কৌশল অন্বেষণৰ গুৰুত্বপূৰ্ণ সুযোগ প্ৰদান কৰিব। এই বৈঠকে নাৰিকল উৎপাদনকাৰী দেশবোৰৰ মাজত অধিক সহযোগিতা গঢ়ি তোলাৰ লগতে বিশ্বৰ নাৰিকল উদ্যোগৰ বহনক্ষম উন্নয়নৰ দিশত সামূহিক প্ৰচেষ্টা শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।

 

 

****

SS/MS/PK


(ৰিলিজ আই ডি : 2336976) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Malayalam