উপ-ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

ভুৱনেশ্বৰত ১৭সংখ্যক ওড়িশা বিধানসভাৰ সদস্যসকলৰ বাবে আয়োজিত দিগবলন কাৰ্যসূচীত উপ-ৰাষ্ট্ৰপতিৰ ভাষণ

উপ-ৰাষ্ট্ৰপতিয়ে জনপ্ৰতিনিধিসকলক নিষ্ঠাপূৰ্ণ সেৱাৰ জৰিয়তে গণতান্ত্ৰিক মূল্যবোধ অক্ষুণ্ণ ৰাখিবলৈ আৰু জনসাধাৰণৰ আস্থা সুদৃঢ় কৰিবলৈ আহ্বান জনায়

গণতন্ত্ৰক সুদৃঢ় কৰাৰ বাবে সুস্থ বিতৰ্ক আৰু গঠনমূলক সহযোগিতা অপৰিহাৰ্য : উপ-ৰাষ্ট্ৰপতি

বিধানসভাৰ কামকাজত কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু ডিজিটেল প্ৰযুক্তিৰ অধিক ব্যৱহাৰৰ আহ্বান উপ-ৰাষ্ট্ৰপতিৰ

‘বিকশিত ভাৰত ২০৪৭’ৰ দিশে ভাৰতৰ যাত্ৰাত ওড়িশাৰ প্ৰগতি অত্যন্ত গুৰুত্বপূৰ্ণ : উপ-ৰাষ্ট্ৰপতি

পোষ্ট কৰা হৈছে: 16 NOV 2026 12:39PM by PIB Guwahati

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণে আজি ভুৱনেশ্বৰত ওড়িশা ১৭সংখ্যক বিধানসভাৰ সদস্যসকলৰ বাবে আয়োজিত দিগবলন কাৰ্যসূচীত ভাষণ দিয়ে। ভাৰতৰ সমৃদ্ধ গণতান্ত্ৰিক পৰম্পৰা অক্ষুণ্ণ ৰাখিবলৈ বিধায়কসকলক আহ্বান জনাই তেওঁ গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহক সুদৃঢ় কৰাৰ ক্ষেত্ৰত গঠনমূলক বিতৰ্ক, তথ্যসমৃদ্ধ আলোচনা, বিধায়িনী কামকাজৰ দক্ষতা আৰু জনতাকেন্দ্ৰিক শাসন ব্যৱস্থাত বিশেষ গুৰুত্ব আৰোপ কৰে।

উপ-ৰাষ্ট্ৰপতিয়ে দিগবলন কাৰ্যসূচী আয়োজন কৰাৰ বাবে বিধানসভাৰ অধ্যক্ষা শ্ৰীমতী সুৰমা পাধীক প্ৰশংসা কৰে। তেওঁ কয় যে এনে ব্যৱস্থাবোৰে গণতান্ত্ৰিক প্ৰতিষ্ঠানবিলাকক সুদৃঢ় কৰাৰ লগতে বিধায়কসকলক তেওঁলোকৰ সাংবিধানিক দায়িত্ব ফলপ্ৰসূভাৱে ৰূপায়ন কৰিবলৈ সক্ষম কৰি তোলে।

ভাৰতৰ প্ৰাচীন গণতান্ত্ৰিক পৰম্পৰাৰ কথা উল্লেখ কৰি উপ-ৰাষ্ট্ৰপতিয়ে বৈশালীৰ গণতান্ত্ৰিক প্ৰতিষ্ঠানবিলাক আৰু চোল যুগৰ ‘কুডাভোলাই’ ব্যৱস্থাৰ উদাহৰণ দাঙি ধৰি কয় যে ভাৰতৰ সভ্যতাৰ ইতিহাসত গণতন্ত্ৰৰ শিপা গভীৰভাৱে প্ৰোথিত হৈ আছে। তেওঁ কয় যে ‘গণতন্ত্ৰৰ জননী’ হিচাপে ভাৰতে যথাৰ্থভাৱেই গৌৰৱ অনুভৱ কৰে। তেওঁ ওড়িশাৰ বিধায়কসকলক এই গৌৰৱোজ্জ্বল ঐতিহ্যৰ মৰ্যাদা ৰক্ষা কৰি চলিবলৈ আহ্বান জনায়।

নিৰ্বাচনী বিজয়ক অৰ্থপূৰ্ণ জনসেৱাৰ ৰূপ দিয়াত গুৰুত্ব আৰোপ কৰি উপ-ৰাষ্ট্ৰপতিয়ে কয়, “আমি নিৰ্বাচনত ভোটৰ জৰিয়তে জয়লাভ কৰোঁ, কিন্তু কেৱল আমাৰ সেৱাৰ জৰিয়তেহে জনসাধাৰণৰ সন্মান অৰ্জন কৰিব পাৰোঁ।” তেওঁ মন্তব্য কৰে যে বিধানসভা কেৱল বিতৰ্কৰ মঞ্চতে সীমাবদ্ধ নহয়; কিয়নো ইয়াত প্ৰণয়ন কৰা প্ৰতিটো নীতি, উত্থাপন কৰা প্ৰতিটো প্ৰশ্ন আৰু গৃহীত কৰা প্ৰতিখন আইনে অসংখ্য নাগৰিকৰ জীৱন উন্নত কৰাৰ সম্ভাৱনা বহন কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিকল্পনা কৰা ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ সপোনৰ কথা উল্লেখ কৰি তেওঁ কয় যে ওড়িশাৰ প্ৰগতি ভাৰতৰ সামগ্ৰিক প্ৰগতিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। ২০৩৬ চনত এখন প্ৰদেশ হিচাপে গঠনৰ শতবৰ্ষ উদযাপনৰ দিশে ৰাজ্যখন আগবাঢ়ি যোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁ ওড়িশাক এখন উন্নত, সমৃদ্ধিশালী আৰু সৰ্বাংগীণ বিকশিত ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ‘ভিজন ওড়িশা ২০৩৬’ৰ গুৰুত্বত আলোকপাত কৰে। তেওঁ আশা প্ৰকাশ কৰে যে যুৱক-যুৱতীসকলৰ বাবে সুযোগ সৃষ্টি কৰা আৰু প্ৰতিখন গাঁও তথা প্ৰতিটো পৰিয়াললৈ উন্নয়নৰ সুফল পোৱাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত বিধায়কসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

বিধানসভাৰ কাৰ্যক্ৰমণিকাত আহি পৰা বাধা-বিঘিনিৰ বিষয়টো উত্থাপন কৰি উপ-ৰাষ্ট্ৰপতিয়ে কয় যে ভিন্নমতে জনসাধাৰণ আৰু সংবিধানৰ প্ৰতি থকা বৃহত্তৰ দায়বদ্ধতাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব নালাগে। তেওঁ মন্তব্য কৰে, “গণতন্ত্ৰত আমি মতভেদৰ ক্ষেত্ৰতো একমত হ’ব পাৰোঁ, কিন্তু এটা বিষয়ত আমি সকলোৱে একমত হোৱা উচিত—সেয়া হৈছে জনসাধাৰণ আৰু সংবিধানৰ প্ৰতি আমাৰ দায়বদ্ধতা।” “বিতৰ্ক, আলোচনা অথবা কেতিয়াবা বাধা-বিঘিনিৰ পৰাও অৱশেষত এটা সিদ্ধান্তত উপনীত হ’ব লাগিব” বুলি পুনৰ উল্লেখ কৰি তেওঁ গণতন্ত্ৰক সুদৃঢ় কৰা আৰু ৰাষ্ট্ৰীয় উন্নয়নক আগুৱাই নিয়াৰ বাবে সুস্থ বিতৰ্ক আৰু গঠনমূলক সহযোগিতাৰ আহ্বান জনায়।

নিৰন্তৰ শিক্ষা গ্ৰহণ আৰু প্ৰস্তুতিৰ গুৰুত্বত আলোকপাত কৰি উপ-ৰাষ্ট্ৰপতিয়ে বিধায়কসকলক বিধায়িনী সম্পৰ্কীয় নিয়ম-নীতি আৰু কাৰ্যপদ্ধতি, বাজেট প্ৰক্ৰিয়া, সমিতি ব্যৱস্থা, সংসদীয় পৰম্পৰা আৰু নৈতিকতাৰ বিষয়ে পুংখানুপুংখভাৱে জ্ঞান আহৰণ কৰিবলৈ আহ্বান জনায়।

তেওঁ বিশেষভাৱে প্ৰশ্নকাল আৰু শূন্যকালৰ গুৰুত্বত আলোকপাত কৰি এই দুয়োটাক বিধায়কসকলৰ বাবে নিজ নিজ সমষ্টিৰ সৈতে জড়িত সমস্যা আৰু গুৰুত্বপূৰ্ণ নীতিগত বিষয়সমূহ উত্থাপন কৰাৰ অতি গুৰুত্বপূৰ্ণ সুযোগ হিচাপে অভিহিত কৰে। এই গুৰুত্বপূৰ্ণ সংসদীয় ব্যৱস্থাসমূহ যাতে কোনো ধৰণৰ বাধা-বিঘিনি নোহোৱাকৈ চলি থাকিব পাৰে, তাৰ বাবে তেওঁ বিধায়কসকলক অধ্যক্ষৰ সৈতে সহযোগিতা কৰিবলৈ আহ্বান জনায়।

উপ-ৰাষ্ট্ৰপতিয়ে সদনৰ কাৰ্যসূচী সম্পৰ্কে সহমত গঢ়ি তোলাৰ ক্ষেত্ৰত কাৰ্য পৰামৰ্শদাতা সমিতি (Business Advisory Committee–BAC)ৰ ভূমিকাতো গুৰুত্ব আৰোপ কৰে। তেওঁ মন্তব্য কৰে যে সমিতিৰ ভিতৰত অধিক সহমত গঢ়ি উঠিলে বিধানসভাৰ কাৰ্যক্ৰমণিকা অধিক মসৃণ আৰু ফলপ্ৰসূ হোৱাত সহায়ক হ’ব।

বিধানসভাৰ কামকাজত প্ৰযুক্তিৰ ক্ৰমবৰ্ধমান ভূমিকাৰ কথা উল্লেখ কৰি উপ-ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰীয় ই-বিধান এপ্লিকেচনৰ অধীনত ওড়িশা বিধানসভাত ডিজিটেল সদন (Digital House)ৰ ব্যৱস্থাক আদৰণি জনায়। ৰাজ্যসভাত ডিজিটেল মঞ্চৰ বৰ্ধিত ব্যৱহাৰৰ কথা উল্লেখ কৰি তেওঁ কয় যে প্ৰযুক্তিৰ সহায়ত এতিয়া সংসদীয় নথি-পত্ৰ, প্ৰশ্ন আৰু বিতৰ্কসমূহ একাধিক ভাষাত পোৱাৰ সুবিধা হৈছে। বিধানসভাৰ প্ৰতিষ্ঠানসমূহক ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ বাবে সাজু কৰি তুলিবলৈ তেওঁ বিধায়কসকলক কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence) আৰু প্ৰাকৃতিক ভাষা প্ৰক্ৰিয়াকৰণ (Natural Language Processing)কে ধৰি উদীয়মান প্ৰযুক্তিসমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

নিজৰ ভাষণৰ সামৰণিত উপ-ৰাষ্ট্ৰপতিয়ে বিধায়কসকলক তেওঁলোকৰ পদবীৰ সৈতে জড়িত অপৰিসীম দায়িত্ব আৰু পৰিৱৰ্তন সাধনৰ সম্ভাৱনাৰ কথা সোঁৱৰাই দিয়ে। তেওঁ কয় যে সুচিন্তিত হস্তক্ষেপে নীতিগত পৰিৱৰ্তন সাধন কৰিব পাৰে, আনহাতে সহানুভূতিশীল সিদ্ধান্তই অসংখ্য নাগৰিকৰ জীৱনলৈ আশাৰ সঞ্চাৰ কৰিব পাৰে। তেওঁ ওড়িশা বিধানসভাৰ ১৭সংখ্যক অধিৱেশনৰ সকলো সদস্যৰ দিগবলন কাৰ্যসূচীৰ সফলতা আৰু তেওঁলোকৰ বিধায়িনী যাত্ৰা সমৃদ্ধিশালী হোৱাৰ কামনা কৰে।

এই অনুষ্ঠানত ৰাজ্যখনৰ ৰাজ্যপাল শ্ৰী ব্ৰজ মোহন ৰাম, মুখ্যমন্ত্ৰী শ্ৰী মোহন চৰণ মাঝি, বিধানসভাৰ অধ্যক্ষা শ্ৰীমতী সুৰমা পাধী, উপাধ্যক্ষ শ্ৰী ভৱানী শংকৰ ভোই আৰু ১৭সংখ্যক ওড়িশা বিধানসভাৰ সদস্যসকলৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

 

***

PR/ASM/VM/PK


(ৰিলিজ আই ডি : 2336859) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Odia