পোষ্ট কৰা হৈছে:
15 NOV 2026 7:49PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ‘সমবায়ৰ জৰিয়তে সমৃদ্ধি’ৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ লগতে দেশৰ সমবায় আন্দোলনক অধিক শক্তিশালী, আধুনিক আৰু সৰ্বাংগীণ কৰি তোলাৰ লক্ষ্যৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি মহাৰাষ্ট্ৰৰ পুনে জিলাৰ তালে গাঁও দাভাড়েত নেচনেল হেভী ইঞ্জিনিয়াৰিং কো-অপাৰেটিভ (এনএইচইচি) বহুৰাজ্যিক সমবায় সমিতিৰ পুনৰুজ্জীৱনৰ বাবে ভূমি পূজন কৰে।এই উপলক্ষে তেওঁ কেন্দ্ৰীয় সমবায় পঞ্জীয়ক (চিআৰচিএছ)ৰ পশ্চিম মাণ্ডলিক কাৰ্যালয়টো ভাৰ্চুৱেলী উদ্বোধন কৰাৰ লগতে পুনেত ভাৰত টেক্সি সেৱাৰো শুভাৰম্ভ কৰে।
অনুষ্ঠানত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী একনাথ সিন্দে আৰু শ্ৰীমতী সুনেত্ৰা অজিত পাৱাৰ, কেন্দ্ৰীয় সমবায় বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী কৃষাণ পাল গুৰ্জৰ, কেন্দ্ৰীয় সমবায় আৰু অসামৰিক বিমান পৰিবহণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী মুৰলীধৰ মহোল, মহাৰাষ্ট্ৰৰ উচ্চ আৰু কাৰিকৰী শিক্ষা তথা সংসদীয় পৰিক্ৰমা মন্ত্ৰী শ্ৰী চন্দ্ৰকান্ত পাটিল, সমবায় মন্ত্ৰালয়ৰ সচিব ড০ আশীষ কুমাৰ ভূটানীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
ভাষণ প্ৰসংগত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ছত্ৰপতি শিৱাজী মহাৰাজৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে মহাৰাষ্ট্ৰৰ ভূমিয়ে কেৱল স্বৰাজৰ ভাৱধাৰা প্ৰতিষ্ঠা আৰু শক্তিশালী কৰাতেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা নাই, দেশৰ সমবায় আন্দোলনকো নতুন দিশ প্ৰদান কৰিছে।
তেওঁ কয় যে পশ্চিম ভাৰতৰ সমবায় আন্দোলনৰ প্ৰধান কেন্দ্ৰ হিচাপে মহাৰাষ্ট্ৰ, বিশেষকৈ পুনেক অভিহিত কৰিব পাৰি। পদ্মশ্ৰী বিঠলৰাও পাটিল আৰু বৈকুণ্ঠভাই মেহতাৰ দৰে সমবায় আন্দোলনৰ অগ্ৰণী ব্যক্তিসকলে স্বাধীনতাৰ পূৰ্বৰে পৰা কৃষি আৰু বাণিজ্যৰ পৰা লাভ কৰা সৰ্বাধিক সুবিধা যাতে কৃষকসকলে লাভ কৰে, তাৰ বাবে এটা ব্যৱস্থা গঢ়ি তোলাৰ প্ৰয়াস কৰিছিল।
শ্ৰী অমিত শ্বাহে কয় যে কৃষক, গ্ৰামাঞ্চলৰ মহিলা, দুগ্ধ উৎপাদক আৰু সমবায় আন্দোলনৰ সৈতে জড়িত লোকসকলে দীৰ্ঘদিন ধৰি কেন্দ্ৰত এটা সুকীয়া সমবায় মন্ত্ৰালয় স্থাপনৰ দাবী জনাই আহিছিল। পূৰ্বৰ চৰকাৰসমূহৰ কাৰ্যকালত এই দাবী পূৰণ হোৱা নাছিল। কিন্তু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে এটা সুকীয়া সমবায় মন্ত্ৰালয় স্থাপন কৰি সমবায় খণ্ডক নতুন দিশ প্ৰদান কৰে।
তেওঁ লগতে কয় যে প্ৰাথমিক কৃষি ঋণ সমিতি (পিএচিএছ), জিলা পৰ্যায়ৰ সমবায় প্ৰতিষ্ঠান আৰু দুগ্ধ খণ্ড ক্ৰমাৎ শক্তিশালী হৈ আহিছে। কেন্দ্ৰীয় চৰকাৰে সমবায় চেনিকলসমূহক প্ৰায় ১৫,০০০ কোটি টকাৰ সকাহ প্ৰদান কৰাৰ লগতে বছৰি প্ৰায় ৩,০০০ কোটি টকাৰ আয়কৰ ৰেহাই দিয়াকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমানৰ অনুষ্ঠানস্থলীত এসময়ত চেনিকলৰ বাবে যন্ত্ৰপাতি আৰু বিভিন্ন সঁজুলি নিৰ্মাণ কৰা এটা বৃহৎ উদ্যোগিক প্ৰতিষ্ঠান আছিল। পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত এই কাৰখানাটোৰ কাম-কাজ বন্ধ হৈ পৰিছিল। এতিয়া সেই একেটা ঔদ্যোগিক চৌহদ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে, যিটো সমবায় খণ্ডৰ বাবে গৌৰৱ আৰু সন্তুষ্টিৰ বিষয়।
শ্ৰী অমিত শ্বাহে ষঠ মহাপৰ্ব উপলক্ষে দেশবাসী, বিশেষকৈ মাতৃ আৰু ভগ্নীসকলক শুভেচ্ছা জ্ঞাপন কৰে। ভগৱান বীৰছা মুণ্ডাৰ ১৫১সংখ্যক জয়ন্তীত তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে দেশৰ স্বাধীনতা আন্দোলনে ব্যাপক ৰূপ লোৱাৰ পূৰ্বেই ভগৱান বীৰছা মুণ্ডাই ঝাৰখণ্ডৰ ভূমিৰ পৰা ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে প্ৰতিৰোধৰ জুই জ্বলাইছিল।
তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভগৱান বীৰছা মুণ্ডাৰ জয়ন্তীক ‘জনজাতীয় গৌৰৱ দিৱস’ হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। শ্ৰী শ্বাহে মহাৰাষ্ট্ৰৰ গড়চিৰোলীত নক্সালবাদ নিৰ্মূলৰ দিশত হোৱা অগ্ৰগতি আৰু তাত অনুষ্ঠিত কাৰ্যসূচীৰ বিষয়েও উল্লেখ কৰে।
ইয়াৰ লগতে আচাৰ্য ৱিনোবা ভাৱেৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁ কয় যে ৱিনোবা ভাৱেই নিজৰ জীৱন গৰুৰ কল্যাণ, সৰ্বোদয়, ভূদান আন্দোলন আৰু দেৱনাগৰী লিপিৰ জৰিয়তে ভাৰতীয় ভাষাসমূহৰ বিকাশৰ বাবে উৎসৰ্গা কৰিছিল। মহাত্মা গান্ধীৰ একনিষ্ঠ অনুগামী ৱিনোবা ভাৱেই জীৱনৰ এটা উল্লেখযোগ্য সময় মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত অতিবাহিত কৰিছিল বুলিও তেওঁ স্মৰণ কৰে।
কেন্দ্ৰীয় সমবায় পঞ্জীয়কৰ পশ্চিম মাণ্ডলিক কাৰ্যালয় উদ্বোধনৰ প্ৰসংগত শ্ৰী অমিত শ্বাহে কয় যে মহাৰাষ্ট্ৰ আৰু গুজৰাটকে ধৰি পশ্চিম ভাৰতৰ বিভিন্ন ৰাজ্যত বৃহৎ সংখ্যক বহুৰাজ্যিক সমবায় সমিতি কাৰ্যক্ষম হৈ আছে। এই অঞ্চলসমূহৰ পৰা দীৰ্ঘদিন ধৰি এটা সুকীয়া কাৰ্যালয় স্থাপনৰ দাবী উত্থাপন হৈ আহিছিল। অৱশেষত পুনেত এই কাৰ্যালয় স্থাপন কৰা হৈছে।
তেওঁ কয় যে এই কাৰ্যালয়ে মহাৰাষ্ট্ৰ, গুজৰাট, গোৱা, দাদৰা আৰু নগৰ হাভেলী তথা দমন আৰু দিউত থকা বহুৰাজ্যিক সমবায় সমিতিসমূহৰ নিয়ন্ত্ৰণ আৰু তদাৰকীৰ কাম সম্পন্ন কৰিব।
পুনেত ভাৰত টেক্সি সেৱাৰ শুভাৰম্ভ সন্দৰ্ভত শ্ৰী অমিত শ্বাহে কয় যে সমবায়ভিত্তিক ভাৰত টেক্সি সেৱা পৰৱৰ্তী সময়ত সমগ্ৰ দেশতে সম্প্ৰসাৰণ কৰা হ’ব। তেওঁ কয় যে বিগত বহু বছৰ ধৰি বিভিন্ন টেক্সি কোম্পানীৰ সৈতে জড়িত চালকসকলে নিজৰ উপাৰ্জনৰ এটা অংশ কমিছন হিচাপে দিবলগীয়া হৈছিল আৰু বহু ক্ষেত্ৰত শোষণৰ সন্মুখীন হৈছিল।
এই সমস্যাৰ সমাধানৰ লক্ষ্যৰে সমবায় আৰ্হিৰ ওপৰত ভিত্তি কৰি ভাৰত টেক্সিৰ ধাৰণা গঢ়ি তোলা হৈছে। ভাৰত টেক্সিৰ জৰিয়তে পূৰ্বে কেৱল চালক হিচাপে পৰিচিত সাৰথি ভাই-ভনীসকল এতিয়া নিজৰ কোম্পানীৰ মালিক হৈ পৰিছে। এই ব্যৱস্থাত সম্পূৰ্ণ স্বচ্ছতা নিশ্চিত কৰা হৈছে আৰু কোনো ধৰণৰ কমিছন কৰ্তন নকৰাকৈ সাৰথিসকলৰ উপাৰ্জনৰ সম্পূৰ্ণ ধন পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টত জমা কৰা হ’ব।
তেওঁ লগতে কয় যে পুনেৰ পিছত নাগপুৰ, নাছিক, কোলহাপুৰ আৰু ছোলাপুৰতো ভাৰত টেক্সি সেৱা আৰম্ভ কৰা উচিত।এনএইচইচিৰ ভূমি পূজনৰ প্ৰসংগত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰতিষ্ঠানটোৱে পূৰ্বে একেটা স্থানৰ পৰাই বিশ্বৰ বিভিন্ন দেশলৈ চেনিকল আৰু পৃথকীকৰণ যন্ত্ৰপাতি যোগান ধৰিছিল। কিন্তু সময়ৰ লগে লগে উদ্যোগটোৰ কাম-কাজ বন্ধ হৈ পৰে আৰু ইয়াৰ প্ৰায় ১১০ একৰ ভূমি অবৈধ বেদখলৰ আশংকাৰ সন্মুখীন হয়।
সমবায় মন্ত্ৰালয়ে এই গুৰুত্বপূৰ্ণ সমবায় ঔদ্যোগিক সম্পদটো পুনৰুজ্জীৱিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে। ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব'ৰ্ড (এনডিডিবি), আমুল, আইপিএল, ইফকো আৰু ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগমৰ (এনচিডিচি) দৰে প্ৰতিষ্ঠানৰ সহযোগত ইয়াৰ পুনৰুদ্ধাৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হয়।
শ্ৰী অমিত শ্বাহে কয় যে এনএইচইচিত স্থাপন হ'বলগীয়া উৎপাদন কেন্দ্ৰটো কেৱল চেনিকল নিৰ্মাণতে সীমাবদ্ধ নাথাকিব। ইয়াত চেনিকলৰ বাবে বিদ্যুৎ উৎপাদন কেন্দ্ৰ, সংকুচিত জৈৱগেছ (চিবিজি) প্ৰকল্প আৰু দুগ্ধ খণ্ডৰ সৈতে জড়িত বিভিন্ন ধৰণৰ উদ্যোগিক সঁজুলি আৰু প্ৰকল্প নিৰ্মাণ কৰা হ’ব। ইয়াৰ উপৰি বিদেশৰ বজাৰলৈ ৰপ্তানিৰ বাবে বিভিন্ন ধৰণৰ পাত্ৰও নিৰ্মাণ কৰা হ’ব।
তেওঁ কয় যে এই উদ্যোগসমূহৰ পৰা আহৰণ কৰা উপাৰ্জন সমবায় প্ৰতিষ্ঠানসমূহৰ হাতলৈ যাব। ইয়াৰ ফলত সমবায়ভিত্তিক অৰ্থনৈতিক ব্যৱস্থা অধিক শক্তিশালী হ’ব।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এটা সময়ত এনএইচইচিয়ে নিৰ্মাণ কৰা চেনিকল জাম্বিয়া, ইথিওপিয়া আৰু ভিয়েটনামকে ধৰি ১১খন দেশলৈ ৰপ্তানি কৰা হৈছিল। এই প্ৰতিষ্ঠানটোৰ হাতত ইমান বৃহৎ পৰিমাণৰ কামৰ ফৰমাইচ আৰু চাহিদা আছিল যে নতুনকৈ লাভ কৰা ফৰমাইচসমূহৰ যোগান ধৰিবলৈ প্ৰায় চাৰি বছৰ সময়ৰ প্ৰয়োজন হৈছিল।
পৰৱৰ্তী সময়ত এই ঔদ্যোগিক কাম-কাজ বন্ধ হৈ পৰে। কিন্তু কেন্দ্ৰীয় চৰকাৰে এতিয়া এই গুৰুত্বপূৰ্ণ সমবায় প্ৰতিষ্ঠানটো পুনৰুজ্জীৱিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
শ্ৰী অমিত শ্বাহে জনায় যে এনএইচইচিৰ পুনৰুজ্জীৱন প্ৰক্ৰিয়াৰ অংশ হিচাপে প্ৰথমে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব'ৰ্ডে (এনডিডিবি) প্ৰশাসক হিচাপে প্ৰতিষ্ঠানটোৰ পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত বিগত দুবছৰ ধৰি বাকী থকা সকলো হিচাপ পৰীক্ষাৰ কাম সম্পূৰ্ণ কৰা হয়।
আমুল, এনডিডিবি, এনচিডিচি, ইফকো, নাবাৰ্ড আৰু আইপিএলৰ দৰে প্ৰতিষ্ঠানে প্ৰতিষ্ঠানটোৰ পুনৰুজ্জীৱনৰ বাবে প্ৰয়োজনীয় বিনিয়োগৰ ধন সংগ্ৰহত সহযোগিতা আগবঢ়ায়। ইয়াৰ পৰিচালনা সমিতিও পুনৰ গঠন কৰা হয়। ২০২৬ চনৰ ৯ অক্টোবৰত অনুষ্ঠিত পৰিচালনা সমিতিৰ প্ৰথমখন বৈঠকত প্ৰতিষ্ঠানটোক পুনৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই প্ৰক্ৰিয়াৰ অংশ হিচাপেই আজি প্ৰকল্পটোৰ ভূমি পূজন সম্পন্ন কৰা হয়।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এনএইচইচিৰ সকলো দায়বদ্ধতা আৰু ঋণ পুনৰ নিৰ্ধাৰণ কৰি স্বচ্ছ পদ্ধতিৰে পৰিশোধ কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। তেওঁ আশা প্ৰকাশ কৰে যে ২০২৭ চনৰ ডিচেম্বৰৰ পূৰ্বেই এই ঔদ্যোগিক কেন্দ্ৰটোত উৎপাদন আৰম্ভ হ’ব আৰু পুনৰ চেনিকল নিৰ্মাণৰ কাম আৰম্ভ কৰিব পৰা যাব।
তেওঁ কয় যে চেনি আৰু দুগ্ধ খণ্ডত চক্ৰীয় অৰ্থনীতি গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ ফলত পশুধনৰ গোবৰৰ দৰে সম্পদৰ উৎপাদনশীল ব্যৱহাৰৰ জৰিয়তে কৃষকসকলৰ বাবে অতিৰিক্ত উপাৰ্জনৰ সুযোগ সৃষ্টি হ’ব। একেদৰে চেনিকলৰ পৰা উৎপন্ন হোৱা বিভিন্ন উপজাত সামগ্ৰীৰ ব্যৱহাৰ বৃদ্ধি কৰি আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ প্ৰয়াস কৰা হ’ব।
তেওঁ লগতে কয় যে প্ৰকল্পটোৰ দ্বিতীয় পৰ্যায়ত ৰে'লৱে, প্ৰতিৰক্ষা খণ্ড আৰু ৰপ্তানিৰ বাবে বিভিন্ন ধৰণৰ পাত্ৰ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে।শ্ৰী অমিত শ্বাহে আশা প্ৰকাশ কৰে যে আমুল, ইফকো আৰু ক্ৰিভকোৰ দৰে সফল সমবায় প্ৰতিষ্ঠানৰ দৰেই সমাগত বছৰসমূহত এনএইচইচিয়েও দেশৰ সমবায় আন্দোলনৰ এটা উল্লেখযোগ্য নিদৰ্শন হিচাপে আত্মপ্ৰকাশ কৰিব। এনএইচইচিৰ পুনৰুজ্জীৱনৰ সৈতে জড়িত সকলো প্ৰতিষ্ঠান আৰু মহাৰাষ্ট্ৰৰ কৃষকসকলক তেওঁ এই পদক্ষেপৰ বাবে অভিনন্দন জনায়।
অনুষ্ঠানত ভাষণ প্ৰসংগত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীগৰাকীয়ে দেশৰ গণতান্ত্ৰিক ব্যৱস্থা আৰু ৰাজনৈতিক দলসমূহৰ ভূমিকাৰ বিষয়েও উল্লেখ কৰে। তেওঁ কয় যে বিগত কেইবছৰমানত দেশৰ প্ৰধান বিৰোধী দলটোৱে ধাৰাবাহিকভাৱে নিৰ্বাচনী পৰাজয়ৰ সন্মুখীন হৈছে।
হায়দৰাবাদত অনুষ্ঠিত ‘ভাৰত ছামিট ২০২৬’ৰ কথা উল্লেখ কৰি তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় সন্মিলনখনত বিৰোধী দলপতিয়ে ভাৰতৰ উন্নয়নৰ যাত্ৰা, গণতান্ত্ৰিক ব্যৱস্থা আৰু ৰাষ্ট্ৰীয় নেতৃত্বৰ বিষয়ে কৰা মন্তব্য উপযুক্ত নাছিল।
শ্ৰী শ্বাহে কয় যে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী সফলতা বা বিফলতা তেওঁলোকৰ নেতৃত্ব, কৰ্মদক্ষতা আৰু জনসাধাৰণৰ আস্থাৰ ওপৰত নিৰ্ভৰ কৰে।
তেওঁ পূৰ্বৰ চৰকাৰৰ কাৰ্যকালৰ কথা উল্লেখ কৰি কয় যে সেই সময়ছোৱাত দুৰ্নীতিৰ সৈতে জড়িত বিভিন্ন অভিযোগ আৰু বিতৰ্কৰ সৃষ্টি হৈছিল। ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১২ বছৰত দেশৰ বিভিন্ন খণ্ডত উন্নয়নৰ গতি ত্বৰান্বিত হৈছে।এই প্ৰসংগত তেওঁ কৃষি, ঔদ্যোগিক বিকাশ, চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত ভাৰতৰ ঐতিহাসিক সফলতা, ষ্টাৰ্টআপ ব্যৱস্থাৰ সম্প্ৰসাৰণ, ৰে'লৱেৰ আধুনিকীকৰণ, বিমানবন্দৰৰ সংখ্যা প্ৰায় ১৫০লৈ বৃদ্ধি, মেট্ৰ' ৰে'ল নেটৱৰ্কৰ সম্প্ৰসাৰণ, ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰৱৰ্তন আৰু সুকীয়া সমবায় মন্ত্ৰালয় স্থাপনৰ দৰে সাফল্যসমূহৰ কথা উল্লেখ কৰে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বিৰোধী দলপতিক উদ্দেশ্যি কয় যে আন্তঃৰাষ্ট্ৰীয় মঞ্চত দেশক সমালোচনা কৰাতকৈ ভাৰতৰ গাঁওসমূহৰ জনসাধাৰণৰ সৈতে সম্পৰ্ক স্থাপন কৰা আৰু তেওঁলোকৰ সমস্যাসমূহ বুজি পোৱাটো অধিক গুৰুত্বপূৰ্ণ।
তেওঁ কয় যে গণতন্ত্ৰত ৰাজনৈতিক ক্ষমতা লাভৰ পথ জনসাধাৰণৰ কাষ চাপি তেওঁলোকৰ আস্থা অৰ্জন কৰাৰ মাজেৰেহে মুকলি হয়। শ্ৰী শ্বাহে লগতে কয় যে শাসক-বিৰোধী নিৰ্বিশেষে সকলো ৰাজনৈতিক দলৰে আন্তঃৰাষ্ট্ৰীয় মঞ্চত দেশৰ সন্মান, গণতান্ত্ৰিক প্ৰতিষ্ঠান আৰু ৰাষ্ট্ৰীয় স্বাৰ্থ সুৰক্ষিত কৰাৰ দায়িত্ব আছে।
তেওঁ বিৰোধী দলটোৰ কৰ্মীসকলকো নিজৰ নেতৃত্বৰ দৃষ্টিভংগী আৰু ৰাজনৈতিক দিশৰ বিষয়ে চিন্তা-চৰ্চা কৰিবলৈ আহ্বান জনায়। লগতে দেশৰ জনসাধাৰণে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ জৰিয়তে নিজৰ মতামত প্ৰকাশ কৰে বুলিও মন্তব্য কৰে।
ভাষণৰ সামৰণিত শ্ৰী অমিত শ্বাহে কয় যে আজি সমবায় খণ্ডত নতুন অধ্যায়ৰ সূচনা হৈছে। বছৰ বছৰ ধৰি বন্ধ হৈ থকা প্ৰায় ১১০ একৰ ভূমিৰ ঔদ্যোগিক চৌহদটোত পুনৰ উৎপাদনৰ কাম-কাজ আৰম্ভ হ’ব।
তেওঁ দেশৰ সমবায় খণ্ডৰ কৰ্মী আৰু কৃষকসকলক শুভেচ্ছা জনাই আশা প্ৰকাশ কৰে যে এনএইচইচিৰ পুনৰুজ্জীৱনে ভাৰতৰ সমবায়ভিত্তিক ঔদ্যোগিক বিকাশক নতুন দিশ প্ৰদান কৰিব।
অনুষ্ঠানৰ সময়ছোৱাত এনএইচইচি আৰু আইডিএমচি লিমিটেডৰ মাজত এখন অভিপ্ৰায় পত্ৰ (Letter of Intent) বিনিময় কৰা হয়। ইয়াৰ লগতে ভাৰত টেক্সিৰ সাৰথিসকলক অংশীদাৰিত্বৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।
***
AK/DM