57th International Film Festival of India 2026
20 – 28 Nov 2026

আইএফএফআই ২০২৬ত মালায়ালম চলচ্চিত্ৰৰ উদযাপন

প্ৰেম নাজিৰৰ ঐতিহ্য স্মৰণ আৰু নতুন প্ৰজন্মৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ প্ৰতি বিশেষ আলোকপাত

পোষ্ট কৰা হৈছে: 15 NOV 2026 2:50PMby PIB Guwahatiৰিলিজ আই ডি : 2336691Views: 8

‘চিৰসেউজ ৰোমাণ্টিক নায়ক’ প্ৰেম নাজিৰৰ চিৰস্থায়ী ঐতিহ্যৰ পৰা আৰম্ভ কৰি নতুন প্ৰজন্মৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সমসাময়িক কাহিনী কথনলৈকে, ৫৭সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱে (আইএফএফআই) গোৱাত মালায়ালম চলচ্চিত্ৰৰ চহকী ইতিহাস আৰু বৈচিত্ৰ্যক বিশেষভাৱে উপস্থাপন কৰিছে।

 

মালায়ালী চলচ্চিত্ৰ অনুৰাগীসকলৰ বাবে  বিশেষ আকৰ্ষণ হ’ব কিংবদন্তি মালায়ালম অভিনেতা প্ৰেম নাজিৰৰ সৈতে জড়িত ছবি ‘তুলাভাৰম’ (Thulabharam) প্ৰদৰ্শনেৰে উদযাপন কৰিবলগীয়া শতবাৰ্ষিকী অনুষ্ঠান। ভাৰতীয় চলচ্চিত্ৰৰ বিশিষ্ট ব্যক্তিসকলৰ শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে অনুষ্ঠিত হ’বলগীয়া এই প্ৰদৰ্শনীয়ে দৰ্শকসকলক দেশৰ চলচ্চিত্ৰ ইতিহাসত অম্লান ছাপ ৰাখি যোৱা ছবিসমূহ আৰু অভিনয় পুনৰ উপভোগ কৰাৰ এটা সুযোগ প্ৰদান কৰিব।

 

আখিল সত্যনৰ পৰিচালনাত নিৰ্মিত তথা নিভিন পলি, অজু ভাৰ্গিজ, ৰিয়া শ্বিবু আৰু প্ৰীতি মুকুন্দন অভিনীত ‘সৰ্বম মায়া’ (Sarvam Maya) ছবিখনৰ জৰিয়তে সমসাময়িক মালায়ালম চলচ্চিত্ৰই মহোৎসৱত স্থান লাভ কৰিছে। ইণ্ডিয়ান পেনোৰামাৰ কাহিনী চিত্ৰ (ফিচাৰ ফিল্ম) শিতানৰ বাবে নিৰ্বাচিত হোৱা এই অতিপ্ৰাকৃত নাটকীয় ছবিখনে প্ৰভেন্দু নামৰ এজন নাস্তিক সংগীতজ্ঞৰ কাহিনীৰ মাজেৰে বিশ্বাস, প্ৰেম আৰু আত্ম-আৱিষ্কাৰৰ দিশটো অন্বেষণ কৰিছে, যিয়ে নিজকে এগৰাকী যুৱতীৰ আত্মাৰ সৈতে এটা অস্বাভাৱিক সম্পৰ্কত বান্ধ খাই পৰা দেখা পায়।

 

ইণ্ডিয়ান পেনোৰামাৰ ‘নিউ হৰাইজন’ শিতানতো শ্ৰুতি শৰণ্যমৰ পৰিচালনাত নিৰ্মিত ‘অট্টাঞ্জাভালমাৰম’ (A Lone Jamun Tree) আৰু শ্ৰীহৰি হৰিদাসৰ পৰিচালনাত নিৰ্মিত ‘অজয়ন্তে মৰণম: ওৰু কেছ ষ্টাডি’ (Ajayante Maranam: Oru Case Study) নামৰ মালায়ালম ছবি দুখনে স্থান লাভ কৰিছে। মহোৎসৱৰ অকাহিনী শিতানত সন্দীপ ফ্ৰান্সিছৰ পৰিচালনাত নিৰ্মিত ১১ মিনিট দৈৰ্ঘ্যৰ মালায়ালম চুটি ছবি ‘ছুইচ অফ’ অন্তৰ্ভুক্ত কৰা হৈছে। মালায়ালম ছবিৰ এই উপস্থিতিক অধিক সমৃদ্ধ কৰি কেৰালাৰ চলচ্চিত্ৰ নিৰ্মাতা ছামজাদৰ পৰিচালনাত নিৰ্মিত ‘হাফ’ (Half) ছবিখন ‘গালা প্ৰিমিয়াৰ’ (Gala Premieres) শিতানৰ অধীনত প্ৰদৰ্শন কৰা হ’ব। এই সকলোবোৰ নিৰ্বাচনে মালায়ালম চলচ্চিত্ৰৰ বৈশিষ্ট্যপূৰ্ণ বিষয়বস্তু আৰু কাহিনী কথনৰ বৈচিত্ৰ্যকে প্ৰতিফলিত কৰিছে।

 

মহোৎসৱৰ বিশেষ বাৰ্তালাপ আৰু অধিৱেশনসমূহতো মালায়ালম চলচ্চিত্ৰ জগতৰ ব্যক্তিসকলে মুখ্য ভূমিকা পালন কৰিব। চলচ্চিত্ৰ নিৰ্মাতা তথা অভিনেতা বেছিল জোচেফে ‘দ্য এপিক জেনাৰ্ছ – মিথলজীছ, ছুপাৰহিৰ’জ এণ্ড নিউ ৱৰ্ল্ডছ’ শীৰ্ষক ‘ইন কনভাৰ্ছেচন’ অধিৱেশনত অংশগ্ৰহণ কৰি চলচ্চিত্ৰত মহাকাব্যিক কাহিনী কথনৰ বিৱৰ্তিত দিশটোৰ অন্বেষণ কৰিব। আনহাতে, প্ৰখ্যাত নেপথ্য কণ্ঠশিল্পী তথা ‘মেল’ডী কুইন’ কে. এছ. চিত্ৰাই চিৰসেউজ কিংবদন্তি কণ্ঠশিল্পী আশা ভোঁছলে আৰু এছ. জানকীলৈ শ্ৰদ্ধাঞ্জলি জনাই এটা বিশেষ পৰ্ব পৰিচালনা কৰিব।

 

“সীমাহীন কাহিনী” শীৰ্ষক মূল বিষয়বস্তুৰে ২০ৰ পৰা ২৮ নৱেম্বৰ ২০২৬লৈ গোৱাত ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আইএফএফআই) অনুষ্ঠিত হ’বলৈ সাজু হৈছে। এই মহোৎসৱে ভাৰত তথা বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ, চলচ্চিত্ৰ নিৰ্মাতা আৰু চলচ্চিত্ৰ অনুৰাগীসকলক এখন উমৈহতীয়া মঞ্চত একত্ৰিত কৰি সাংস্কৃতিক বিনিময়ক উৎসাহিত কৰিব আৰু চলচ্চিত্ৰৰ সাৰ্বজনীন ভাষাক উদযাপন কৰিব।

* * *

PIB IFFI Team | Rajith Chandran/ Lekshmi Priya S S / Bibin S Nath/ Darshana Rane


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2336691
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026