বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

দ্বিপাক্ষিক অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰিবলৈ চৰকাৰী ভ্ৰমণসূচীৰে ইজিপ্তৰ কাইৰ’ত উপস্থিত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেল

হেলিঅ’পলিছ যুদ্ধ সমাধিক্ষেত্ৰত ভাৰতীয় সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ লগতে কাইৰ’ত থকা প্ৰবাসী ভাৰতীয়সকলক সাক্ষাৎ শ্ৰী পীয়ুষ গোৱেলৰ

ভাৰত-ইজিপ্ত কৌশলগত অংশীদাৰিত্ব গভীৰ কৰা আৰু বাণিজ্য, বিনিয়োগ তথা ঔদ্যোগিক বিকাশত সহযোগিতা সম্প্ৰসাৰণ কৰাৰ উদ্দেশ্যে এই ভ্ৰমণ

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীৰ সৈতে ভ্ৰমণৰত ১৩০ৰো অধিক ব্যৱসায়িক নেতা আৰু ষ্টাৰ্ট-আপক লৈ গঠিত ব্যৱসায়িক প্ৰতিনিধি দল

পোষ্ট কৰা হৈছে: 15 NOV 2026 9:55AM by PIB Guwahati

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেল ২০২৬ৰ ১৪ নৱেম্বৰত ভাৰত-ইজিপ্ত কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰা, দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ সম্পৰ্ক গভীৰ কৰা আৰু দুয়ো দেশৰ মাজত ঔদ্যোগিক তথা বাণিজ্যিক সহযোগিতাৰ নতুন সুযোগ অন্বেষণ কৰাৰ উদ্দেশ্যে চৰকাৰী ভ্ৰমণসূচীৰে  ইজিপ্তৰ কাইৰ’ত উপস্থিত হয়।

ভাৰত আৰু ইজিপ্তৰ মাজত ঐতিহাসিক, সভ্যতাগত আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কত শিপাই থকা দীৰ্ঘদিনীয়া মিত্ৰতা আছে। বছৰ বছৰ ধৰি এই সম্পৰ্ক ৰাজনৈতিক, অৰ্থনৈতিক, নিৰাপত্তা আৰু সাংস্কৃতিক সহযোগিতাক সামৰি বহুমুখী অংশীদাৰিত্বত পৰিণত হৈছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত-ইজিপ্ত সম্পৰ্কই নতুন গতি লাভ কৰাৰ ফলত অৰ্থনৈতিক ক্ষেত্ৰকে ধৰি সহযোগিতা বৃদ্ধিৰ বাবে উমৈহতীয়া প্ৰতিশ্ৰুতিৰে দ্বিপাক্ষিক সম্পৰ্ক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত হৈছে।

ভ্ৰমণৰ আৰম্ভণিতে শ্ৰী পীয়ুষ গোৱেলে কাইৰ’ৰ হেলিঅ’পলিছ যুদ্ধ সমাধিক্ষেত্ৰত ভাৰতীয় সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁলোকৰ ত্যাগ আৰু অৱদানক সন্মান জনায়। সমাধিক্ষেত্ৰত সমাধিস্থ বা স্মৰণ কৰা ৪,০০০ সৈনিকৰ ভিতৰত ৩,৭২৭ গৰাকী ভাৰতীয় সৈনিক আছিল। তাৰে প্ৰায় ২,০০০ গৰাকীয়ে প্ৰথম বিশ্বযুদ্ধৰ সময়ত আৰু প্ৰায় ১,৭০০ গৰাকীয়ে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত প্ৰাণ হেৰুৱাইছিল।

মন্ত্ৰীগৰাকীয়ে ইজিপ্তৰ ভাৰতীয় সম্প্ৰদায় সংস্থাই আয়োজন কৰা প্ৰবাসী ভাৰতীয় লোকৰ অনুষ্ঠানতো ভাষণ দিয়ে। এই মত বিনিময়ে ভাৰতীয় প্ৰবাসীসকলৰ সৈতে যোগাযোগ কৰাৰ লগতে দুয়ো দেশৰ মাজত অৰ্থনৈতিক, সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাত তেওঁলোকৰ ভূমিকাক স্বীকৃতি দিয়াৰ সুযোগ প্ৰদান কৰে।

এই উপলক্ষে ভাষণ দি শ্ৰী পীয়ুষ গোৱেলে ভাৰত-ইজিপ্ত সম্পৰ্কৰ শক্তিৰ ওপৰত আলোকপাত কৰি কয় যে প্ৰায় ৬.৫ বিলিয়ন আমেৰিকান ডলাৰৰ দ্বিপাক্ষিক বাণিজ্য দুয়োখন প্ৰাচীন সভ্যতাৰ মাজৰ অংশীদাৰিত্বৰ কেৱল আৰম্ভণিহে। ভাৰতীয় সম্প্ৰদায়ক দুয়ো দেশৰ মাজৰ এখন জীৱন্ত সাঁকো আখ্যা দি তেওঁ ইজিপ্তত কাম কৰি থকা ৫ বিলিয়ন আমেৰিকান ডলাৰতকৈ অধিক বিনিয়োগ তথা ইজিপ্তৰ নাগৰিকসকলৰ বাবে প্ৰত্যক্ষ আৰু পৰোক্ষ নিযুক্তি সৃষ্টি কৰা প্ৰায় ৭০টা ভাৰতীয় কোম্পানীৰ অৱদানত গুৰুত্ব আৰোপ কৰে।

ইজিপ্তৰ ভাৰতীয় সম্প্ৰদায়ে দুয়ো ৰাষ্ট্ৰৰ মাজত এখন গুৰুত্বপূৰ্ণ সাঁকো হিচাপে সেৱা আগবঢ়োৱাৰ লগতে বাণিজ্যিক বিনিময়, পেছাদাৰী সহযোগিতা আৰু বৃহত্তৰ ভাৰত-ইজিপ্ত সম্পৰ্কত অৱদান আগবঢ়াইছে।

এই ভ্ৰমণকালত ভাৰত-ইজিপ্ত যুটীয়া বাণিজ্য সমিতি (জে টি চি)ৰ সপ্তম অধিৱেশন, ভাৰত-ইজিপ্ত যুটীয়া ব্যৱসায় পৰিষদ (জে বি চি)ৰ বৈঠক আৰু ভাৰত-ইজিপ্ত ব্যৱসায় ফ’ৰাম অনুষ্ঠিত হ’ব। ২০২৬চনৰ ১৫ নৱেম্বৰত ভাৰত-ইজিপ্ত যুটীয়া বাণিজ্য সমিতিৰ সপ্তম অধিৱেশনত কাইৰ’ত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেল আৰু ইজিপ্তৰ বিনিয়োগ তথা বৈদেশিক বাণিজ্য মন্ত্ৰী ডঃ মহম্মদ ফৰিদ ছালেহে যুটীয়াভাৱে  অধ্যক্ষতা কৰিব।

কাৰ্যসূচীত জ্যেষ্ঠ ইজিপ্তৰ মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠক, আগশাৰীৰ ব্যৱসায়িক প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় আৰু আফ্ৰিকান এক্সপ’ৰ্ট-ইম্প’ৰ্ট বেংক, ইজিপ্তৰ জুনিয়ৰ ব্যৱসায়ী সংস্থা আৰু ইজিপ্ত-ভাৰত ষ্টাৰ্টআপ মঞ্চৰ সৈতে বৈঠককো  সামৰি লোৱা হ’ব। এই সম্পৰ্কসমূহে দ্বিপাক্ষিক অৰ্থনৈতিক সহযোগিতা পৰ্যালোচনা কৰা, বাণিজ্য আৰু বিনিয়োগ সম্পৰ্কীয় বিষয়সমূহ সমাধান কৰা আৰু ব্যৱসায়িক অংশীদাৰিত্বৰ নতুন পথ চিনাক্ত কৰাৰ বাবে মঞ্চ প্ৰদান কৰিব বুলি আশা কৰা হৈছে। তদুপৰি এই সম্পৰ্কসমূহে দ্বিপাক্ষিক বাণিজ্য, বিনিয়োগ, ঔদ্যোগিক সহযোগিতা আৰু উদ্ভাৱন সংযোগক নতুন গতি প্ৰদান কৰিব।

***

Abhishek Dayal/ Garima Singh/ Ishita Biswas/DD


(ৰিলিজ আই ডি : 2336656) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Marathi , Bengali , Gujarati , Tamil