বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

২০২৬ৰ ১৫-১৬ নৱেম্বৰত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলৰ ইজিপ্ত ভ্ৰমণ

সপ্তম ভাৰত-ইজিপ্ত যুটীয়া বাণিজ্য সমিতিৰ বৈঠকত যুটীয়াভাৱে অধ্যক্ষতা কৰিব শ্ৰী পীয়ুষ গোৱেলে

দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ সম্পৰ্ক শক্তিশালী কৰিবলৈ ব্যৱসায় ফ'ৰাম

ভাৰত-ইজিপ্ত ব্যৱসায় ফ'ৰামত অংশগ্ৰহণৰ দিশে ভাৰতীয় ব্যৱসায় খণ্ডৰ কৰ্ণধাৰ আৰু কেইবাটাও ষ্টাৰ্টআপ

ভাৰত-ইজিপ্ত ষ্টাৰ্টআপ ফ'ৰামে অন্বেষণ কৰিব

নতুন বাণিজ্য, বিনিয়োগ আৰু যুটীয়া পদক্ষেপৰ সুযোগ

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ক সংগ দিব ১৩০-তকৈ অধিক ব্যৱসায়িক খণ্ডৰ কৰ্ণধাৰ আৰু ষ্টাৰ্টআপেৰে গঠিত বৃহৎ ব্যৱসায়িক প্ৰতিনিধি দল

পোষ্ট কৰা হৈছে: 14 NOV 2026 10:54AM by PIB Guwahati

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে ২০২৬ চনৰ ১৫ৰ পৰা ১৬ নৱেম্বৰলৈ আৰব গণৰাজ্য ইজিপ্তলৈ চৰকাৰী ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ লক্ষ্য হৈছে বিশেষকৈ দ্বিপাক্ষিক বাণিজ্য সম্প্ৰসাৰণ, বিনিয়োগ বৃদ্ধি, ঔদ্যোগিক সহযোগিতা বৃদ্ধি আৰু ব্যৱসায়ৰ মাজত আদান-প্ৰদান শক্তিশালী কৰাকে ধৰি দীৰ্ঘদিনীয়া ভাৰত-ইজিপ্ত অংশীদাৰিত্বক আৰু শক্তিশালী কৰা ।

ভাৰত আৰু ইজিপ্তৰ মাজত দীৰ্ঘদিনীয়া ঐতিহাসিক, সভ্যতামূলক আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক আছে। এই সম্পৰ্ক ৰাজনৈতিক, অৰ্থনৈতিক, নিৰাপত্তা তথা সাংস্কৃতিক সহযোগিতাক সামৰি বহুমুখী অংশীদাৰিত্বলৈ উন্নীত হৈছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত-ইজিপ্ত সম্পৰ্কই নতুন গতি লাভ কৰাৰ ফলত অৰ্থনৈতিক ক্ষেত্ৰকে ধৰি সহযোগিতা বৃদ্ধিৰ উমৈহতীয়া প্ৰতিশ্ৰুতিৰে দ্বিপাক্ষিক সম্পৰ্ক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত হৈছে ।

এই ভ্ৰমণত ভাৰত-ইজিপ্ত যুটীয়া বাণিজ্য সমিতিৰ (জে টি চি) সপ্তম অধিৱেশন, ভাৰত-ইজিপ্ত যুটীয়া ব্যৱসায় পৰিষদৰ (জে বি চি) বৈঠক আৰু ভাৰত-ইজিপ্ত ব্যৱসায় ফ'ৰাম সামৰি লোৱা হৈছে। কাৰ্যসূচীত জ্যেষ্ঠ ইজিপ্তীয় মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠক, আগশাৰীৰ ব্যৱসায় প্ৰতিনিধিসকলৰ সৈতে মত-বিনিময় আৰু আফ্ৰিকান এক্সপ'ৰ্ট-ইমপ'ৰ্ট বেংক, ইজিপ্তীয় জুনিয়ৰ ব্যৱসায়ী সন্থা আৰু ইজিপ্ত-ভাৰত ষ্টাৰ্টআপ ফ'ৰামৰ সৈতে বৈঠককো  সামৰি লোৱা হৈছে। এই আদান-প্ৰদানসমূহে দ্বিপাক্ষিক বাণিজ্য, বিনিয়োগ, ঔদ্যোগিক সহযোগিতা আৰু উদ্ভাৱনী সংযোগক নতুন গতি দিব বুলি আশা কৰা হৈছে।

কাইৰোত হ’বলগীয়া ২০২৬ চনৰ ১৫ নৱেম্বৰত  ভাৰত-ইজিপ্ত যুটীয়া বাণিজ্য সমিতিৰ (জে টি চি) সপ্তম অধিৱেশনত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেল আৰু ইজিপ্তৰ বিনিয়োগ তথা বৈদেশিক বাণিজ্য মন্ত্ৰী  ড° মোহাম্মদ ফৰিদ ছালেহে যুটীয়াভাৱে অধ্যক্ষতা কৰিব।

জে টি চি-ক মন্ত্ৰী পৰ্যায়লৈ উন্নীত কৰাৰ জৰিয়তে দুয়োখন দেশে অৰ্থনৈতিক আৰু বাণিজ্যিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ প্ৰতি দিয়া গুৰুত্ব প্ৰতিফলিত হৈছে। বৈঠকত দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ সম্পৰ্কৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে দ্বিপাক্ষিক বাণিজ্যৰ দিশটোক অধিক বৈচিত্ৰ্যপূৰ্ণ আৰু সম্প্ৰসাৰণ কৰাৰ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰাৰ সুযোগ মুকলি হ’ব। আলোচনাত বজাৰ প্ৰৱেশৰ বিষয়, অশুল্ক বাধা, বাণিজ্য প্ৰতিকাৰ, কৃষি আৰু খাদ্য সামগ্ৰী, ঔষধ আৰু স্বাস্থ্যসেৱা, অভিযান্ত্ৰিক সামগ্ৰী, ৰাসায়নিক আৰু পেট্ৰ'কেমিকেল, সাৰ, বস্ত্ৰ, এম এছ এম ই, শুল্ক সহযোগিতা, সেৱা, নবীকৰণযোগ্য শক্তি, সেউজ হাইড্ৰ'জেন, পৰিবহণ আৰু ৰচদ পাতি সৰবৰাহ আদি পাৰস্পৰিক আগ্ৰহৰ ক্ষেত্ৰসমূহ সামৰি লোৱা হ'ব বুলি আশা কৰা হৈছে।

২০২৬ চনৰ এপ্ৰিল-ছেপ্তেম্বৰৰ সময়ত দ্বিপাক্ষিক সামগ্ৰী বাণিজ্য আগৰ বছৰৰ একে সময়ৰ তুলনাত ৬৪ শতাংশ বৃদ্ধি হৈ ৫.০৪ বিলিয়ন আমেৰিকান ডলাৰত উপনীত হৈছে। ২০২৫-২৬ বিত্তীয় বৰ্ষত ইজিপ্তলৈ ভাৰতৰ ৰপ্তানি ৩.৮৭ বিলিয়ন আমেৰিকান ডলাৰ হোৱাৰ বিপৰীতে ইজিপ্তৰ পৰা আমদানি ২.৬০ বিলিয়ন আমেৰিকান ডলাৰ আছিল। ইজিপ্তলৈ ভাৰতৰ পৰা প্ৰধানকৈ  মাংস আৰু কুকুৰা, পেট্ৰ'লিয়ামজাত সামগ্ৰী, জৈৱিক ৰাসায়নিক, কপাহ আৰু যন্ত্ৰপাতি ৰপ্তানি হোৱাৰ বিপৰীতে  খাৰুৱা পেট্ৰ'লিয়াম, সাৰ, কপাহ আৰু খনিজ সামগ্ৰী ভাৰতলৈ আমদানি কৰা হয় । (উৎস: ডি জি চি আই এচ)

দুয়োপক্ষই পৰস্পৰৰ বজাৰত ব্যৱসায়সমূহৰ অধিক অংশগ্ৰহণ সুচল কৰাৰ ব্যৱস্থা, প্ৰাতিষ্ঠানিক ব্যৱস্থা শক্তিশালী কৰা, বাণিজ্য সম্পৰ্কীয় উদ্বেগ দূৰ কৰা আৰু বিনিয়োগ অংশীদাৰিত্বক প্ৰসাৰিত কৰাৰ বিষয়েও আলোচনা কৰিব বুলি আশা কৰা হৈছে। ছুৱেজ খাল অৰ্থনৈতিক অঞ্চল, ঔদ্যোগিক উন্নয়ন, উৎপাদন, আন্তঃগাঁথনি, বন্দৰ আৰু ৰচদ-পাতি সৰবৰাহ তথা আঞ্চলিক মূল্য শৃংখলত সহযোগিতাৰ সুযোগসমূহেও আলোচনাত স্থান পাব বুলি আশা কৰা হৈছে। ইজিপ্তৰ কৌশলগত ভৌগোলিক অৱস্থানে ভাৰতীয় ব্যৱসায়সমূহক দেশখনত নিজা উপস্থিতি শক্তিশালী কৰাৰ আৰু আফ্ৰিকা, মধ্যপ্ৰাচ্য তথা ইউৰোপৰ বজাৰত প্ৰৱেশ কৰাৰ বাবে উল্লেখযোগ্য সুযোগ প্ৰদান কৰে।

বিভিন্ন খণ্ডৰ ১৩০-তকৈ অধিক চি ই অ’ আৰু জ্যেষ্ঠ উদ্যোগ প্ৰতিনিধিৰে গঠিত এটা উচ্চ পৰ্যায়ৰ ভাৰতীয় ব্যৱসায় প্ৰতিনিধি দলে ভাৰত-ইজিপ্ত যুটীয়া ব্যৱসায় পৰিষদৰ বৈঠক আৰু ভাৰত-ইজিপ্ত ব্যৱসায় ফ'ৰামত অংশগ্ৰহণ কৰিব। জে বি চি বৈঠক আৰু ব্যৱসায় ফ'ৰামে দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ বৃদ্ধি, যুটীয়া উদ্যোগক প্ৰসাৰিত কৰা, প্ৰযুক্তি অংশীদাৰিত্বক প্ৰসাৰিত কৰা আৰু ঔদ্যোগিক সহযোগিতা শক্তিশালী কৰাৰ সুযোগসমূহ অন্বেষণ কৰাৰ উদ্দেশ্যে দুয়োখন দেশৰ ব্যৱসায়িক খণ্ডৰ কৰ্ণধাৰ তথা উদ্যোগ অংশীদাৰসকলৰ মাজত প্ৰত্যক্ষ আদান-প্ৰদানৰ বাবে এখন মঞ্চ প্ৰদান কৰিব।

এই ভ্ৰমণৰ সময়ত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে বিশেষকৈ বাণিজ্য, বিনিয়োগ আৰু ঔদ্যোগিক সহযোগিতাৰ ক্ষেত্ৰত দ্বিপাক্ষিক অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বিষয়ে মত বিনিময় কৰিবলৈ জ্যেষ্ঠ ইজিপ্তীয় মন্ত্ৰীসকলৰ সৈতেও দ্বিপাক্ষিক বৈঠকত অংশ ল’ব ।

এই ভ্ৰমণে উত্তৰ আফ্ৰিকাৰ  গুৰুত্বপূৰ্ণ অংশীদাৰ আৰু আঞ্চলিক বজাৰৰ কৌশলগত প্ৰৱেশদ্বাৰ ইজিপ্তৰ সৈতে অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী কৰাৰ প্ৰতি ভাৰতৰ অবিৰত প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে। দুয়োখন দেশৰে উৎপাদন, ঔষধ, যান-বাহন, বস্ত্ৰ, ৰাসায়নিক, অভিযান্ত্ৰিক সামগ্ৰী, খাদ্য প্ৰক্ৰিয়াকৰণ, নবীকৰণযোগ্য শক্তি, ৰচদ-পাতি সৰবৰাহ আৰু শেহতীয়া প্ৰযুক্তিত সহযোগিতা সম্প্ৰসাৰণৰ বাবে উল্লেখযোগ্য সুযোগ আছে। এই ভ্ৰমণে ভাৰত-ইজিপ্ত অৰ্থনৈতিক অংশীদাৰিত্বক নতুন গতি দিব, প্ৰাতিষ্ঠানিক সহযোগিতা শক্তিশালী কৰিব আৰু ভাৰতীয় তথা ইজিপ্তীয় ব্যৱসায়ৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।

***

Abhishek Dayal/ Abhijith Narayanan/ Ishita Biswas/DD


(ৰিলিজ আই ডি : 2336358) অতিথি কক্ষ : 9