গ্ৰামোন্নয়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav

শিৱৰাজ সিং চৌহানে ওড়িশাৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত পাঁচ লাখ ঘৰ নিৰ্মাণৰ কথা ঘোষণা কৰে

ওড়িশাৰ ২৯ লাখ মহিলাই ‘লাখপতি বাইদেউ’ৰ মৰ্যাদা লাভ কৰিছে; মহিলা উদ্যোগীসকলৰ বাবে অধিক সহায়-সমৰ্থনৰ ব্যৱস্থা কৰা হ’ব

ওড়িশাৰ প্ৰতিখন পঞ্চায়তে উন্নয়নৰ বাবে লাভ কৰিব ২ কোটি টকালৈকে পুঁজি।

বলাংগীৰ কৃষি মহাবিদ্যালয়ক দেশৰ সৰ্বশ্ৰেষ্ঠ শিক্ষানুষ্ঠান হিচাপে গঢ়ি তোলা হ’ব।

ওড়িশাৰ কোনো যোগ্য দৰিদ্ৰ পৰিয়ালেই পকী ঘৰৰ সুবিধাৰ পৰা বঞ্চিত নহ’ব।

সৌৰশক্তিচালিত ঘৰে গ্ৰামাঞ্চলৰ পৰিয়ালসমূহৰ বিদ্যুতৰ বিল হ্ৰাস কৰাৰ লগতে অতিৰিক্ত উপাৰ্জনৰ পথো মুকলি কৰিব।

মহিলা উদ্যোগীসকলে কোনো ধৰণৰ জামিন অবিহনেই ঋণ লাভ কৰিব।

বিকশিত ভাৰত–জি ৰাম জি আঁচনিয়ে ওড়িশাৰ গ্ৰাম্য উন্নয়নৰ গতি ত্বৰান্বিত কৰিব।

পোষ্ট কৰা হৈছে: 14 NOV 2026 6:41PM by PIB Guwahati

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে আজি প্ৰধানমন্ত্ৰী আৱাস যোজনা–গ্ৰামীণৰ অধীনত ওড়িশাৰ দৰিদ্ৰ পৰিয়ালসমূহৰ বাবে পাঁচ লাখ পকী ঘৰ নিৰ্মাণৰ কথা ঘোষণা কৰে।
মুখ্যমন্ত্ৰী শ্ৰী মোহন চৰণ মাঝিৰ উপস্থিতিত বলাংগীৰত এই আঁচনিৰ এখন ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে এই ঘোষণা কৰে। এই কাৰ্যসূচীতে বলাংগীৰত এখন নতুন কৃষি মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হয়।
এই অনুষ্ঠানত উপ-মুখ্যমন্ত্ৰী তথা কৃষিমন্ত্ৰী শ্ৰী কনক বৰ্ধন সিং দেও, পঞ্চায়তীৰাজ আৰু খোৱাপানী মন্ত্ৰী শ্ৰী ৰবি নাৰায়ণ নায়ক, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ মুকেশ মহালিং, সাংসদ শ্ৰীমতী সংগীতা কুমাৰী সিং দেও আৰু স্থানীয় বিধায়ক শ্ৰী নবীন কুমাৰ জৈন, শ্ৰী লক্ষ্মণ বাগ তথা শ্ৰীমতী ৰূপা মিশ্ৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

শ্ৰী চৌহানে কয় যে, ইতিমধ্যে এটা নতুন আৰু যথাযথ সমীক্ষা সম্পূৰ্ণ কৰা হৈছে আৰু কোনো দৰিদ্ৰ পৰিয়ালেই যাতে কেঁচা ঘৰত বাস কৰিবলগীয়া নহয়, সেয়া নিশ্চিত কৰা হ’ব। সকলো যোগ্য পৰিয়ালকে পৰ্যায়ক্ৰমে পকী ঘৰ প্ৰদান কৰা হ’ব।
তেওঁ লগতে ঘোষণা কৰে যে ঘৰত সৌৰ পেনেল স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে যৌথভাৱে ৰাজসাহায্য প্ৰদান কৰিব। ইয়াৰ ফলত হিতাধিকাৰীসকলৰ বিদ্যুতৰ বিল শূন্যলৈ হ্ৰাস পোৱাৰ লগতে অতিৰিক্ত উৎপাদিত বিদ্যুৎ বিক্ৰী কৰি অতিৰিক্ত উপাৰ্জন কৰাৰো সুযোগ লাভ কৰিব।

ওড়িশাৰ ২৯ লাখ মহিলাই ‘লাখপতি বাইদেউ’ৰ মৰ্যাদা লাভ কৰিছে; মহিলাসকলৰ বাবে ১০ লাখ কোটি টকাৰ ঋণ প্ৰদানৰ পদক্ষেপ।

মহিলাসকলৰ শক্তি আৰু অৱদানৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি শ্ৰী চৌহানে কয় যে মহিলাসকলক বছৰি ১০,০০০ টকাকৈ প্ৰদান কৰা ‘সুভদ্ৰা যোজনা’ই তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাৰ লগতে মৰ্যাদা আৰু সন্মান বৃদ্ধি কৰিছে।
তেওঁ নিৰ্ধাৰিত সময়সীমাৰ এবছৰ পূৰ্বেই ২৭ লাখ ‘লাখপতি বাইদেউ’ৰ লক্ষ্যত উপনীত হোৱাৰ বাবে ওড়িশা চৰকাৰৰ প্ৰশংসা কৰে। মুখ্যমন্ত্ৰী শ্ৰী মোহন চৰণ মাঝিৰ নেতৃত্বত বৰ্তমান ৰাজ্যখনৰ ২৯ লাখ মহিলাই ‘লাখপতি বাইদেউ’ৰ মৰ্যাদা লাভ কৰিছে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে আগন্তুক পাঁচ বছৰত দেশৰ অধিকসংখ্যক মহিলাক ‘লাখপতি বাইদেউ’ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে বেংকৰ জৰিয়তে সমগ্ৰ দেশৰ মহিলাসকলক ১০ লাখ কোটি টকাৰ ঋণ প্ৰদান কৰা হ’ব।
তেওঁ লগতে কয় যে এতিয়াৰ পৰা ঋণ লাভৰ সুবিধা কেৱল আত্মসহায়ক গোটৰ সদস্যাসকলৰ মাজতে সীমাবদ্ধ নাথাকিব। যিসকল মহিলাই ব্যক্তিগতভাৱে নিজা ব্যৱসায় বা জীৱিকাৰ কাৰ্যকলাপ আৰম্ভ কৰিবলৈ বিচাৰে, তেওঁলোকেও কোনো ধৰণৰ জামিন অবিহনে ঋণ লাভ কৰিব পাৰিব।

বলাংগীৰ কৃষি মহাবিদ্যালয়ক দেশৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান হিচাপে গঢ়ি তোলা হ’ব; সৌৰশক্তিয়ে কৃষকসকলক সহায় কৰিব।

কৃষকসকলৰ সেৱা কৰাটো ঈশ্বৰৰ উপাসনাৰ সমতুল্য বুলি অভিহিত কৰি শ্ৰী চৌহানে আশ্বাস দিয়ে যে ভাৰতীয় কৃষি গৱেষণা পৰিষদ (ICAR) আৰু ভাৰত চৰকাৰৰ সহযোগত বলাংগীৰৰ নতুন কৃষি মহাবিদ্যালয়খনক দেশৰ সৰ্বোত্তম কৃষি শিক্ষানুষ্ঠান হিচাপে গঢ়ি তোলা হ’ব। দেশৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ কৃষি বিজ্ঞানীসকলে কৃষকসকলৰ সৈতে একেলগে কাম কৰি তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰণত সহায় কৰিব।
তেওঁ কয় যে ৰাজ্যখনৰ কৃষি খণ্ডৰ আধুনিকীকৰণৰ বাবে ওড়িশা চৰকাৰৰ সৈতে সমন্বয় সাধন কৰি বিস্তৃত ৰূপৰেখা প্ৰস্তুত কৰা হৈছে। প্ৰস্তাৱিত এই পদক্ষেপৰ অধীনত কৃষিভূমিৰ ওপৰত সৌৰ পেনেল স্থাপন কৰা হ’ব, যাৰ তলত কৃষকসকলে ফল-মূল আৰু শাক-পাচলিৰ খেতি কৰিব পাৰিব। ইয়াৰ ফলত কৃষকসকলে কৃষিকাৰ্যৰ লগতে সৌৰশক্তি উৎপাদনৰ পৰাও উপাৰ্জন কৰিবলৈ সক্ষম হ’ব।
শ্ৰী চৌহানে লগতে কয় যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ পৰা বাদ পৰি ৰোৱা যোগ্য কৃষকসকলৰ নাম এতিয়া হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

উন্নয়নৰ বাবে প্ৰতিখন পঞ্চায়তে লাভ কৰিব ১ৰ পৰা ২ কোটি টকা; মাফিয়া চক্ৰসমূহ উৎখাত কৰা হৈছে।

গ্ৰাম্য উন্নয়নৰ বাবে চৰকাৰৰ পৰিকল্পনাৰ বিষয়ে উল্লেখ কৰি শ্ৰী চৌহানে কয় যে বিকশিত ভাৰত–জি ৰাম জি আঁচনিৰ অধীনত চলিত বৰ্ষত ওড়িশাই প্ৰায় ৪,০০০ কোটি টকা লাভ কৰিব। ইয়াৰ ফলত প্ৰতিখন পঞ্চায়তে বছৰি ২৫ লাখৰ পৰা ৫০ লাখ টকালৈকে লাভ কৰিব। পাঁচ বছৰৰ ভিতৰত সৰু পঞ্চায়তসমূহে উন্নয়নমূলক কাম-কাজৰ বাবে ১ কোটি টকালৈকে আৰু ডাঙৰ পঞ্চায়তসমূহে ২ কোটি টকালৈকে পুঁজি লাভ কৰিব।
এই পুঁজিৰে পথ, নলা-নৰ্দমা, বিদ্যালয় আৰু পঞ্চায়ত ভৱন নিৰ্মাণ, কৃষকসকলৰ কৃষিভূমিলৈ যাতায়াতৰ পথৰ সংযোগ ব্যৱস্থা উন্নত কৰা আৰু জল সংৰক্ষণৰ বাবে পুখুৰী নিৰ্মাণ আদি কাম কৰিব পৰা যাব।
তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ চতুৰ্থ পৰ্যায়ৰ অধীনত ১,৭০০ কিলোমিটাৰ পথ নিৰ্মাণৰ অনুমোদন জনোৱাৰ পিছত বাকী থকা সকলো গাঁৱকো পকী পথেৰে সংযোগ কৰা হ’ব।

ৰাজ্যখনৰ সংস্কৃতি আৰু জনসাধাৰণৰ আধাৰত গঢ় লৈ উঠিছে ‘বিকশিত ওড়িশা’ৰ দৃষ্টিভংগী।

নিজৰ স্বভাৱসুলভ আন্তৰিক আৰু ব্যক্তিগত শৈলীৰে বিশাল জনসমাৱেশক সম্বোধন কৰি তেওঁ কয় যে তেওঁ কোনো বিশিষ্ট অতিথি বা পৰ্যটক হিচাপে অহা নাই, বৰঞ্চ কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰী হিচাপে এগৰাকী সাধাৰণ জনসেৱক হিচাপেহে আহিছে।
তেওঁ কয় যে ওড়িশাৰ জীৱন্ত আৰু কৰ্মচঞ্চল জনসাধাৰণৰ মাজত তেওঁ ভগৱান জগন্নাথক আৰু ৰাজ্যখনৰ মহিলাসকলৰ মাজত সুভদ্ৰা মাইয়াৰ প্ৰতিচ্ছবি দেখা পায়।
মুখ্যমন্ত্ৰী শ্ৰী মোহন চৰণ মাঝিৰ প্ৰশংসা কৰি শ্ৰী চৌহানে তেওঁক এগৰাকী সৰল, সহজে কাষ চাপিব পৰা আৰু নিষ্ঠাৱান জনসেৱক বুলি অভিহিত কৰে, যি নিৰন্তৰভাৱে জনসাধাৰণৰ সেৱাত নিয়োজিত হৈ আছে।
তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ সপোন বাস্তৱায়িত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এখন বিকশিত ওড়িশা গঢ়ি তোলাৰ দিশত কাম কৰি আছে।

PU/SD


(ৰিলিজ আই ডি : 2336354) অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Odia , Tamil