বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

অসমত টিপাৰ ট্ৰাকৰ বিশেষভাৱে সজা খালী ঠাইত লুকুৱাই ৰখা ২০ কিলোগ্ৰাম মেথ টেবলেট জব্দ কৰিলে ডি আৰ আই-এ; এজন গ্ৰেপ্তাৰ

পোষ্ট কৰা হৈছে: 14 NOV 2026 6:43PM by PIB Guwahati

দেশৰ উত্তৰ-পূৰ্বাঞ্চলত নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে বৃহৎ অভিযান অব্যাহত ৰাখি ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ (ডি আৰ আই) বিষয়াসকলে অসম ৰাইফলছৰ ৩৮ নম্বৰ বেটেলিয়নৰ জোৱানসকলৰ সৈতে যুটীয়াভাৱে চলোৱা চোৰাংচোৱা অভিযানত ১২ নৱেম্বৰ ২০২৬ত এখন টিপাৰ ট্ৰাকৰ পৰা ২০ কিলোগ্ৰাম মেথামফেটামাইন টেবলেট (সাধাৰণতে য়াবা নামেৰে জনাজাত) জব্দ কৰে।

চোৰাংচোৱা তথ্যৰ ভিত্তিত অভিযান চলাই ডি আৰ আই-ৰ বিষয়াসকলে কাছাৰ জিলাৰ বৰখোলাৰ সমীপত এখন টাটা টিপাৰ ট্ৰাক আটক কৰাৰ লগতে এজন কাৰিকৰৰ সহায়ত ইয়াৰ বিশদ পৰীক্ষা কৰাৰ সময়ত ট্ৰাকখনৰ সোঁফালৰ পেনেলৰ ওপৰৰ ভিতৰৰ অংশত বিশেষভাৱে লুকুৱাই ৰখা এটা খালী ঠাই ধৰা পেলায়। পেনেলটোত থকা কটা আৰু ৱেল্ডিং কৰাৰ চিন  চিমেণ্ট আৰু ৰঙেৰে ঢাকি ৰখা হৈছিল।

খালী ঠাইডোখৰ খোলাৰ পাছত বিষয়াসকলে মেথামফেটামাইন বুলি সন্দেহ কৰা গোলাপী-কমলা ৰঙৰ টেবলেট থকা ৩২টা পেকেট উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা সামগ্ৰীৰ ভিতৰত ১ কিলোগ্ৰামকৈ ওজনৰ ১৭টা ইটা আকৃতিৰ পেকেট আৰু ২০০ গ্ৰামকৈ ওজনৰ ১৫টা আয়তাকাৰ পেকেট আছিল। এন ডি পি এছ ফিল্ড ডিটেকশ্বন কিট ব্যৱহাৰ কৰি নমুনাৰ প্ৰাৰম্ভিক ফিল্ড পৰীক্ষাত এমফেটামাইন থকা বুলি প্ৰমাণ পোৱা গৈছে।

মুঠ ২০ কিলোগ্ৰাম ওজনৰ উদ্ধাৰ হোৱা টেবলেটসমূহ ট্ৰাকখনৰ সৈতে মাদক দ্ৰব্য আৰু মনোৰোগজনক পদাৰ্থ (এন ডি পি এছ) আইন, ১৯৮৫ৰ সংশ্লিষ্ট ধাৰাৰ অধীনত জব্দ কৰা হয়। ট্ৰাকখনৰ আৰোহীজনক আইনখনৰ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়।

এই অভিযানে টিপাৰ ট্ৰাকৰ কাষৰ পেনেলৰ ভিতৰত তৈয়াৰী খালী ঠাইত লুকুৱাই ৰখাৰ এটা অভিনৱ পদ্ধতি উন্মোচন কৰিছে। নিয়মীয়া তালাচীৰ সময়ত ধৰা নপৰাকৈ খোলা ঠাইডোখৰ চিমেণ্ট আৰু ৰঙেৰে ঢাকি ৰখা পৰিলক্ষিত হৈছিল।

ডি আৰ আই চোৰাংচোৱা ভিত্তিক অভিযান আৰু আন্তঃসংস্থা সহযোগিতাৰ জৰিয়তে ড্ৰাগছ সৰবৰাহ নেটৱৰ্ক ভাঙি পেলোৱা আৰু অবৈধ মাদক দ্ৰব্যৰ প্ৰবাহ ৰোধ কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।

****

KT/KMN/DD


(ৰিলিজ আই ডি : 2336349) অতিথি কক্ষ : 13
ত এই ৰিলিজটো পঢ়ক: Urdu , English , Gujarati , हिन्दी , Tamil , Telugu