পোষ্ট কৰা হৈছে:
13 NOV 2026 6:54PM by PIB Guwahati
ভাৰতীয় নৌসেনাৰ থলুৱাভাৱে নিৰ্মিত গাইডেড মিছাইল ষ্টেল্থ ফ্ৰিগেট, আই এন এছ সহয়াদ্ৰিয়ে মালাবাৰ ২০২৬ অনুশীলনৰ সফল সামৰণিৰ পাছত ২০২৬ চনৰ ১২ নৱেম্বৰত জাপানৰ য়োকোসুকা নৌ ঘাটিৰ পৰা ওভতনি যাত্ৰা আৰম্ভ কৰে।
এই অনুশীলনে ভাৰত, জাপান, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়াৰ নৌসেনা বাহিনীসমূহক একত্ৰিত কৰাৰ উপৰি বন্দৰ পৰ্যায়ত পেছাদাৰী আদান-প্ৰদান আৰু সাগৰ পৰ্যায়ত সমন্বিত সামুদ্ৰিক অভিযান চলোৱা হয়।
ছাবমেৰিন প্ৰতিৰোধী সমৰ কৌশল, পৰিদৰ্শন, ব’ৰ্ড, অনুসন্ধান আৰু জব্দ (ভি বি এচ এচ) অনুশীলন, সামুদ্ৰিক বাধা নিষেধ সম্পৰ্কীয় অভিযান, অস্ত্ৰচালনা অনুশীলন, পৰিপূৰণ সম্পৰ্কীয় কাম-কাজ আৰু পৰস্পৰৰ ডেক সম্পৰ্কীয় অভিজ্ঞতাকে ধৰি সাগৰ পৰ্যায়ত বিভিন্ন সামুদ্ৰিক অভিযান আৰু অনুশীলন অনুষ্ঠিত হয়। এই বিনিময়সমূহে অংশগ্ৰহণকাৰী নৌসেনাসমূহৰ মাজত আন্তঃকাৰ্যক্ষমতা, কাৰ্যকৰী সমন্বয় আৰু পাৰস্পৰিক বুজাবুজি বৃদ্ধি কৰাৰ মূল্যৱান সুযোগ প্ৰদান কৰে।
বন্দৰ পৰ্যায়ত অনুষ্ঠিত কাৰ্যকৰী সমন্বয়, পৰস্পৰৰ ডেক সম্পৰ্কীয় অভিজ্ঞতা, ক্ৰীড়া আদান-প্ৰদান আৰু সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে অংশগ্ৰহণকাৰী কৰ্মীসকলৰ মাজত বন্ধুত্ব আৰু বন্ধন শক্তিশালী হয়।
অনুশীলনৰ সফল সামৰণিয়ে ভাৰতৰ মহাসাগৰ (মহাসাগৰ - অঞ্চলসমূহত নিৰাপত্তা আৰু বিকাশৰ বাবে পাৰস্পৰিক আৰু সামগ্ৰিক অগ্ৰগতি) দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সামুদ্ৰিক সহযোগিতা আৰু সামূহিক নিৰাপত্তাৰ প্ৰতি অংশগ্ৰহণকাৰী নৌসেনাসমূহৰ বিনিময়ৰ প্ৰতিশ্ৰুতিক পুনৰ নিশ্চিত কৰে ।
(3)_20261113185520_ba978e.jpeg)
VM/AS/DD