পোষ্ট কৰা হৈছে:
13 NOV 2026 8:41PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ গোলাঘাট জিলাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। এই শোকৰ সময়ত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি তেওঁ আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনায়। শ্ৰী মোদীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ) ৰ পৰা প্ৰাণ হেৰুওৱা প্ৰতিজন লোকৰ নিকট আত্মীয়লৈ ২ লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে, আনহাতে আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’ব।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত এইদৰে পোষ্ট কৰিছেঃ
‘অসমৰ গোলাঘাট জিলাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছোঁ। এই দুখৰ সময়ত মই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। প্ৰাণ হেৰুওৱা প্ৰতিজন লোকৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰ পৰা ২ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হ’ব। আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ’বঃ প্ৰধানমন্ত্ৰী @narendramodi’
*****
MJPS/SS/PRK/MK