প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰত-শ্ৰীলংকা যুটীয়া সামৰিক অনুশীলন ‘মিত্ৰ শক্তি ২০২৬’ৰ বাবে ৰাওনা ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ দল

পোষ্ট কৰা হৈছে: 13 NOV 2026 3:53PM by PIB Guwahati

ভাৰত-শ্ৰীলংকা যুটীয়া সামৰিক অনুশীলন ‘মিত্ৰ শক্তি ২০২৬’ৰ দ্বাদশ সংস্কৰণত অংশগ্ৰহণ কৰিবলৈ ১৭০ জনীয়া ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ এটা দল আজি শ্ৰীলংকালৈ ৰাওনা হয়। এই অনুশীলন ২০২৬ চনৰ ১৩ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ শ্ৰীলংকাৰ মাদুৰু ৱাৰ আৰ্মি ট্ৰেইনিং স্কুলত অনুষ্ঠিত হ'ব। ভাৰতীয় দলটোত মূলতঃ ৰাজপুতনা ৰাইফলছৰ এটা বেটেলিয়নৰ লগতে অন্যান্য অস্ত্ৰ আৰু সেৱাৰ সৈনিক তথা ভাৰতীয় বায়ুসেনাৰ কৰ্মীসকলো আছে।

এই অনুশীলনৰ উদ্দেশ্য হৈছে ৰাষ্ট্ৰসংঘৰ নিৰ্দেশনা অনুসৰি অৰ্ধ-নগৰীয়া পৰিৱেশত সন্ত্ৰাসবাদ বিৰোধী অভিযান চলাবলৈ দুয়োখন দেশৰ সেনাৰ যুটীয়া সামৰিক সামৰ্থ্য বৃদ্ধি কৰা।

 ‘মিত্ৰ শক্তি’ অনুশীলন হৈছে ভাৰত আৰু শ্ৰীলংকাত পৰ্যায়ক্ৰমে অনুষ্ঠিত বাৰ্ষিক দ্বিপাক্ষিক সামৰিক অনুশীলন। এই অনুশীলনে দুয়োখন দেশৰ সেনাবাহিনীৰ বাবে আন্তঃকাৰ্যক্ষমতা শক্তিশালী কৰা, কাৰ্যকৰী অভিজ্ঞতা বিনিময় কৰা আৰু সন্ত্ৰাসবাদবিৰোধী অভিযান পৰিচালনাৰ ক্ষেত্ৰত উত্তম অনুশীলনসমূহ বিনিময় কৰাৰ ক্ষেত্ৰত এখন গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰাৰ লগতে পাৰস্পৰিক বুজাবুজি আৰু পেছাদাৰী বন্ধুত্বকো ত্বৰান্বিত কৰে।

১৪ দিনীয়া এই অনুশীলনত শাৰীৰিক সুস্থতা বৃদ্ধি, কৌশলগত অনুশীলন পৰিশোধন আৰু অংশগ্ৰহণকাৰী দলসমূহৰ মাজত সমন্বয় উন্নত কৰাত গুৰুত্ব দিয়া হ'ব। প্ৰশিক্ষণ কাৰ্যসূচীত পথ অৱৰোধ অভিযান, নগৰীয়া টহল, বাহনৰ কনভয় সুৰক্ষা, অঞ্চল বিশেষ আক্ৰমণ, ভিৰ নিয়ন্ত্ৰণ আৰু সুৰক্ষিত স্থানৰ বিৰুদ্ধে সম্মিলিত অস্ত্ৰ অভিযানকে ধৰি যুটীয়া পৰিকল্পনা, কৌশলগত অভিযানৰ অনুশীলন আৰু বিশেষ যুদ্ধ কৌশল অন্তৰ্ভুক্ত থাকিব।ব্যাপক বৈধকৰণ অনুশীলনৰ জৰিয়তে এই অনুশীলনৰ সামৰণি পৰিব তথা এই কাৰ্যসূচীয়ে দুয়োটা দলকে প্ৰশিক্ষণৰ সময়ত অনুশীলন কৰা কৌশল, পদ্ধতি আৰু প্ৰক্ৰিয়াসমূহ যুটীয়াভাৱে প্ৰয়োগ কৰিবলৈ সক্ষম কৰিব। 

‘মিত্ৰ শক্তি ২০২৬’ অনুশীলনে ভাৰত আৰু শ্ৰীলংকাৰ মাজত প্ৰতিৰক্ষা সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ লগতে দুয়োখন ৰাষ্ট্ৰৰ মাজত দীৰ্ঘদিনীয়া বন্ধুত্ব আৰু পাৰস্পৰিক আস্থাৰ বন্ধনক সুদৃঢ় কৰাৰ উপৰি আঞ্চলিক শান্তি, স্থিতিশীলতা আৰু নিৰাপত্তাত অৰিহণা যোগাব।

*****

Nishant / Ashish/DD


(ৰিলিজ আই ডি : 2335887) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil