বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

স্বচ্ছতাক প্ৰাতিষ্ঠানিক ৰূপ দিয়া আৰু অসমাপ্ত কামৰ পৰিমাণ হ্ৰাস কৰাৰ বাবে ডি আই পি এ এমৰ ষষ্ঠ বিশেষ অভিযানত অংশগ্ৰহণ

এম এছ টি চি লিমিটেডৰ জৰিয়তে ২,০১,৭৭৭ টকাৰ ই-আৱৰ্জনা আঁতৰোৱা হৈছে

ভি আই পি প্ৰসংগ, আন্তঃমন্ত্রালয় আৰু পি এম অ’ প্ৰসংগ আৰু সংসদীয় আশ্বাসত গুৰুত্ব আৰোপ

পোষ্ট কৰা হৈছে: 13 NOV 2026 10:42AM by PIB Guwahati

বিত্ত মন্ত্ৰালয়ৰ বিনিয়োগ আৰু ৰাজহুৱা সম্পত্তি ব্যৱস্থাপনা বিভাগে (ডি আই পি এ এম) ২০২৬ চনৰ ২ অক্টোবৰৰ পৰা ২০২৬ চনৰ ৩১ অক্টোবৰলৈকে স্বচ্ছতাক প্ৰাতিষ্ঠানিক ৰূপ দিয়া আৰু চৰকাৰী কাৰ্যালয়সমূহত অসমাপ্ত কামৰ পৰিমাণ হ্ৰাস কৰাৰ বাবে ষষ্ঠ পৰ্যায়ৰ বিশেষ অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ডি আই পি এ এমৰ অধীনত কোনো সংযুক্ত বা অধীনস্থ কাৰ্যালয় বা স্বায়ত্তশাসিত সংস্থা নাই।

২০২৬ চনৰ ১৫ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ প্ৰস্তুতিমূলক পৰ্যায়ত ডি আই পি এ এময়ে মুখ্য ক্ষেত্ৰসমূহত লক্ষ্য নিৰ্ধাৰণ কৰি ভি আই পি প্ৰসংগ, আন্তঃমন্ত্ৰী আৰু পি এম অ’ প্ৰসংগ তথা সংসদীয় আশ্বাসৰ দৰে অমীমাংসিত বিষয়সমূহৰ সময়মতে নিষ্পত্তিত গুৰুত্ব দিছিল। প্ৰক্ৰিয়াসমূহৰ সৰলীকৰণ, নথিপত্ৰৰ পৰ্যালোচনা আৰু নিষ্পত্তি কৰাৰ জৰিয়তে ফলপ্ৰসূ নথিভুক্ত ব্যৱস্থাপনা, কাৰ্যালয়ৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা, স্থান ব্যৱস্থাপনা আৰু আৱৰ্জনা নিষ্পত্তিৰ দৰে কাৰ্যালয়ৰ ৰক্ষণাবেক্ষণ কাৰ্যকলাপত গুৰুত্ব আৰোপ কৰা হৈছিল।

 

পৰৱৰ্তী সময়ত ২০২৬ চনৰ ২ অক্টোবৰৰ পৰা ২০২৬ চনৰ ৩১ অক্টোবৰলৈ অনুষ্ঠিত অভিযানৰ ৰূপায়ণ পৰ্যায়ত ডি আই পি এ এময়ে নিৰ্ধাৰণ কৰা লক্ষ্যসমূহ নিষ্পত্তিৰ বাবে উল্লেখযোগ্য প্ৰচেষ্টা হাতত লৈছিল। হাতত লোৱা কাৰ্যসূচীসমূহৰ লগতে বিভিন্ন পৰ্যায়ত গ্ৰহণ কৰা পদক্ষেপসমূহৰ স্থিতি উল্লেখ কৰা হৈছেঃ

 

নিৰ্ধাৰিত ৩টা ভি আই পি প্ৰসংগৰ ভিতৰত ৩টাৰে নিষ্পত্তি কৰা হৈছিল।

নিৰ্ধাৰিত ৮টা সংসদীয় আশ্বাসৰ ভিতৰত এটা বিষয় সম্পৰ্কত ৰূপায়ণ প্ৰতিবেদন বিবেচনাৰ বাবে লোকসভা সচিবালয়/ৰাজ্যসভা সচিবালয়লৈ প্ৰেৰণ কৰা হৈছে।

দুটা পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান চলোৱা হৈছিল।

এম. এছ. টি. চি. লিমিটেডৰ জৰিয়তে ২,০১,৭৭৭ টকাৰ ই-আৱৰ্জনা আঁতৰোৱাৰ কামো সম্পূৰ্ণ কৰা হৈছে

জ্যেষ্ঠ বিষয়াসকলে অভিযানৰ প্ৰস্তুতি আৰু অগ্ৰগতিৰ মূল্যায়ন কৰিবলৈ কাৰ্যালয় আৰু ভৱন চৌহদ পৰিসৰ পৰিদৰ্শন কৰাৰ লগতে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ মান বজাই ৰখাৰ বিষয়ৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে।

 

***

KT/AD/BC


(ৰিলিজ আই ডি : 2335769) অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক: Urdu , English , हिन्दी , Tamil