পোষ্ট কৰা হৈছে:
12 NOV 2026 5:29PM by PIB Guwahati
তুৰস্কৰ আন্টালিয়াত অনুষ্ঠিত হ'বলগীয়া ইউএনএফচিচিচি কপ৩১ত অংশগ্ৰহণৰ প্ৰাকমুহূৰ্তত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱে আজি নতুন দিল্লীত তীখা, চিমেণ্ট আৰু পৰিবহণৰ দৰে অধিক কাৰ্বন নিৰ্গমনকাৰী খণ্ডৰ উদ্যোগ প্ৰতিনিধি আৰু শৈক্ষিক গৱেষণা প্ৰতিষ্ঠানসমূহৰ সৈতে মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে।
এই অনুষ্ঠানত লিডাৰশ্বিপ গ্ৰুপ ফৰ ইণ্ডাষ্ট্ৰী ট্ৰেঞ্জিচনৰ ভাৰতীয় সদস্য কোম্পানীসমূহ যেনে— টাটা ষ্টীল, জেএছডব্লিউ ষ্টীল, ছেইল,চিনাৰ্জী এডভান্সড মেটেলছ, আদানি অম্বুজা চিমেণ্ট, ডালমিয়া চিমেণ্ট, জেকে চিমেণ্ট, জেএছডব্লিউ চিমেণ্ট, আল্ট্ৰাটেক চিমেণ্ট, ভলভো গ্ৰুপ আৰু স্পাইচজেট একত্ৰিত হয়। ভাৰত-ছুইডেন উদ্যোগ পৰিৱৰ্তন অংশীদাৰিত্বৰ অধীনত অংশগ্ৰহণ কৰা প্ৰকল্প অংশীদাৰসকলৰ ভিতৰত আছিল জিন্দাল ষ্টীল এণ্ড পাৱাৰ লিমিটেড, প্ৰিজম জনছন, হোগানাছ ইণ্ডিয়া আৰু মাইহোম ইণ্ডাষ্ট্ৰীজ। ইয়াৰ উপৰি, কম কাৰ্বনযুক্ত প্ৰযুক্তিক লৈ কাম কৰি থকা আগশাৰীৰ গৱেষণা প্ৰতিষ্ঠানসমূহ যেনে— ৰাষ্ট্ৰীয় চিমেণ্ট আৰু নিৰ্মাণ সামগ্ৰী পৰিষদ, আইআইটি বম্বে, আইআইটি ভুৱনেশ্বৰ, আইআইটি (আইএছএম) ধানবাদ, আইআইটি হায়দৰাবাদ আৰু আইআইটি খড়গপুৰো প্ৰকল্প অংশীদাৰ হিচাপে উপস্থিত আছিল।
মত বিনিময় অনুষ্ঠানত ভাষণ দি শ্ৰী যাদৱে কয়, “পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় আৰু ভাৰত চৰকাৰ সহযোগিতামূলক জলবায়ু কাৰ্যকলাপক সমৰ্থন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।লীডআইটি ৩.০ হ’ব এখন বাস্তৱায়ন-কেন্দ্ৰিক মঞ্চ, যিয়ে উচ্চাকাংক্ষাক বাস্তৱ আৰু দৃশ্যমান ফলাফললৈ ৰূপান্তৰিত কৰিব।” তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে জলবায়ু পৰিৱৰ্তন ৰোধৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগী চৰকাৰ, উদ্যোগ আৰু শৈক্ষিক জগতৰ মাজৰ সহযোগিতাৰ শক্তিৰ ওপৰত দৃঢ়ভাৱে প্ৰতিষ্ঠিত। মন্ত্ৰীগৰাকীয়ে উচ্চাভিলাষী নীতি আৰু কাৰ্যসূচীৰ জৰিয়তে জলবায়ু পৰিৱৰ্তন ৰোধৰ বাবে ভাৰতে গ্ৰহণ কৰা প্ৰচেষ্টাসমূহৰ ওপৰতো আলোকপাত কৰে।
লীডআইটিৰ উদ্যোগ সদস্য আৰু প্ৰকল্প অংশীদাৰসকলে লীডআইটিৰ সৈতে জড়িত হোৱাৰ অভিজ্ঞতা বৰ্ণনা কৰে আৰু চৰকাৰ তথা শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ সৈতে সহযোগিতাৰ গুৰুত্বৰ কথা উল্লেখ কৰে। উদ্যোগ সদস্যসকলে প্ৰকল্পৰ অংশীদাৰিত্ব গঢ়ি তোলা, প্ৰযুক্তিৰ সম্ভাৱনীয়তা মূল্যায়ন কৰা আৰু জ্ঞানৰ আদান-প্ৰদানৰ ক্ষেত্ৰত এই মঞ্চই আগবঢ়োৱা সমৰ্থনৰ শলাগ লয়। উদ্যোগ প্ৰতিনিধিসকলে প্ৰাক-প্ৰতিযোগিতামূলক প্ৰকল্প প্ৰস্তুতি, পাইলট প্ৰকল্প আৰু দক্ষতা বিকাশৰ বাবে অধিক সমৰ্থনৰ প্ৰয়োজনীয়তাও ব্যক্ত কৰে।
উল্লেখযোগ্য যে ভাৰত আৰু ছুইডেন চৰকাৰে বিশ্ব অৰ্থনৈতিক মঞ্চৰ সহযোগত ২০১৯ চনত নিউয়ৰ্কত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ জলবায়ু কাৰ্য সন্মিলনত লীডআইটি আৰম্ভ কৰিছিল। ২০২৬ চনৰ মে' মাহত ভাৰত আৰু ছুইডেনৰ প্ৰধানমন্ত্ৰীয়ে লীডআইটিৰ নৱীকৃত কাৰ্যাদেশ ঘোষণা কৰিছিল। ই হৈছে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব, য'ত বৰ্তমান ১৯খন দেশ আৰু ৩৩টা কোম্পানী সদস্য হিচাপে আছে। শ্ৰী যাদৱ আৰু ছুইডেনৰ জলবায়ু আৰু উদ্যোগ মন্ত্ৰালয়ে ১৭ নৱেম্বৰ, ২০২৬ তাৰিখে আন্টালিয়াত অনুষ্ঠিত হ'বলগীয়া কপ ৩১ৰ 'লীডআইটি ইণ্ডাষ্ট্ৰী লীডাৰ্ছ ৰাউণ্ড টেবল'ত এই পদক্ষেপৰ তৃতীয় পৰ্যায় অৰ্থাৎ লীডআইটি ৩.০ মুকলি কৰিব।
*****
VM