পোষ্ট কৰা হৈছে:
12 NOV 2026 5:25PM by PIB Guwahati
কেন্দ্ৰীয় আয়ুৰ্বেদিক বিজ্ঞান গৱেষণা পৰিষদৰ অধীনস্থ নতুন দিল্লীৰ কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠান আৰু দিল্লী বিশ্ববিদ্যালয়ে ২০২৬ চনৰ ১০ নৱেম্বৰত 'দিল্লী বিশ্ববিদ্যালয়ৰ নৰ্থ কেম্পাছৰ আয়ুৰ্বেদত ব্যৱহৃত ঔষধি গুৰুত্বপূৰ্ণ উদ্ভিদ-বৈচিত্ৰ্যৰ তালিকাভুক্তকৰণ' শীৰ্ষক এটা সহযোগিতামূলক প্ৰকল্প ৰূপায়ণৰ বাবে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে।
নতুন দিল্লীৰ নৰ্থ কেম্পাছত থকা উপাচাৰ্যৰ কাৰ্যালয়ত চি চি আৰ এ এছৰ সঞ্চালক প্ৰধান অধ্যাপক (বৈদ্য) ৰবিনাৰায়ণ আচাৰ্য আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° বিকাশ গুপ্তাই আনুষ্ঠানিকভাৱে এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে।
এই প্ৰকল্পৰ মূল উদ্দেশ্য হৈছে দিল্লী বিশ্ববিদ্যালয়ৰ নৰ্থ কেম্পাছৰ ২৫০-৩০০ একৰ ভূমিত উপলব্ধ ঔষধি উদ্ভিদৰ বৈচিত্ৰ্যক প্ৰণালীবদ্ধভাৱে নথিভুক্ত কৰা, চিনাক্ত কৰা আৰু সংৰক্ষণ কৰা। এই পদক্ষেপৰ জৰিয়তে বিশ্ববিদ্যালয় চৌহদৰ সমৃদ্ধ উদ্ভিদ ঐতিহ্যৰ অনুসন্ধান কৰাৰ লগতে আয়ুৰ্বেদত বৰ্ণিত ঔষধি গুণসম্পন্ন উদ্ভিদৰ প্ৰজাতিসমূহ নথিভুক্ত কৰাৰ লক্ষ্য লোৱা হৈছে।
প্ৰকল্পটোৰ অধীনত ৰূপায়ণ কৰিবলগীয়া মুখ্য কামসমূহৰ ভিতৰত আছে বিস্তৃত ক্ষেত্ৰভিত্তিক জৰীপ, ঔষধি উদ্ভিদ প্ৰজাতিসমূহৰ চিনাক্তকৰণ তথা নথিভুক্তকৰণ, হাৰ্বেৰিয়াম নমুনা প্ৰস্তুতকৰণ আৰু চৌহদৰ বিভিন্ন স্থানত কিউআৰ-ক'ডযুক্ত নামফলক স্থাপন। ইয়াৰ জৰিয়তে উদ্ভিদসমূহ সহজে চিনাক্ত কৰাৰ লগতে সেইবোৰৰ বিষয়ে তথ্য লাভ কৰাটোও সহজ হ'ব।
এই প্ৰকল্পৰ অধীনত উত্তৰ চৌহদৰ ঔষধি উদ্ভিদসমূহৰ বিষয়ে এখন চিত্ৰসম্বলিত পুথি প্ৰস্তুত কৰা হ’ব। লগতে গৱেষণাৰ বৈজ্ঞানিক তথ্যসমূহ প্ৰচাৰৰ বাবে যৌথভাৱে গৱেষণা পত্ৰও প্ৰকাশ কৰা হ’ব।
এই অনুষ্ঠানত দিল্লী বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিক্ৰমা বিভাগৰ ডীন অধ্যাপক কে ৰত্নাৱলী, ক্লাষ্টাৰ ইন'ভেচন চেণ্টাৰৰ সঞ্চালক অধ্যাপক ড° শোভা বাগাই, নতুন দিল্লীস্থিত চি এ আৰ আইৰ ভাৰপ্ৰাপ্ত সঞ্চালক ড° হেমন্ত পাণিগ্ৰাহী, নতুন দিল্লীস্থিত চি এ আৰ আইৰ গৱেষণা বিষয়া তথা প্ৰকল্পৰ মুখ্য অনুসন্ধানকাৰী ড° সাক্ষী শৰ্মা, দিল্লী বিশ্ববিদ্যালয়ৰ ক্লাষ্টাৰ ইন'ভেচন চেণ্টাৰৰ প্ৰকল্পৰ মুখ্য অনুসন্ধানকাৰী অধ্যাপক ড° সুৰেশ কুমাৰ আৰু দিল্লী বিশ্ববিদ্যালয়ৰ দয়াল সিং মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক ড° বন্দনাও উপস্থিত আছিল।
এই সহযোগিতামূলক পদক্ষেপটোৱে আয়ুৰ্বেদ, জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ, ঔষধি উদ্ভিদ গৱেষণা আৰু বৈজ্ঞানিক নথিভুক্তকৰণৰ ক্ষেত্ৰত প্ৰতিষ্ঠানসমূহৰ মাজৰ সহযোগিতা শক্তিশালী কৰাৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। ইয়াৰ জৰিয়তে বিশ্ববিদ্যালয় চৌহদত উপলব্ধ ঔষধি উদ্ভিদৰ সম্পদৰ বিষয়ে সজাগতা বৃদ্ধিৰ লগতে ঔষধি উদ্ভিদৰ সম্পদসমূহৰ সংৰক্ষণ আৰু বহনক্ষম ব্যৱহাৰতো উল্লেখযোগ্য অৰিহণা যোগোৱা সম্ভৱ হ’ব বুলি আশা কৰা হৈছে।
SR/SV/SG/KrDD