পোষ্ট কৰা হৈছে:
12 NOV 2026 7:14PM by PIB Guwahati
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনস্থ প্ৰতিৰক্ষা হিচাপ মহা নিয়ন্ত্ৰক (চিজিডিএ)-এ দেশজোৰা ডিজিটেল জীৱন প্ৰমাণপত্ৰ (ডিএলচি) অভিযান ৫.০-ৰ অংশ হিচাপে এক ব্যাপক প্ৰচাৰ পদক্ষেপ আৰম্ভ কৰিছে। কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ৰ অধীনস্থ পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগ (ডিঅ’পিএণ্ডপিডব্লিউ)-ৰ সমন্বয়ত এই এমাহজোৰা অভিযানটো ১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰ, ২০২৬লৈ সমগ্ৰ দেশতে চলোৱা হৈছে। ১১ নৱেম্বৰ, ২০২৬ পৰ্যন্ত ২০.৪৮ লাখৰো অধিক প্ৰতিৰক্ষা পেঞ্চনাৰে সফলতাৰে ডিএলচি দাখিল কৰিছে, যিটো অংশগ্ৰহণকাৰী সকলো বিভাগৰ ভিতৰত সৰ্বাধিক ।
এই পদক্ষেপৰ লক্ষ্য হৈছে উন্নত প্ৰযুক্তি-সক্ষম সমাধানৰ জৰিয়তে প্ৰতিৰক্ষা পেঞ্চনাৰ আৰু পাৰিবাৰিক পেঞ্চনাৰসকলৰ বাবে সুচল তথা উদ্বেগবিহীনভাৱে ডিএলচি দাখিলৰ সুবিধা প্ৰদান কৰা। ইয়াৰ এক মুখ্য অগ্ৰাধিকাৰ হৈছে জ্যেষ্ঠ, অতি জ্যেষ্ঠ আৰু বিশেষভাৱে সক্ষম পেঞ্চনাৰসকলে যাতে কোনো পদ্ধতিগত অসুবিধা নোহোৱাকৈ সুবিধাজনকভাৱে তেওঁলোকৰ বাৰ্ষিক পৰিচয় নিশ্চিতকৰণ সম্পূৰ্ণ কৰিব পাৰে সেয়া সুনিশ্চিত কৰা।
সমগ্ৰ ভাৰততে ব্যাপক তৎপৰতা
ব্যাপক ভৌতিক প্ৰসাৰ আৰু তৃণমূল পৰ্যায়ত সহায় নিশ্চিত কৰিবলৈ প্ৰতিৰক্ষা হিচাপ বিভাগ (ডিএডি)-এ তলত উল্লেখ কৰা ব্যৱস্থাসমূহ গ্ৰহণ কৰিছে:
- পেঞ্চনাৰসকলক ডিএলচি প্ৰস্তুত কৰাত সহায় কৰিবলৈ আৰু স্পৰ্শ প্লেটফৰ্মৰ সেৱাসমূহ উপলব্ধ কৰাবলৈ ১৯৪টা সম্পূৰ্ণৰূপে সজ্জিত স্পৰ্শ সেৱা কেন্দ্ৰ (এছএছচি)।
- পেঞ্চনাৰসকলক ডিএলচি প্ৰস্তুত কৰাত সুবিধা প্ৰদান কৰিবলৈ ৪.৬৩ লাখ কমন ছাৰ্ভিচ চেণ্টাৰ (চিএছচি), ১৩টা অংশীদাৰ বেংক/আইপিপিবি আৰু ২৯গৰাকী ন’ডেল বিষয়া।
- সমগ্ৰ দেশতে প্ৰায় ৮০টা প্ৰচাৰ কাৰ্যসূচী পৰিচালনা কৰা হৈছে।
- মেগা শিবিৰ: ডিএলচি প্ৰস্তুত কৰাত তাৎক্ষণিক সহায় আগবঢ়োৱাৰ উদ্দেশ্যে ২৩ নৱেম্বৰ, ২০২৬ তাৰিখে কোচিত এটা মেগা ডিজিটেল জীৱন প্ৰমাণপত্ৰ শিবিৰ আয়োজন কৰা হ’ব।
মুখমণ্ডল প্ৰমাণীকৰণ প্ৰযুক্তিৰ প্ৰচাৰ
অভিযান ৫.০-ৰ এক মূল কেন্দ্ৰবিন্দু হৈছে জীৱন প্ৰমাণ প’ৰ্টেল আৰু মোবাইল এপ্লিকেচনৰ জৰিয়তে আধাৰভিত্তিক মুখমণ্ডল প্ৰমাণীকৰণ প্ৰযুক্তিৰ প্ৰচাৰ কৰা, যাৰ অধীনত ৮০ শতাংশতকৈও অধিক ডিজিটেল জীৱন প্ৰমাণপত্ৰ ফেচ আইডিৰ জৰিয়তে প্ৰস্তুত কৰা হৈছে। এই সুবিধাই পেঞ্চনাৰসকলক কোনো বাহ্যিক বায়’মেট্ৰিক হাৰ্ডৱেৰৰ প্ৰয়োজন নোহোৱাকৈ কেৱল এটা স্মাৰ্টফোন ব্যৱহাৰ কৰি তেওঁলোকৰ জীৱন প্ৰমাণপত্ৰ প্ৰমাণীকৰণ কৰিবলৈ সক্ষম কৰে। ইয়াৰ মুখ্য সুবিধাসমূহৰ ভিতৰত আছে:
- ঘৰৰ পৰাই দাখিল: পেঞ্চনাৰসকলে নিজৰ ঘৰতে আৰামেৰে প্ৰমাণপত্ৰ প্ৰস্তুত কৰিব পাৰে, যাৰ ফলত যাতায়াতৰ সময় ৰাহি হয় আৰু বেংকৰ শাখা বা প্ৰতিৰক্ষা কাৰ্যালয়লৈ সোশৰীৰে যোৱাৰ প্ৰয়োজনীয়তা দূৰ হয়।
- বায়’মেট্ৰিক ক্ষয়জনিত সমস্যা সমাধান: সময় অতিবাহিত হোৱা আৰু বয়স বঢ়াৰ লগে লগে আঙুলিৰ ছাপ ম্লান হৈ যোৱা অতি জ্যেষ্ঠ পেঞ্চনাৰসকলে সন্মুখীন হোৱা অসুবিধাসমূহ ইয়াৰ দ্বাৰা সমাধান কৰা হৈছে।
- বিশেষভাৱে সক্ষম প্ৰাক্তন সৈনিকসকলৰ বাবে সহায়: চলা-ফুৰাত অসুবিধা পোৱা পেঞ্চনাৰসকলৰ বাবে ই যথেষ্ট সুচলতা প্ৰদান কৰে।
- ডিজিটেল আত্মনিৰ্ভৰশীলতা: পেঞ্চনাৰ আৰু তেওঁলোকৰ পৰিয়ালসমূহক ডিজিটেল পদ্ধতি গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে, যাৰ ফলত ভৱিষ্যতৰ বাৰ্ষিক দাখিলৰ বাবে আত্মনিৰ্ভৰশীলতা গঢ় লৈ উঠে।
প্ৰমাণিত সফলতাৰ ভেটিত আগবঢ়োৱা পদক্ষেপ
প্ৰতিৰক্ষা হিচাপ বিভাগে দেশজোৰা ডিজিটেল শাসন পদক্ষেপসমূহত ধাৰাবাহিকভাৱে উচ্চ হাৰত অংশগ্ৰহণ নিশ্চিত কৰি আহিছে। নৱেম্বৰ ২০২৫-ত অনুষ্ঠিত ডিএলচি অভিযান ৪.০-ৰ সময়ত ডিএডি-য়ে ইয়াৰ সমগ্ৰ ভাৰতত বিস্তৃত হৈ থকা স্পৰ্শ সেৱা কেন্দ্ৰ, কমন ছাৰ্ভিচ চেণ্টাৰ আৰু অংশীদাৰ বেংকসমূহৰ নেটৱৰ্কৰ জৰিয়তে ২০.৯৪ লাখৰো অধিক ডিএলচি প্ৰস্তুত কৰিছিল।
স্পৰ্শৰ অধীনত প্ৰসাৰ কাৰ্যসূচীও যথেষ্ট বৃদ্ধি পাইছে, য’ত অক্টোবৰ ২০২৬ পৰ্যন্ত ৩৫.১১ লাখ প্ৰতিৰক্ষা পেঞ্চনাৰক অন্তৰ্ভুক্ত কৰা হৈছে। এই ক্ষেত্ৰত ৩০১টা স্পৰ্শ প্ৰচাৰ কাৰ্যসূচী আৰু ২০৪টা ৰক্ষা পেঞ্চন সমাধান আয়োজনৰ জৰিয়তে থিতাতে ৮,০০০ৰো অধিক অভিযোগ নিষ্পত্তি কৰা হৈছে।
ইয়াৰ মূল নীতি ‘সঠিক সময়ত সঠিক পেঞ্চনাৰক সঠিক পেঞ্চন’ৰ কথা দোহাৰি প্ৰতিৰক্ষা হিচাপ বিভাগে সকলো প্ৰতিৰক্ষা পেঞ্চনাৰ আৰু পাৰিবাৰিক পেঞ্চনাৰক উদ্বেগবিহীন তথা সম্পূৰ্ণৰূপে ডিজিটাইজড জীৱন প্ৰমাণপত্ৰ দাখিল প্ৰক্ৰিয়াৰ অভিজ্ঞতা ল’বলৈ নৱেম্বৰ ২০২৬-ৰ ভিতৰত তেওঁলোকৰ নিকটৱৰ্তী স্পৰ্শ সেৱা কেন্দ্ৰ, বেংক অথবা ৮০টা প্ৰচাৰ কাৰ্যসূচীৰ যিকোনো এটালৈ আহিবলৈ আহ্বান জনাইছে।
*******
SR/Savvy/MM