বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে

১৩ নৱেম্বৰত ৪৫ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা উদ্বোধন কৰিব

১৪ৰ পৰা ২৭ নৱেম্বৰ, ২০২৬লৈ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব ৪৫ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা

ভাৰতৰ বিকাশ আৰু ঐতিহ্য প্ৰদৰ্শনৰ বাবে আইআইটিএফ ২০২৬-ত ৩২খন ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চল আৰু ১১খন দেশৰ ৩,৫০০ৰো অধিক প্ৰদৰ্শকে ১৭টা হলত অংশগ্ৰহণ কৰিব

পোষ্ট কৰা হৈছে: 12 NOV 2026 4:10PM by PIB Guwahati

ভাৰতীয় বাণিজ্য প্ৰচাৰ সংস্থা (আইটিপিঅ’)-ৰ দ্বাৰা আয়োজিত ৪৫ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা (আইআইটিএফ) ২০২৬ অহা ১৪ৰ পৰা ২৭ নৱেম্বৰ, ২০২৬লৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ  গোৱেলে ১৩ নৱেম্বৰ, ২০২৬ তাৰিখে মুখ্য অতিথি হিচাপে এই মেলা উদ্বোধন কৰিব। উদ্বোধনী অনুষ্ঠানত পদ্মশ্ৰী বঁটাপ্ৰাপক গুৰু মাধৱী মুদগল আৰু তেওঁৰ দলৰ দ্বাৰা ওডিছী নৃত্য পৰিৱেশন কৰা হ’ব।

‘বিকাশ ঔৰ বিৰাছত’ শীৰ্ষক বিষয়বস্তুৰে আয়োজিত আইআইটিএফ ২০২৬-ত ১,০০,০০০ বৰ্গমিটাৰৰো অধিক প্ৰদৰ্শনী স্থান সামৰি ১৭টা হলত দেশ-বিদেশৰ ৩,৫০০ৰো অধিক প্ৰদৰ্শকে অংশগ্ৰহণ কৰিব। এই মেলাত ৩২খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল তথা ৫১টা কেন্দ্ৰীয় মন্ত্ৰালয়, চৰকাৰী বিভাগ, পিএছইউ আৰু ৰাজহুৱা খণ্ডৰ বেংকে অংশগ্ৰহণ কৰিব। বিহাৰ, মহাৰাষ্ট্ৰ, ৰাজস্থান আৰু উত্তৰ প্ৰদেশ এই মেলাৰ অংশীদাৰ ৰাজ্য হোৱাৰ বিপৰীতে অসম, দিল্লী, ঝাৰখণ্ড আৰু পশ্চিমবংগ ফ’কাছ ৰাজ্য হিচাপে থাকিব। অংশগ্ৰহণকাৰী ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহে তেওঁলোকৰ আঞ্চলিক সামগ্ৰী, স্থানীয় উদ্যোগ, পৰম্পৰাগত হস্তশিল্প, সংস্কৃতি, পৰ্যটনৰ সম্ভাৱনা আৰু উন্নয়নমূলক পদক্ষেপসমূহ প্ৰদৰ্শন কৰিব।

আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণকাৰীৰ ভিতৰত ১১খন দেশ থাকিব, য’ত থাইলেণ্ড, ইৰাণ, ঘানা, নেপাল, আফগানিস্তান, ইউএই, তুৰস্ক, চীন, শ্ৰীলংকা আৰু বাংলাদেশৰ প্ৰদৰ্শকসকলৰ পেভিলিয়ন থাকিব, যিয়ে আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়িক সংযোগ আৰু বাণিজ্যিক সম্পৰ্কৰ সুযোগ প্ৰদান কৰিব।

ভাৰতীয় বাণিজ্য প্ৰচাৰ সংস্থা (আইটিপিঅ’)-ৰ অধ্যক্ষ শ্ৰী জাৱেদ আশ্ৰফে কয় যে আইআইটিএফ ২০২৬-এ ভাৰতৰ প্ৰগতি, বৈচিত্ৰ্য আৰু ঐতিহ্য উদযাপন কৰিব, য’ত হল অব্ ইনস্পিৰেচনত প্ৰায় ৬০০টা ষ্টাৰ্ট-আপৰ জৰিয়তে যুৱপ্ৰজন্মৰ ওপৰত আৰু অ’ডিঅ’পি পেভিলিয়নত জিলা পৰ্যায়ৰ হস্তশিল্প, খাদ্য সম্ভাৰ তথা সংস্কৃতিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব।

দৰ্শনাৰ্থীসকলে ১ নং হলত বিভিন্ন দেশৰ পেভিলিয়ন, ২ৰ পৰা ৫ নং হলত অংশীদাৰ আৰু ফ’কাছ ৰাজ্য, কেন্দ্ৰীয় মন্ত্ৰালয়, পিএছইউ আৰু ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ লগতে ৮ৰ পৰা ১৪ নং হলত বিভিন্ন প্ৰকাৰৰ উপভোক্তা সামগ্ৰীৰ শ্ৰেণী দেখিবলৈ পাব। ইয়াৰ ভিতৰত ইলেক্ট্ৰনিকছ, স্থায়ী উপভোক্তা সামগ্ৰী, বস্ত্ৰ, জোতা-চেণ্ডেল, পাকঘৰৰ সঁজুলি, সংসাধিত খাদ্য, মচলা, কৃষিজাত সামগ্ৰী, হস্তশিল্প, ঘৰুৱা আচবাব, প্ৰসাধন সামগ্ৰী আৰু গহনা আদি অন্তৰ্ভুক্ত থাকিব।

আইআইটিএফ ২০২৬-এ ব্যৱসায়ী আৰু দৰ্শনাৰ্থী উভয়ৰে বাবে নতুন অভিজ্ঞতা আগবঢ়াব। ১৪ নং হলত থকা ‘হল অব্ ইনস্পিৰেচন’-ত ডিপ-টেক, এগ্ৰি-টেক, ড্ৰোন, মহাকাশ, স্বাস্থ্যসেৱা আৰু এডটেক খণ্ডৰ প্ৰায় ৬০০টা ভাৰতীয় ষ্টাৰ্ট-আপ প্ৰদৰ্শন কৰা হ’ব, যিয়ে যুৱ উদ্যোগসমূহক পৰিচিতি লাভ কৰাৰ লগতে বহল বজাৰৰ সৈতে সংযোগ স্থাপনৰ সুযোগ প্ৰদান কৰিব।

‘এক জিলা এক সামগ্ৰী’ (অ’ডিঅ’পি) পেভিলিয়নত ২১খন ৰাজ্যই অংশগ্ৰহণ কৰিব আৰু ইয়াত দেশৰ বিভিন্ন জিলাৰ বিশেষ হস্তশিল্প, খাদ্য, সংস্কৃতি আৰু সামগ্ৰীসমূহ প্ৰদৰ্শন কৰা হ’ব, যিয়ে স্থানীয় উদ্যোগ, পৰম্পৰাগত দক্ষতা আৰু ইয়াৰ আঁৰৰ কাৰিকৰসকলক তুলি ধৰিব।

প্লেভাৰ্ছ এট মণ্ডপমে মনোৰঞ্জন আৰু শিক্ষাৰ সমন্বয়ত এক আকৰ্ষণীয় আৰু অংশগ্ৰহনমূলক ডিজিটেল অভিজ্ঞতা প্ৰদান কৰিব, যাক বিশেষকৈ যুৱ দৰ্শনাৰ্থী আৰু পৰিয়ালসমূহক আকৰ্ষণ কৰিবলৈ ডিজাইন কৰা হৈছে। এই আটাইবোৰ পদক্ষেপে একত্ৰিতভাৱে ‘বিকাশ ঔৰ বিৰাছত’ৰ ভাৱনাক প্ৰতিফলিত কৰি ভাৰতৰ প্ৰযুক্তিগত প্ৰগতি, উদ্যোগীকৰণ আৰু পৰম্পৰাগত শক্তিক একেখন মঞ্চলৈ লৈ আহিছে।

 

খাদ্যৰ গুণগত মান, পৰিষ্কাৰ-পৰিচ্ছন্নতা, শূন্য-আৱৰ্জনা পদ্ধতি আৰু প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰাত গুৰুত্ব আৰোপ কৰি ৯০ খনতকৈও অধিক বিপণীৰে গঠিত এক বিশ্বমানৰ ফুড ক’ৰ্টত ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় ব্যঞ্জন পৰিৱেশন কৰা হ’ব।

এক বৃহৎ বাণিজ্যিক প্ৰদৰ্শনী হিচাপে থকা ভূমিকাৰ উপৰি, আইআইটিএফে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (এমএছএমই), ষ্টাৰ্ট-আপ আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক তেওঁলোকৰ সামগ্ৰী প্ৰদৰ্শন কৰাৰ, সম্ভাৱ্য ক্ৰেতাৰ সৈতে সংযোগ স্থাপন কৰাৰ আৰু নতুন বজাৰ অন্বেষণ কৰাৰ সুযোগ প্ৰদান কৰি বজাৰৰ সুবিধা শক্তিশালী কৰি আহিছে। আইটিপিঅ’য়ে পেৰিছৰ ভিভাটেক আৰু আগন্তুক ছিংগাপুৰ ফিনটেক ফেষ্টিভেলৰ দৰে আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতীয় ষ্টাৰ্ট-আপসমূহৰ অংশগ্ৰহণৰ সুবিধাও কৰি দিছে, যিয়ে গোলকীয় পৰিচিতি আৰু সহযোগিতাৰ সুযোগ সৃষ্টি কৰিছে। এই পদক্ষেপৰ লক্ষ্য হৈছে দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ চহৰসমূহৰ বৰ্ধিত ষ্টাৰ্ট-আপ পৰিৱেশতন্ত্ৰকে ধৰি সমগ্ৰ দেশতে উদ্যোগীকৰণক উৎসাহিত কৰা।

ভাৰত মণ্ডপমৰ বৰ্ধিত পৰিসৰক প্ৰতিফলিত কৰি এই স্থানত ১ নং হল আৰু ১৪ নং হলত প্ৰায় ১,০০০ বৰ্গমিটাৰকৈ জোখৰ এলইডি মেশ্ব ইনষ্টলেচন থাকিব। ইয়াৰ উপৰি, সমগ্ৰ চৌহদত প্ৰায় ১০০ খন এলইডি স্ক্ৰীণ স্থাপনৰ পৰিকল্পনা কৰা হৈছে, যাৰ ভিতৰত মেলাৰ সময়ছোৱাত ৩০ খনতকৈও অধিক স্ক্ৰীণ স্থাপন হোৱাৰ আশা কৰা হৈছে। আইটিপিঅ’য়ে ভাৰত মণ্ডপমক প্ৰদৰ্শনী, সাংস্কৃতিক কাৰ্যসূচী আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ বাবে এক বছৰজোৰা গন্তব্যস্থান হিচাপে গঢ়ি তোলাৰ দিশতো কাম কৰি আছে, য’ত প্ৰায় ২,০০০ আসনৰ ক্ষমতা থকা এটা প্ৰস্তাৱিত সাংস্কৃতিক কেন্দ্ৰও অন্তৰ্ভুক্ত আছে।

দৰ্শনাৰ্থী, প্ৰদৰ্শক, প্ৰতিনিধি আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ বাবে এক সুচল আৰু আৰামদায়ক অভিজ্ঞতা নিশ্চিত কৰিবলৈ আইটিপিঅ’য়ে সমগ্ৰ মেলাস্থলীত কেইবাটাও সমৰ্পিত সহায়ক সুবিধাৰ ব্যৱস্থা কৰিছে। সাংবাদিকসকলৰ বাবে কৰ্মস্থান প্ৰদান কৰিবলৈ এটা সমৰ্পিত মিডিয়া লাউঞ্জ থাকিব, আনহাতে ভিআইপি আৰু বিশিষ্ট ব্যক্তিসকলৰ আতিথ্যৰ বাবে এটা প্ৰট’কল লাউঞ্জৰ ব্যৱস্থা কৰা হৈছে। অতিৰিক্ত ব্যৱস্থাসমূহৰ ভিতৰত আভ্যন্তৰীণ যাতায়াতৰ সহায়, শ্বাটল সেৱা, গল্ফ কাৰ্ট, নিৰ্দিষ্ট কেব আৰু পাৰ্কিং জ’ন, বি২বি নেটৱৰ্কিং সুবিধা, প্ৰদৰ্শক সহায় আৰু হেৰুওৱা-পোৱা সেৱা অন্তৰ্ভুক্ত আছে।

ফুড ক’ৰ্টৰ কাম-কাজৰ ওপৰত ২৪ ঘণ্টাই নিৰীক্ষণ ৰখা হ’ব, আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত বিপণীসমূহকে ধৰি সকলো বিপণীৰ ক্ষেত্ৰতে নিৰ্ধাৰিত খাদ্য সুৰক্ষা, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু খাদ্য পৰিচালনাৰ মান প্ৰযোজ্য হ’ব। দিল্লী আৰক্ষী আৰু আইটিপিঅ’ৰ সহযোগত কৰা নিৰাপত্তা ব্যৱস্থা—বিশেষকৈ ১ নং হলত থকা আন্তঃৰাষ্ট্ৰীয় পেভিলিয়নসমূহৰ বাবে—লগতে চিকিৎসা কেন্দ্ৰ, প্ৰাথমিক চিকিৎসাৰ সুবিধা আৰু জৰুৰীকালীন সঁহাৰি সেৱাই সমগ্ৰ মেলাখনত দৰ্শনাৰ্থীৰ সুৰক্ষা আৰু সুবিধা অধিক শক্তিশালী কৰিব।

প্ৰদৰ্শনীৰ সমান্তৰালকৈ সাতটা স্থানত অনুষ্ঠিত হ’বলগীয়া ৮৭টা সাংস্কৃতিক পৰিৱেশন, আবৃত্তি আৰু অনুষ্ঠানে ভাৰতৰ বৈচিত্ৰ্য উদযাপন কৰিব, য’ত ধ্ৰুপদী আৰু লোক পৰম্পৰাৰ লগতে খ্যাতনামা শিল্পী আৰু নৱপ্ৰজন্মৰ উদীয়মান প্ৰতিভাসমূহে অংশগ্ৰহণ কৰিব। মুখ্য আকৰ্ষণসমূহৰ ভিতৰত ‘দ্য মাংগানিয়াৰ ছিডাকচন’, ‘তাল ফ্ৰাই’, হৰিহৰণ আৰু পৃথ্বী গন্ধৰ্ব, শ্বাহজাদ আলী,ছেলিম-ছুলেইমান আৰু নাইজেৰিয়াৰ শিল্পীসকলৰ অংশগ্ৰহণেৰে ‘ৰূহানিয়ত’ অন্তৰ্ভুক্ত আছে ৷ ইয়াৰ টিকট বুক মাই শ্ব’ত উপলব্ধ হ’ব। ১৯খন ৰাজ্য আৰু বিভিন্ন সংগঠনৰ অন্যান্য সাংস্কৃতিক অনুষ্ঠানসমূহ আইআইটিএফৰ প্ৰৱেশ টিকটৰ সৈতেই বিনামূলীয়াকৈ উপভোগ কৰিব পাৰিব।

১৪ৰ পৰা ১৮ নৱেম্বৰলৈ প্ৰথম পাঁচটা দিন বি২বি দৰ্শনাৰ্থীসকলৰ বাবে সংৰক্ষিত ‘ব্যৱসায়িক দিন’ হ’ব, আৰু ১৯ৰ পৰা ২৭ নৱেম্বৰলৈ সাধাৰণ জনতাৰ বাবে মেলাখন মুকলি থাকিব। মেলাৰ সময় দিনৰ ১০:০০ বজাৰ পৰা সন্ধিয়া ৭:৩০ বজালৈ নিৰ্ধাৰণ কৰা হৈছে, য’ত সাধাৰণ দৰ্শনাৰ্থীৰ প্ৰৱেশ সন্ধিয়া ৫:৩০ বজালৈকে উপলব্ধ হ’ব। প্ৰৱেশ টিকট booking.indiatradefair.com ৱেবছাইটত, অফিচিয়েল আইআইটিএফ ২০২৬ মোবাইল এপৰ জৰিয়তে, অথবা অফলাইনত ৫৫টা ডিএমআৰচি মেট্ৰ’ ষ্টেচনত বুক কৰিব পাৰিব। ব্যৱসায়িক দিন আৰু সাধাৰণ দিন—দুয়োটাৰ বাবেই ছিজন টিকট উপলব্ধ। জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলে বৈধ চৰকাৰী পৰিচয় পত্ৰ দেখুৱাই সাধাৰণ দিনবোৰত বিনামূলীয়াকৈ প্ৰৱেশ কৰিব পাৰিব। সাধাৰণ দৰ্শনাৰ্থীসকলে ভৈৰৱ পথৰ ৩ আৰু ৪ নং গেট তথা মথুৰা পথৰ ৬ আৰু ১০ নং গেটেৰে প্ৰৱেশ কৰিব পাৰিব।

গুগল প্লে আৰু এপল এপ ষ্ট’ৰত উপলব্ধ আইআইটিএফ ২০২৬ এপটোত টিকট বুকিং, পঞ্জীয়ন, নেভিগেশ্যন আৰু শ্বাটল পথৰ সৈতে এক ইন্টাৰেক্টিভ মেলাস্থলীৰ মানচিত্ৰ, পেভিলিয়ন আৰু প্ৰদৰ্শকৰ নিৰ্দেশিকা, সাংস্কৃতিক অনুষ্ঠানৰ কেলেণ্ডাৰ আৰু ব্যৱসায়িক নেটৱৰ্কিং সুবিধা উপলব্ধ। আইটিপিঅ’য়ে দিল্লী মেট্ৰ’ৰ সৈতেও সমন্বয় স্থাপন কৰিছে আৰু দৰ্শনাৰ্থীৰ যাতায়াতৰ বাবে শ্বাটল সেৱা, নিৰ্দিষ্ট এপ-কেব আৰু অটো পিক-আপ পইণ্ট, পাৰ্কিং, হুইলচেয়াৰ সহায় আৰু দৰ্শনাৰ্থী সহায়ক সেৱাৰ ব্যৱস্থা কৰিছে। এই এপটোৰ জৰিয়তে আইটিপিঅ’ হেল্পডেস্ক আৰু ৱান-টেপ এছঅ’এছ সহায়কো লাভ কৰিব পাৰিব।

আইটিপিঅ’ৰ দ্বাৰা বাৰ্ষিকভাৱে আয়োজিত ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা হৈছে ভাৰতৰ অন্যতম আগশাৰীৰ বহুমুখী সামগ্ৰীৰ বাণিজ্যিক প্ৰদৰ্শনী। ই দেশ-বিদেশৰ চৰকাৰী সংস্থা, উদ্যোগ, ব্যৱসায়িক প্ৰতিষ্ঠান, ষ্টাৰ্ট-আপ, এমএছএমই আৰু কাৰিকৰসকলক একত্ৰিত কৰি বি২বি আৰু বি২চি সংযোগ, বাণিজ্য আৰু বিনিয়োগৰ প্ৰসাৰ তথা ব্যৱসায়িক নেটৱৰ্কিং সম্ভৱ কৰি তোলে।

অধিক তথ্য আৰু শেহতীয়া আপডেটৰ বাবে আইটিপিঅ’ৰ অফিচিয়েল ৱেবছাইট www.itpo.gov.in/iitf  চাওক।

***

Abhishek Dayal/ Garima Singh/ Abhimanyu Panwar/MM


(ৰিলিজ আই ডি : 2335626) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: Tamil , English , Urdu , हिन्दी