সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

আৰ্থিক প্ৰতিবন্ধকতাৰ পৰা বিশ্বমানৰ শৈক্ষিক উৎকৰ্ষলৈঃ ৰাষ্ট্ৰীয় বিদেশী(Overseas) জলপানিৰ জৰিয়তে উচ্চ শিক্ষাৰ দিশে এক যাত্ৰা

পোষ্ট কৰা হৈছে: 11 NOV 2026 6:28PM by PIB Guwahati

২৪ বছৰীয়া  ছাত্ৰ শ্ৰী ৰাহুল ডাভাড়ে (নাম সলনি কৰা হৈছে)ৰ জীৱন যাত্ৰাই এই কথাকে প্ৰতিফলিত কৰে যে কেনেকৈ মানসম্পন্ন উচ্চ শিক্ষাৰ সুবিধা আৰু নিৰ্দিষ্ট বিত্তীয় সহায়ৰ জৰিয়তে অনুসূচিত জাতি সম্প্ৰদায়ৰ প্ৰতিভাৱান শিক্ষাৰ্থীসকলক অৰ্থনৈতিক প্ৰতিবন্ধকতা নেওচি প্ৰতিষ্ঠিত আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহত নিজৰ সপোন সাকাৰ কৰিবলৈ সক্ষম কৰি তুলিব পাৰি। ৰাষ্ট্ৰীয় বিদেশী(Overseas)  জলপানি আঁচনিৰ জৰিয়তে ভাৰত চৰকাৰে শৈক্ষিক সবলীকৰণ, সমান সুযোগ আৰু অন্তৰ্ভুক্তিমূলক উন্নয়নক প্ৰসাৰিত কৰি আহিছে, যাৰ ফলত যোগ্য ছাত্ৰ-ছাত্ৰীসকলে নিজৰ জ্ঞান, দক্ষতা আৰু অভিজ্ঞতাৰে দেশৰ প্ৰগতিত অৱদান যোগাব পাৰে।

মহাৰাষ্ট্ৰৰ অনুসূচিত জাতি সম্প্ৰদায়ৰ শ্ৰী ৰাহুল ডাভাড়েই নিজৰ উচ্চ শিক্ষাৰ সপোন পূৰণৰ বাবে এক উল্লেখনীয় শৈক্ষিক নিষ্ঠা আৰু দৃঢ় সংকল্প প্ৰদৰ্শন কৰিছিল। আৰ্থিক আৰু সামাজিক প্ৰত্যাহ্বান থকা সত্বেও তেওঁ নিজৰ শৈক্ষিক যাত্ৰা আগুৱাই নিবলৈ আৰু এটা প্ৰতিশ্ৰুতিপূৰ্ণ বৃত্তিমূলক কেৰিয়াৰ গঢ়িবলৈ প্ৰতিশ্ৰুতিবদ্ধ আছিল। বিশ্বৰ এক আগশাৰীৰ প্ৰতিষ্ঠানত 'কনষ্ট্ৰাকচন ইক'নমিক্স এণ্ড মেনেজমেণ্ট'  বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ আশা থকা ছাত্ৰজনে আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ উচ্চ ব্যয়, যেনে— টিউচন ফীজ, থকা-মেলাৰ খৰচ, ভ্ৰমণ আৰু অন্যান্য শৈক্ষিক প্ৰয়োজনীয়তাৰ বাবে তীব্ৰ আৰ্থিক নাটনিৰ সন্মুখীন হৈছিল।

তেওঁৰ জীৱনলৈ এক ডাঙৰ সুযোগ আহে ২০২৫-২৬ বৰ্ষত, যেতিয়া তেওঁ ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় বিদেশী জলপানি আঁচনিৰ অধীনত বিত্তীয় সাহায্য লাভ কৰে। এই আঁচনিখনে তেওঁক বিশ্বৰ অন্যতম আগশাৰীৰ বিশ্ববিদ্যালয় যুক্তৰাজ্যৰ ইউনিভাৰ্চিটি কলেজ লণ্ডনত 'কনষ্ট্ৰাকচন ইক'নমিক্স এণ্ড মেনেজমেণ্ট'  বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম পঢ়িবলৈ সক্ষম কৰি তোলে। এই জলপানিয়ে তেওঁক সম্পূৰ্ণ বিত্তীয় সাহায্য প্ৰদান কৰিছিল, যাৰ ভিতৰত আছিল ৩৯,৮০০ পাউণ্ড টিউচন ফী, ৯,৯০০ পাউণ্ডৰ ভৰণ-পোষণৰ ভাট্টা, বিমান ভাড়া, ভিছা মাছুল, বীমা আৰু অন্যান্য গ্ৰহণযোগ্য শৈক্ষিক খৰচ।

এই আঁচনিৰ অধীনত পোৱা বিত্তীয় সাহাৰ্যই বিদেশত উচ্চ শিক্ষা গ্ৰহণৰ সৈতে জড়িত অৰ্থনৈতিক বোজা বহু পৰিমাণে হ্ৰাস কৰিলে। ইয়াৰ ফলত তেওঁ আৰ্থিক নাটনিৰ বাবে পঢ়া-শুনা আধাতে সামৰিব লগা হোৱাৰ আশংকা নোহোৱাকৈ শিক্ষা চলাই যাবলৈ সমৰ্থ হ'ল আৰু আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক সুযোগ লাভ কৰিলে। এই সাহাৰ্যৰ বাবেই তেওঁ নিজৰ শৈক্ষিক দায়িত্বসমূহৰ ওপৰত সম্পূৰ্ণ গুৰুত্ব দিবলৈ আৰু বিশ্ববিদ্যালয়খনৰ শৈক্ষিক সুবিধা তথা শিক্ষণ পৰিৱেশৰ সঠিক ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছিল।

ৰাষ্ট্ৰীয় বিদেশী জলপানিৰ জৰিয়তে লাভ কৰা সহযোগিতাৰে শ্ৰী ৰাহুল ডাভাড়েই বৰ্তমান ইউনিভাৰ্চিটি কলেজ লণ্ডনত স্নাতকোত্তৰ অধ্যয়ন অব্যাহত ৰাখিছে। তেওঁ সক্ৰিয়ভাৱে ক্লাছ, টিউটৰিয়েল আৰু অন্যান্য শৈক্ষিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে, যাৰ দ্বাৰা তেওঁ মূল্যৱান আন্তঃৰাষ্ট্ৰীয় অভিজ্ঞতা লাভ কৰাৰ লগতে নিৰ্মাণ অৰ্থনীতি, আন্তঃগাঁথনি উন্নয়ন আৰু প্ৰকল্প ব্যৱস্থাপনাৰ বিশেষ জ্ঞান অৰ্জন কৰিছে। এই শৈক্ষিক অভিজ্ঞতাই তেওঁৰ বৃত্তিমূলক দক্ষতাক শক্তিশালী কৰাত আৰু নিৰ্মাণ খণ্ডৰ গোলকীয় কাৰ্যপদ্ধতিসমূহ বুজি পোৱাত সহায় কৰিছে।

ৰাষ্ট্ৰীয় বিদেশী জলপানি আঁচনিৰ এইক্ষেপে আন্তঃৰাষ্ট্ৰীয় উচ্চ শিক্ষাৰ ক্ষেত্ৰত থকা আৰ্থিক প্ৰতিবন্ধকতা দূৰ কৰাত আৰু তেওঁৰ শৈক্ষিক তথা বৃত্তিমূলক সুযোগসমূহ সম্প্ৰসাৰিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কেৱল বিত্তীয় সাহায্যই নহয়, এই আঁচনিখনে তেওঁক বিশ্বমানৰ শিক্ষা লাভ কৰিবলৈ, নিজৰ জ্ঞান বৃদ্ধি কৰিবলৈ আৰু নিজৰ পচন্দৰ ক্ষেত্ৰখনত এক উজ্জ্বল ভৱিষ্যতৰ দিশে অগ্ৰসৰ হ'বলৈ সক্ষম কৰি তুলিছে।

***


(ৰিলিজ আই ডি : 2335333) অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil