সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

প্ৰান্তীয় অৱস্থাৰ পৰা নেতৃত্বৰ পথলৈ

নমস্তে আঁচনিৰ অধীনত সুৰক্ষিত জীৱিকা, উদ্যমিতা আৰু সামূহিক নেতৃত্বৰ জৰিয়তে তেলেংগানা আৰু দিল্লীৰ ছগৰাকী মহিলাৰ সবলীকৰণৰ অনুপ্ৰেৰণাদায়ক যাত্ৰা

পোষ্ট কৰা হৈছে: 11 NOV 2026 6:30PM by PIB Guwahati

অনাময় আৰু আৱৰ্জনা ব্যৱস্থাপনাৰ সৈতে জড়িত মহিলাসকলে ক্ৰমান্বয়ে উদ্যমী, সিদ্ধান্ত গ্ৰহণকাৰী আৰু সামূহিক নেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰিছে। এই কথাই প্ৰমাণ কৰে যে প্ৰতিষ্ঠানিক সমৰ্থন, যান্ত্ৰিকীকৰণ আৰু জীৱিকাৰ সুযোগে কেনেদৰে তেওঁলোকৰ আৰ্থ-সামাজিক সবলীকৰণত অৰিহণা যোগাব পাৰে। তেলেংগানা আৰু দিল্লীৰ ছগৰাকী মহিলাৰ অনুপ্ৰেৰণাদায়ক যাত্ৰাই এই পৰিৱৰ্তনকে প্ৰতিফলিত কৰিছে, য’ত পৰম্পৰাগত বৃত্তিগত ভূমিকাৰ বাহিৰলৈ গৈ নিজৰ আৰু সমাজৰ বাবে এক অধিক সুৰক্ষিত, স্বাধীন আৰু সন্মানজনক ভৱিষ্যত গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁলোকৰ দৃঢ় সংকল্পৰ প্ৰতিফলন ঘটিছে।

তেলেংগানাৰ চিৰিচিল্লাৰ পাঁচগৰাকী মহিলা অনাময় কৰ্মী— অনুষা ৰেড্ডী, কবিতা গৌড়, স্বাতী যাদৱ, শ্ৰীলতা নাইডু আৰু মাধৱী কুমাৰে (সকলো নাম সলনি কৰা হৈছে) ব্যক্তিগত ঠিকাদাৰৰ অধীনত চেপ্টিক টেংক পৰিষ্কাৰ কৰা সহায়ক হিচাপে কাম কৰি আছিল। পেছাদাৰী উন্নতিৰ সীমিত সুযোগ আৰু বৃত্তিগত বিপদাশংকা থকা এই শাৰীৰিকভাৱে কষ্টকৰ অনাময়মূলক কামবোৰ কৰি তেওঁলোকৰ প্ৰত্যেকে মাহে গড়ে প্ৰায় ১৫,০০০ টকাকৈ উপাৰ্জন কৰিছিল। অনাময় সেৱাৰ ক্ষেত্ৰত অভিজ্ঞতা থকা সত্ত্বেও আৰ্থিক অনাটন আৰু সম্পদৰ সীমিত সুবিধাৰ বাবে তেওঁলোকে এটা স্বাধীন উদ্যোগ স্থাপন কৰিব পৰা নাছিল।

স্থানীয়ভাৱে আয়োজিত এক ঋণ মেলাত এই পাঁচগৰাকী মহিলাই 'স্বচ্ছতা উদ্যমী যোজনা' (SUY) সম্পৰ্কে জানিব পাৰে আৰু তেতিয়াই তেওঁলোকৰ জীৱনলৈ এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহে। উদ্যমী হোৱাৰ এই সুযোগটো চিনাক্ত কৰি তেওঁলোকে সামূহিকভাৱে এটা যান্ত্ৰিক অনাময় উদ্যোগ স্থাপন কৰাৰ সিদ্ধান্ত লয়। আঁচনিখনৰ অধীনত পোৱা আৰ্থিক সাহায্যৰে তেওঁলোকে যান্ত্ৰিক বোকা নিষ্কাশনকাৰী বাহন ক্ৰয় কৰে আৰু চিৰিচিল্লা পৌৰ নিগমৰ অধীনত অনাময় সেৱা আগবঢ়াবলৈ আৰম্ভ কৰে। ইয়াৰ দ্বাৰা অনাময় সহায়ক হিচাপে কাম কৰাৰ পৰা সামূহিকভাৱে যান্ত্ৰিক অনাময় কাৰ্যকলাপৰ মালিকীস্বত্ব লাভ আৰু পৰিচালনা কৰালৈ এক গুৰুত্বপূৰ্ণ উত্তৰণ ঘটে।

যান্ত্ৰিকীকৰণৰ জৰিয়তে মহিলাসকলে অধিক সুৰক্ষিত আৰু কাৰ্যক্ষম অনাময় পদ্ধতিৰ দিশে আগবাঢ়ে, যাৰ ফলত বিপজ্জনকভাৱে হাতেৰে পৰিষ্কাৰ কৰা পদ্ধতিৰ ওপৰত তেওঁলোকৰ নিৰ্ভৰশীলতা হ্ৰাস পায়। যান্ত্ৰিক বাহন চলোৱা, বোকা নিষ্কাশন সেৱাৰ সমন্বয় সাধন কৰা আৰু নিজৰ উদ্যোগ পৰিচালনা কৰালৈকে তেওঁলোকৰ দায়িত্ব সম্প্ৰসাৰিত হ’ল। এই পদক্ষেপে তেওঁলোকৰ অৰ্থনৈতিক স্বাধীনতা শক্তিশালী কৰে, পেছাদাৰী আত্মবিশ্বাস বৃদ্ধি কৰে আৰু নিজৰ জীৱিকাৰ ওপৰত অধিক অধিকাৰ সাব্যস্ত কৰিবলৈ সক্ষম কৰি তুলিলে। আজি অনুষা, কবিতা, স্বাতী, শ্ৰীলতা আৰু মাধৱীয়ে উন্নত অনাময় সেৱাত অৰিহণা যোগোৱাৰ লগতে এই খণ্ডটোত মহিলা নেতৃত্বাধীন উদ্যোগৰ সম্ভাৱনা প্ৰদৰ্শন কৰিছে।

সৱলীকৰণ আৰু নেতৃত্বৰ এক অনুৰূপ যাত্ৰা দিল্লীৰ সীমাপুৰীত মূলতঃ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ বাসিন্দা অনিতাৰ (নাম সলনি কৰা হৈছে) অভিজ্ঞতাৰ মাজতো দেখিবলৈ পোৱা যায়। বিবাহৰ পাছত দিল্লীলৈ অহাৰ পিছত তেওঁ আৱৰ্জনা বুটলা কামত জড়িত স্বামীৰ সৈতে আৱৰ্জনা পৃথকীকৰণ কৰি পৰিয়ালটোক সহায় কৰিবলৈ আৰম্ভ কৰে। সময়ৰ লগে লগে তেওঁ আৱৰ্জনা ব্যৱস্থাপনাৰ কামত অভিজ্ঞতা অৰ্জন কৰে আৰু এখন সৰু ভগা-ছিগা বস্তুৰ দোকান চলাবলৈ আৰম্ভ কৰি পৰিয়ালৰ আৰ্থিক স্থিতিশীলতাত অৰিহণা যোগায়।

এক সমল সংস্থাই তেওঁক সংগঠিত কৰি এটা আত্মসহায়ক গোটৰ সৈতে জড়িত কৰোৱাৰ পাছত সামূহিক নেতৃত্বৰ দিশে তেওঁৰ যাত্ৰা আৰম্ভ হয়। সক্ৰিয় অংশগ্ৰহণ আৰু সামূহিক উন্নয়নৰ প্ৰতি থকা দায়বদ্ধতাৰ জৰিয়তে তেওঁ ক্ৰমান্বয়ে এগৰাকী সামূহিক নেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰে আৰু আত্মসহায়ক গোটটোৰ সভানেত্ৰী হয়। তেওঁৰ নেতৃত্বৰ গুণ আৰু অভিজ্ঞতাক স্বীকৃতি দি এটা স্থানীয় বেচৰকাৰী সংস্থাই পৰৱৰ্তী সময়ত তেওঁক জ্যেষ্ঠ আত্মসহায়ক গোট সংগঠক আৰু সামূহিক সংগঠক হিচাপে নিযুক্তি দিয়ে। ইয়াৰ ফলত তেওঁ আন মহিলা আৰু আৱৰ্জনা বুটলা লোকসকলক তথ্য, সম্পদ আৰু প্ৰতিষ্ঠানিক সাহায্য লাভ কৰাত সহায় কৰাৰ সুযোগ পায়।

'নেচনেল একচন ফৰ মেকানাইজড চেনিটেচন ইক’চিষ্টেম' আঁচনিৰ সৈতে অনিতাৰ সংযোগে সুৰক্ষিত কৰ্ম পৰিৱেশ আৰু আৰ্থ-সামাজিক নিৰাপত্তাৰ দিশত তেওঁৰ যাত্ৰাক অধিক শক্তিশালী কৰি তোলে। এই আঁচনিৰ জৰিয়তে তেওঁ বৃত্তিগত সুৰক্ষাৰ প্ৰশিক্ষণ, ব্যক্তিগত সুৰক্ষা সঁজুলি আৰু এখন আয়ুষ্মান কাৰ্ড লাভ কৰে, যিয়ে তেওঁক সুৰক্ষিত কৰ্ম পদ্ধতি আৰু স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰাত সহায় কৰে। বেচৰকাৰী সংস্থাটোৰ সৈতে জড়িত হোৱাৰ ফলত তেওঁ আৱৰ্জনা বুটলা কাম অব্যাহত ৰখাৰ লগতে মাহে অতিৰিক্ত ১০,০০০ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়, যিয়ে তেওঁৰ পৰিয়ালটোক অধিক আৰ্থিক সুস্থিৰতা প্ৰদান কৰে।

নিজৰ অভিজ্ঞতাৰ আধাৰত অনিতাই এতিয়া আৱৰ্জনা বুটলা লোকসকলক সংগঠিত কৰা, সামূহিক গোটসমূহ শক্তিশালী কৰা আৰু 'নমস্তে' আঁচনিৰ বিষয়ে সজাগতা সৃষ্টি কৰাত সক্ৰিয় ভূমিকা পালন কৰে। তেওঁ সহকৰ্মীসকলক পঞ্জীয়ন প্ৰক্ৰিয়া, বৃত্তিগত সুৰক্ষা ব্যৱস্থা আৰু উপলব্ধ চৰকাৰী সুবিধাসমূহৰ বিষয়ে সজাগ কৰে, যাৰ ফলত তেওঁলোকে আনুষ্ঠানিক সহায় ব্যৱস্থাৰ সৈতে সংযুক্ত হ’ব পাৰে। এগৰাকী আৱৰ্জনা বুটলা শ্ৰমিকৰ পৰা আত্মসহায়ক গোটৰ সভানেত্ৰী আৰু সামূহিক সংগঠকলৈ তেওঁৰ এই উত্তৰণে প্ৰমাণ কৰে যে সুযোগৰ সুবিধা, সামূহিক অংশগ্ৰহণ আৰু প্ৰতিষ্ঠানিক স্বীকৃতিয়ে কেনেদৰে মহিলাৰ নেতৃত্বক শক্তিশালী কৰিব পাৰে আৰু সমাজৰ উন্নয়নত সহায় কৰিবলৈ সক্ষম কৰি তুলিব পাৰে।

এই ছগৰাকী মহিলাৰ যাত্ৰাই অনাময় কৰ্মী আৰু আৱৰ্জনা বুটলা লোকসকলৰ সুৰক্ষা, মৰ্যাদা আৰু আৰ্থ-সামাজিক সবলীকৰণ শক্তিশালী কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা পদক্ষেপসমূহৰ ব্যাপক প্ৰভাৱ প্ৰদৰ্শন কৰে। তেলেংগানাৰ পাঁচগৰাকী মহিলাই যান্ত্ৰিক অনাময় সেৱাৰ জৰিয়তে সামূহিক উদ্যমিতাৰ দিশে আগবাঢ়ি যোৱাৰ বিপৰীতে অনিতাই এগৰাকী সামূহিক নেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰি সহকৰ্মীসকলক তথ্য, অধিকাৰ আৰু জীৱিকাৰ সুযোগ লাভ কৰাত সহায় কৰিছে।

বৃত্তিগত সুৰক্ষা, যান্ত্ৰিকীকৰণ, দক্ষতা বিকাশ, সামাজিক সুৰক্ষা সংযোগ আৰু জীৱিকাৰ সমৰ্থনৰ ওপৰত গুৰুত্ব আৰোপ কৰি 'নমস্তে' আঁচনিয়ে এক অধিক সুৰক্ষিত আৰু অন্তৰ্ভুক্তিমূলক অনাময় পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলাত অৰিহণা যোগাইছে। এই পদক্ষেপসমূহে কেৱল কৰ্ম পৰিৱেশ উন্নত কৰাত সহায় কৰাই নহয়, বৰঞ্চ শ্ৰমিকসকলক নিজৰ দক্ষতা বৃদ্ধি কৰিবলৈ, আৰ্থিক স্বাধীনতা শক্তিশালী কৰিবলৈ আৰু অৰ্থনৈতিক তথা সামূহিক উন্নয়নত অধিক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ সুযোগ সৃষ্টি কৰিছে।

তেওঁলোকৰ সাফল্যই এই কথা স্পষ্ট কৰি দিছে যে মহিলা সবলীকৰণ কেৱল ব্যক্তিগত আয় উপাৰ্জনতে সীমাবদ্ধ নহয়, বৰঞ্চ ইয়াত উদ্যোগৰ মালিকীস্বত্ব, সামূহিক সিদ্ধান্ত গ্ৰহণ, নেতৃত্ব আৰু আনৰ বাবে সুযোগ সৃষ্টি কৰাৰ সামৰ্থ্যও অন্তৰ্ভুক্ত হৈ থাকে। নিজৰ অভিজ্ঞতা আৰু দক্ষতাক উদ্যমিতা আৰু সামূহিক সংগঠনলৈ ৰূপান্তৰিত কৰি এই মহিলাসকলে এক অধিক অন্তৰ্ভুক্তিমূলক আৰু সন্মানজনক অনাময় তথা আৱৰ্জনা ব্যৱস্থাপনা খণ্ড গঢ়ি তোলাত অৰিহণা যোগাইছে।

অনাময় সহায়কৰ পৰা উদ্যোগৰ গৰাকীলৈ, আৰু আৱৰ্জনা বুটলা কামৰ পৰা সামূহিক নেতৃত্বলৈ তেওঁলোকৰ এই যাত্ৰাই আৰ্থিক সাহায্য, যান্ত্ৰিকীকৰণ, বৃত্তিগত সুৰক্ষা ব্যৱস্থা আৰু প্ৰতিষ্ঠানিক সমৰ্থনৰ পৰিৱৰ্তনশীল সম্ভাৱনাকে প্ৰতিফলিত কৰে। 'নমস্তে' আৰু ইয়াৰ সৈতে জড়িত জীৱিকাৰ পদক্ষেপসমূহৰ জৰিয়তে ভাৰত চৰকাৰে অনাময় কৰ্মী আৰু আৱৰ্জনা বুটলা লোকসকলৰ সুৰক্ষা, মৰ্যাদা আৰু আৰ্থ-সামাজিক সবলীকৰণৰ প্ৰতি থকা প্ৰতিশ্ৰুতি অব্যাহত ৰাখিছে, যাৰ ফলত মহিলাসকল এক অধিক সুৰক্ষিত, আত্মনিৰ্ভৰশীল আৰু অন্তৰ্ভুক্তিমূলক ভাৰত গঢ়াৰ সক্ৰিয় অংশীদাৰ হৈ উঠিছে।

 

***

SS-178-TAR/KV/GA/RK


(ৰিলিজ আই ডি : 2335315) অতিথি কক্ষ : 14
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil