প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতীয় নৌসেনাই পঞ্চমবাৰৰ বাবে সৰ্বভাৰতীয় উপকূলীয় প্ৰতিৰক্ষা অনুশীলন ‘ছী ভিজিল-২৬’ৰ সমন্বয় সাধন কৰিব

পোষ্ট কৰা হৈছে: 11 NOV 2026 5:17PM by PIB Guwahati

সৰ্বভাৰতীয় উপকূলীয় প্ৰতিৰক্ষা অনুশীলন ‘ছী ভিজিল-২৬’ৰ পঞ্চম সংস্কৰণ ১১ৰ পৰা ১৯ নৱেম্বৰলৈ অনুষ্ঠিত হৈছে। ভাৰতীয় নৌসেনাই মুখ্য সংস্থা হিচাপে এই অনুশীলনৰ সমন্বয় সাধন কৰিছে।

 

এই অনুশীলন দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ত ১১ৰ পৰা ১৭ নৱেম্বৰলৈ উপকূলীয় প্ৰতিৰক্ষা আৰু নিৰাপত্তা প্ৰস্তুতিৰ মূল্যায়ন (CDSRE) কৰা হ’ব। ইয়াৰ পিছত ১৮ আৰু ১৯ নৱেম্বৰত অনুষ্ঠিত হ’ব সাগৰীয় পৰ্যায়ৰ অনুশীলন।

 

২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সামুদ্ৰিক নিৰাপত্তা শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ কাৰ্যকৰিতা পৰীক্ষা কৰাৰ উদ্দেশ্যে ২০১৮ চনত ‘ছী ভিজিল’ অনুশীলনৰ পৰিকল্পনা কৰা হৈছিল।

 

‘ছী ভিজিল-২৬’ ভাৰতৰ সমগ্ৰ উপকূলীয় অঞ্চল আৰু একচেটিয়া অৰ্থনৈতিক অঞ্চলজুৰি অনুষ্ঠিত হ’ব। এই অনুশীলনত সকলো উপকূলীয় ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে মাছমৰীয়া আৰু উপকূলীয় জনসাধাৰণকে ধৰি অন্যান্য সামুদ্ৰিক ক্ষেত্ৰৰ অংশীদাৰসকলেও অংশগ্ৰহণ কৰিব।

 

ভৌগোলিক পৰিসৰ, অংশগ্ৰহণকাৰী সংস্থা আৰু গোটৰ সংখ্যা তথা উদ্দেশ্যৰ ব্যাপকতাৰ দিশৰ পৰা এই অনুশীলনৰ বিশেষ গুৰুত্ব আছে। ভাৰতীয় নৌসেনা, ভাৰতীয় উপকূলৰক্ষী বাহিনী, উপকূলীয় নিৰাপত্তা আৰক্ষী, শুল্ক বিভাগ আৰু অন্যান্য সামুদ্ৰিক সংস্থাই বিভিন্ন সম্পদ আৰু সঁজুলিৰে এই অনুশীলনত অংশগ্ৰহণ কৰিব।

 

এই অনুশীলন পৰিচালনাৰ ক্ষেত্ৰত প্ৰতিৰক্ষা মন্ত্ৰালয়, গৃহ পৰিক্ৰমা মন্ত্ৰালয়, বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয় তথা মীন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰালয়ৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ অন্যান্য সংস্থা, উপকূলীয় ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহেও সহযোগিতা আগবঢ়াইছে।

 

‘ছী ভিজিল’ ভাৰতীয় নৌসেনাৰ দুবছৰীয়া মূৰে মূৰে অনুষ্ঠিত হোৱা সৰ্ববৃহৎ যুদ্ধাভ্যাস ৰণক্ষেত্ৰ পৰ্যায়ৰ প্ৰস্তুতি আৰু অভিযানমূলক অনুশীলন (TROPEX)ৰো এক প্ৰস্তুতিমূলক অনুশীলন। ‘ছী ভিজিল’ আৰু ‘TROPEX’—এই দুয়োটা অনুশীলনে উপকূলীয় প্ৰতিৰক্ষাৰ পৰা আৰম্ভ কৰি গভীৰ সাগৰত চলোৱা অভিযানলৈকে সামুদ্ৰিক নিৰাপত্তাৰ সকলো ধৰণৰ প্ৰত্যাহ্বানৰে মোকাবিলা কৰাৰ বিষয় সামৰি লয়।

 

ৰাষ্ট্ৰীয় পৰ্যায়ত ‘ছী ভিজিল’ অনুশীলন অনুষ্ঠিত কৰাৰ ফলত সামুদ্ৰিক নিৰাপত্তা আৰু উপকূলীয় প্ৰতিৰক্ষাৰ ক্ষেত্ৰত দেশৰ প্ৰস্তুতিৰ অৱস্থা সৰ্বোচ্চ পৰ্যায়ত মূল্যায়ন কৰাৰ এক সুযোগ লাভ কৰা যায়।

 

‘ছী ভিজিল-২৬’ৰ জৰিয়তে ভাৰতৰ সামুদ্ৰিক নিৰাপত্তা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ এক বাস্তৱসন্মত মূল্যায়ন কৰাৰ লগতে এই নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ পথ প্ৰশস্ত হ’ব।

 

VM/AS/PB                                                


(ৰিলিজ আই ডি : 2335219) অতিথি কক্ষ : 20
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , Tamil