কৃষি মন্ত্ৰালয়
azadi ka amrit mahotsav

মিলেটকেন্দ্ৰিক কৃষি ৰূপান্তৰৰ বাবে ৰাষ্ট্ৰীয় কাৰ্যপৰিকল্পনা প্ৰস্তুত ওড়িশাৰ

২০৪৭ চনৰ ভিতৰত মিলেট খেতিৰ পৰিসৰ ৫ লাখ হেক্টৰলৈ সম্প্ৰসাৰণ আৰু ৮ লাখ মেট্ৰিক টন উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণৰ ওপৰত গুৰুত্ব ড০ এম এল জাতৰ

কৃষি-জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, জলবায়ু পৰিৱৰ্তন সহনশীল কৃষি আৰু বহনক্ষম খাদ্য ব্যৱস্থা বিষয়ক দুদিনীয়া ৰাষ্ট্ৰীয় কাৰ্যসূচী ভুৱনেশ্বৰত আৰম্ভ

পোষ্ট কৰা হৈছে: 10 NOV 2026 6:18PM by PIB Guwahati

কৃষি-জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, জলবায়ু পৰিৱৰ্তন সহনশীল কৃষি আৰু বহনক্ষম খাদ্য ব্যৱস্থা বিষয়ক দুদিনীয়া ৰাষ্ট্ৰীয় কাৰ্যসূচী ১০ নৱেম্বৰত ওড়িশাৰ ভুৱনেশ্বৰত আৰম্ভ হয়। এই অনুষ্ঠানত ওড়িশাৰ ৰাজ্যপাল শ্ৰী ব্ৰজ মোহন ৰাম, ওড়িশা চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী কনক বৰ্ধন সিং দেও, কৃষি গৱেষণা আৰু শিক্ষা বিভাগৰ সচিব তথা ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ (আইচিএআৰ) সঞ্চালকপ্ৰধান ড০ মাংগী লাল জাত, এম এছ স্বামীনাথন ৰিচাৰ্চ ফাউণ্ডেচনৰ অধ্যক্ষ ড০ সৌম্য স্বামীনাথন আৰু ওড়িশা চৰকাৰৰ কৃষি আৰু কৃষক সবলীকৰণ বিভাগৰ আয়ুক্ত তথা সচিব শ্ৰী শচীন ৰামচন্দ্ৰ যাদৱ, আইএএছৰ লগতে বিশিষ্ট কৃষি বিজ্ঞানী, নীতি নিৰ্ধাৰক আৰু অন্যান্য অংশীদাৰসকল উপস্থিত থাকে।

 

উদ্বোধনী অধিৱেশনৰ জৰিয়তে আনুষ্ঠানিকভাৱে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতে প্ৰদৰ্শনীস্থলী পৰিদৰ্শন আৰু কৃষি উদ্ভাৱন, থলুৱা শস্যৰ বৈচিত্ৰ্য, মিলেটভিত্তিক সামগ্ৰীৰ প্ৰদৰ্শনৰ লগতে কৃষকসকলৰ সৈতে মত বিনিময় কৰা হয়।

 

সভাত ভাষণ দি ড০ জাতে জলবায়ু পৰিৱৰ্তন, মাটিৰ স্বাস্থ্য, পুষ্টি আদিৰ দৰে বৃহৎ প্ৰত্যাহ্বানসমূহৰে মোকাবিলা কৰাৰ লগতে ‘এক স্বাস্থ্য’ৰ বাবে স্থানীয় খাদ্য ব্যৱস্থাৰ প্ৰসাৰৰ উদ্দেশ্যে মিলেটকে ধৰি সম্ভাৱনাপূৰ্ণ শস্যৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি ওড়িশাৰ সমৃদ্ধ কৃষি-জৈৱ বৈচিত্ৰ্যৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

 

ড০ জাতে ওড়িশা শ্ৰী অন্ন অভিযানৰ সফলতাৰ কথাও উল্লেখ কৰে আৰু মিলেটভিত্তিক কৃষি ৰূপান্তৰৰ ক্ষেত্ৰত এই অভিযান ৰাষ্ট্ৰীয় আৰ্হি হিচাপে আত্মপ্ৰকাশ কৰাৰ সম্ভাৱনাৰ কথা দোহাৰে। তেওঁ ২০৪৭ চনৰ ভিতৰত মিলেট খেতিৰ পৰিসৰ ১.৭৯ লাখ হেক্টৰৰ পৰা ৫ লাখ হেক্টৰলৈ সম্প্ৰসাৰণ কৰাৰ লগতে ৮ লাখ মেট্ৰিক টন উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

 

২০২৪-২৫ৰ বিপণন বৰ্ষত ৭.৫ লাখ কুইণ্টল ৰাগী ক্ৰয় কৰাৰ ক্ষেত্ৰত ৰাজ্যখনৰ সাফল্য আৰু ২০২৫-২৬ বৰ্ষৰ বাবে ৮ লাখ কুইণ্টল ৰাগী ক্ৰয়ৰ লক্ষ্যৰ কথাও প্ৰশংসা কৰা হয়। ইয়াৰ উপৰি থলুৱা মিলেটৰ বৈচিত্ৰ্য সংৰক্ষণ, বিশেষকৈ নথিভুক্ত কৰা ১৬৩ বিধ ফিংগাৰ মিলেটৰ থলুৱা জাত সংৰক্ষণ আৰু কালিয়া, বাটি, মামী আৰু ভাৰতী আদি পৰম্পৰাগত জাতৰ প্ৰসাৰৰ গুৰুত্বৰ বিষয়টোও উল্লেখ কৰা হয়।

 

ইয়াৰ উপৰি ড০ জাতে বৈজ্ঞানিক কৃষি পদ্ধতিৰ সম্প্ৰসাৰণ, চুৱান আৰু কাংগু আদি ক্ষুদ্ৰ মিলেটৰ প্ৰসাৰ, সুলভ মূল্যৰ প্ৰক্ৰিয়াকৰণ যন্ত্ৰৰ বিকাশ, কৃষক উৎপাদক সংগঠন (এফপিঅ’) আৰু মহিলাৰ আত্মসহায়ক গোটসমূহ (এছএইচজি) শক্তিশালী কৰা তথা হায়দৰাবাদস্থিত আইচিএআৰ-আইআইএমআৰৰ জৰিয়তে মিলেটভিত্তিক উদ্যোগ আৰু বজাৰ সংযোগৰ সম্প্ৰসাৰণৰ বিষয়ে আলোচনা কৰে।

 

তেওঁ আইচিএআৰ-আইআইএমআৰ, হায়দৰাবাদৰ সৈতে গৱেষণামূলক সহযোগিতা শক্তিশালী কৰা আৰু ওড়িশা কৃষি আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ত মিলেটৰ উৎকৃষ্টতা কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱো আগবঢ়ায়।

 

এই কাৰ্যসূচীৰ লক্ষ্য হৈছে প্ৰতিষ্ঠানসমূহৰ মাজত সহযোগিতা শক্তিশালী কৰা, জ্ঞানৰ আদান-প্ৰদানৰ প্ৰসাৰ ঘটোৱা আৰু বহনক্ষম, জলবায়ু পৰিৱৰ্তন সহনশীল তথা অৰ্থনৈতিকভাৱে লাভজনক মিলেটভিত্তিক কৃষি উন্নয়নৰ দিশত ওড়িশাৰ যাত্ৰা ত্বৰান্বিত কৰা।

SS/MS/PB


(ৰিলিজ আই ডি : 2334915) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Odia , Tamil , Telugu