পোষ্ট কৰা হৈছে:
10 NOV 2026 5:31PM by PIB Guwahati
প্ৰতিৰক্ষা উৎপাদন বিভাগে দুটা পৰ্যায়ত অনুষ্ঠিত বিশেষ অভিযান ৬.০ সফলতাৰে সম্পন্ন কৰিছে। ইয়াৰ প্ৰথমটো পৰ্যায় অৰ্থাৎ প্ৰস্তুতিমূলক পৰ্যায় ২০২৬ চনৰ ১৫ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ আৰু ৰূপায়ণ পৰ্যায় ২০২৬ চনৰ ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ অনুষ্ঠিত হয়। বিভাগটোৰ অধীনস্থ কাৰ্যালয়সমূহত স্বচ্ছতাক প্ৰতিষ্ঠানিক ৰূপ দিয়া আৰু দীৰ্ঘদিন ধৰি নিষ্পত্তি নোহোৱাকৈ পৰি থকা বিষয়সমূহৰ সংখ্যা হ্ৰাস কৰাৰ উদ্দেশ্যে এই অভিযান গ্ৰহণ কৰা হৈছিল।
সমগ্ৰ চৰকাৰী ব্যৱস্থাত গ্ৰহণ কৰা এই পদক্ষেপৰ সৈতে সংগতি ৰাখি এইবাৰৰ অভিযানত অন্যান্য প্ৰশাসনিক উন্নয়নৰ ক্ষেত্ৰসমূহৰ লগতে ইলেক্ট্ৰনিক আৱৰ্জনা (ই-ৱেষ্ট)ৰ ফলপ্ৰসূ সংগ্ৰহ, পৃথকীকৰণ আৰু নিষ্কাশনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।
কাৰ্যালয় চৌহদৰ স্বচ্ছতা আৰু সামগ্ৰিক পৰিচালনা ব্যৱস্থা উন্নত কৰা, উপলব্ধ স্থানৰ দক্ষতাপূৰ্ণ ব্যৱহাৰ আৰু পেলনীয়া তথা অপ্ৰয়োজনীয় সামগ্ৰী নিষ্কাশনৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হয়।
ইয়াৰ উপৰি নথি-পত্ৰৰ সুপৰিকল্পিত ব্যৱস্থাপনা আৰু বাকী থকা প্ৰসংগ, ফাইল তথা অন্যান্য বিষয়সমূহ ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰাৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব প্ৰদান কৰা হয়। এই পদক্ষেপসমূহে স্থানৰ উন্নত ব্যৱস্থাপনা আৰু কৰ্মক্ষেত্ৰৰ সৌন্দৰ্যবৰ্ধনতো অৰিহণা যোগায়।
বিশেষ অভিযান ৬.০-ত ৫.০ৰ তুলনাত লাভ কৰা সফলতাৰ সাৰাংশ
| ক্ৰমিক নং | শিতান | অভিযান ৫.০ | অভিযান ৬.০ |
| --------- | -------------------------------------------------------- | ----------------- | ----------------- |
| ১ | পৰ্যালোচনা কৰা কাগজী ফাইল | ৩০,০০০ | ৪৫,০০০ |
| ২ | বাতিল কৰা পুৰণি ফাইল | ২৭,০০০ | ৪৩,৯৫২ |
| ৩ | পৰ্যালোচনা কৰা ই-ফাইল | ২,০০০ | ৫৫,০০০ |
| ৪ | বাতিল কৰা ই-ফাইল | ১,৮৯০ | ৫১,২৩০ |
| ৫ | পেলনীয়া/অব্যৱহৃত সামগ্ৰী নিষ্কাশনৰ ফলত মুকলি হোৱা স্থান | ১৭.৪২ লাখ বৰ্গফুট | ১৯.৩৫ লাখ বৰ্গফুট |
| ৬ | পেলনীয়া সামগ্ৰী/ই-ৱেষ্ট নিষ্কাশনৰ জৰিয়তে উপাৰ্জিত ৰাজহ | ১৫.৬২ কোটি টকা | ২২.১৯ কোটি টকা |
| ৭ | নিষ্পত্তি কৰা ৰাজহুৱা অভিযোগ | ৫০ | ১৩৬ |
| ৮ | নিষ্পত্তি কৰা ৰাজহুৱা অভিযোগৰ আপীল | ৮৭ | ১৭ |
| ৯ | ভিআইপি/সাংসদৰ প্ৰসংগ নিষ্পত্তি | ১৩ | ১১ |
| ১০ | আন্তঃমন্ত্ৰালয় সমিতিৰ (IMC) প্ৰসংগ নিষ্পত্তি | ২ | ৩ |
প্ৰতিৰক্ষা উৎপাদন বিভাগে স্বচ্ছতা, দীৰ্ঘদিন ধৰি নিষ্পত্তি নোহোৱাকৈ পৰি থকা বিষয়সমূহৰ ক্ষিপ্ৰ নিষ্পত্তি আৰু উন্নত কৰ্মক্ষেত্ৰৰ পৰিৱেশ সৃষ্টিৰ বাবে নিৰন্তৰ প্ৰচেষ্টাৰ জৰিয়তে বিশেষ অভিযান ৬.০ৰ লক্ষ্যসমূহ আগুৱাই নিয়াৰ ক্ষেত্ৰত নিজৰ দায়বদ্ধতা অব্যাহত ৰাখিছে।
********
SR/NJ/PB