পোষ্ট কৰা হৈছে:
10 NOV 2026 7:27PM by PIB Guwahati
ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ উদ্যোগত দেশৰ ৰাজধানীৰ আই.এন.এ. (INA) স্থিত দিল্লী হাট (Dilli Haat)ত আয়োজিত ১৫ দিনীয়া 'শিল্প সমাগম মেলা ২০২৬' ভাৰতৰ চহকী পৰম্পৰাগত কাৰুশিল্প, সাংস্কৃতিক ঐতিহ্য আৰু উদ্যোগী মনোভাব প্ৰদৰ্শনৰ এক সজীৱ মঞ্চ হিচাপে পৰিগণিত হৈছে। এই মেলা অহা ১৫ নৱেম্বৰ ২০২৬ লৈকে চলি থাকিব। মেলাখনে অনুসূচিত জাতি, অন্যান্য পিছপৰা শ্ৰেণী, চাফাই কৰ্মচাৰী আৰু বিশেষভাৱে সক্ষম হিতাধিকাৰী তথা শিল্পীসকলক বৃহৎসংখ্যক দৰ্শকৰ সন্মুখত তেওঁলোকৰ সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰী কৰাৰ সুযোগ প্ৰদান কৰিছে।
মন্ত্ৰালয়ে ২০২২ চনৰ পৰাই এই 'শিল্প সমাগম মেলা'সমূহ আয়োজন কৰি আহিছে। এই মেলাসমূহৰ জৰিয়তে অনুসূচিত জাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু চাফাই কৰ্মচাৰী সম্প্ৰদায়ৰ ১,০০০ তকৈও অধিক শিল্পীয়ে নিজৰ সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰী কৰাৰ সুযোগ লাভেৰে উপকৃত হৈছে। এই উদ্যোগৰ মূল উদ্দেশ্য হৈছে স্ব-নিয়োজন বৃদ্ধি কৰা, উদ্যমিতাক উৎসাহিত কৰা আৰু হিতাধিকাৰী সম্প্ৰদায়সমূহৰ আৰ্থ-সামাজিক সবলীকৰণত সহায় কৰা।
প্ৰকাশ আৰু পৰম্পৰা - জ্যোতিৰে জ্যোতি জ্বলাই যাওঁ মূল বিষয়বস্তুক কেন্দ্ৰ কৰি আয়োজিত এই দুসপ্তাহজোৰা মেলাই সাতটা পৃথক থিমেটিক জ’নৰ জৰিয়তে ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাগত কাৰুশিল্পক একত্ৰিত কৰিছে। এই জ’নসমূহৰ ভিতৰত আছে কলা আংগন, প্ৰকাশ চৌক, পূজা পথ, সজাৱট বজাৰ, ঘৰানা, স্বাদ চৌক আৰু মঞ্চ, যিয়ে দৰ্শনাৰ্থীসকলক ভাৰতৰ শৈল্পিক, সাংস্কৃতিক আৰু খাদ্যসম্ভাৰৰ এক সামগ্ৰিক অভিজ্ঞতা প্ৰদান কৰিছে।
মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে, মেলাখন আৰম্ভ হোৱাৰ পৰাই ইয়াৰ বিক্ৰী অত্যন্ত উৎসাহজনক হৈছে, যিয়ে দৰ্শনাৰ্থীসকলৰ ব্যাপক সঁহাৰি আৰু হিতাধিকাৰী সম্প্ৰদায়সমূহৰ দ্বাৰা নিৰ্মিত সামগ্ৰীৰ প্ৰতি বৰ্ধিত আদৰক প্ৰতিফলিত কৰিছে। তেওঁ কয় যে মেলাত অংশগ্ৰহণ কৰা চাৰিটা নিগম— ক্ৰমে ৰাষ্ট্ৰীয় অনুসূচিত জাতি বিত্ত আৰু উন্নয়ন নিগম (NSFDC), ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণী বিত্ত আৰু উন্নয়ন নিগম (NBCFDC), ৰাষ্ট্ৰীয় চাফাই কৰ্মচাৰী বিত্ত আৰু উন্নয়ন নিগম (NSKFDC) আৰু ৰাষ্ট্ৰীয় দিব্যাংগজন বিত্ত আৰু উন্নয়ন নিগম (NDFDC)— এ ১ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰ ২০২৬ ৰ ভিতৰত আনুমানিক ৬৪.৫২ লাখ টকাৰ সামগ্ৰী বিক্ৰী কৰিছে। তেওঁ কয় যে এই বিক্ৰীৰ পৰিসংখ্যাই মেলাত প্ৰদৰ্শিত সামগ্ৰীসমূহৰ প্ৰতি বজাৰৰ ইতিবাচক সঁহাৰি আৰু অংশগ্ৰহণকাৰী শিল্পীসকলৰ বাবে ক্ৰমবৰ্ধমান বজাৰৰ সুযোগক সূচাইছে।
মন্ত্ৰালয়ে হিতাধিকাৰীসকলক বিনামূলীয়া ষ্টল, ভ্ৰমণ খৰচ, দৈনিক বানচ আৰু তেওঁলোকৰ সামগ্ৰী পৰিবহণৰ সুবিধা প্ৰদান কৰি মেলাত অংশগ্ৰহণ সুচল কৰি তোলে। এই সাহায্যসমূহে শিল্পীসকলক যাতায়ত তথা বিত্তীয় বাধাসমূহ দূৰ কৰাত সহায় কৰে আৰু তেওঁলোকক নতুন বজাৰ তথা গ্ৰাহকৰ কাষ চাপিবলৈ সক্ষম কৰে।
মেলাখনত ১৩০টাতকৈও অধিক ষ্টলৰ জৰিয়তে বিভিন্ন ধৰণৰ হস্তশিল্প, হস্ততাঁত সামগ্ৰী, পৰম্পৰাগত বস্ত্ৰ, উৎসৱৰ সাজসজ্জা, চাকি, গৃহ সজ্জাৰ সামগ্ৰী আৰু অন্যান্য থলুৱা সামগ্ৰী প্ৰদৰ্শন কৰা হৈছে। এই প্ৰদৰ্শনীয়ে শিল্পী আৰু হিতাধিকাৰীসকলক গ্ৰাহকৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰিবলৈ, তেওঁলোকৰ বজাৰৰ পৰিসৰ সম্প্ৰসাৰণ কৰিবলৈ আৰু তেওঁলোকৰ ঔদ্যোগিক ক্ষমতাক শক্তিশালী কৰিবলৈ এক সহজলভ্য বিপণন মঞ্চ প্ৰদান কৰিছে।
মেলাখনে শিল্পীসকলক 'ভাৰত টিউলিপ'ৰ দৰে উদ্যোগৰ জৰিয়তে নিজৰ বজাৰ সম্প্ৰসাৰণ কৰাৰ সুযোগো দিছে, যিয়ে শিল্পীসকলক ই-কমাৰ্চ প্লেটফৰ্মসমূহৰ সৈতে সংযোগ কৰে। ইয়াৰ উপৰিও 'পাৰ্পল ফেষ্ট'ৰ জৰিয়তে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ সৃজনশীলতা আৰু দক্ষতাক উদযাপন কৰাৰ লগতে সমাজত তেওঁলোকৰ অন্তৰ্ভুক্তি আৰু সমান সুযোগ নিশ্চিত কৰাৰ বাৰ্তা প্ৰদান কৰা হয়।
মেলাখন ইতিমধ্যে সন্মানীয় কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ড° বীৰেন্দ্ৰ কুমাৰ; কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ ৰাজ্য মন্ত্ৰী শ্ৰী ৰামদাস আঠৱালে; কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ ৰাজ্য মন্ত্ৰী শ্ৰীমতী নিমু বেন জয়ন্তীভাই বাম্ভানিয়া; আৰু সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ সচিব শ্ৰী সুধাংশ পণ্টৰ লগতে আন আন জ্যেষ্ঠ বিষয়াসকলে পৰিদৰ্শন কৰিছে। পৰিদৰ্শন কালত বিশিষ্ট ব্যক্তিসকলে প্ৰদৰ্শনীৰ বিপণীসমূহসমূহত এভূমুকি মাৰে, পৰম্পৰাগত কাৰুশিল্পৰ প্ৰশংসা কৰে আৰু অংশগ্ৰহণকাৰী শিল্পীসকলৰ সৈতে বাৰ্তালাপ কৰে। ইয়াৰ জৰিয়তে পিছপৰা সম্প্ৰদায়সমূহৰ বাবে সামূহিক উদ্যমিতা, অৰ্থনৈতিক সবলীকৰণ আৰু বহনক্ষম জীৱিকাৰ সুযোগ প্ৰসাৰ কৰাৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ পায়।
মেলাৰ এক অন্যতম প্ৰধান আকৰ্ষণ হৈছে প্ৰতিখন সন্ধিয়া 'মঞ্চ'ত আয়োজিত সাংস্কৃতিক কাৰ্যসূচী আৰু অনুষ্ঠানসমূহ। বিভিন্ন ৰাজ্যৰ শিল্পী আৰু নাট্য দলে একগোট হৈ বাৰেৰহণীয়া লোকনৃত্য, পৰম্পৰাগত সংগীত আৰু আঞ্চলিক কলা প্ৰদৰ্শন কৰে। এই প্ৰদৰ্শনীবোৰে দৰ্শকক একেখন মঞ্চতে ভাৰতৰ বৈচিত্ৰ্যময় সাংস্কৃতিক অভিব্যক্তিৰ এক আভাস দিয়ে, যাৰ ফলত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হোৱাৰ লগতে আঞ্চলিক সাংস্কৃতিক আদান-প্ৰদান সম্ভৱ হৈ উঠিছে।
নাগৰিক, পৰিয়াল আৰু যুৱ দৰ্শনাৰ্থীসকলে অতি উৎসাহেৰে মেলাখনলৈ আহি বিভিন্ন পৰম্পৰাগত সামগ্ৰীসমূহ উপভোগ কৰিছে, শিল্পীসকলৰ কাৰুশিল্পক আদৰণি জনাইছে আৰু তেওঁলোকৰ উদ্যমিতা, অৰ্থনৈতিক সবলীকৰণ আৰু স্বাৱলম্বিতাৰ প্ৰচেষ্টাক সমৰ্থন কৰিছে। সাধাৰণ দৰ্শনাৰ্থীসকলে মেলাৰ ভিন্ন ৰং উপভোগ কৰাৰ লগতে ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ অনুভৱ লৈছে আৰু এখন অন্তৰ্ভুক্তিমূলক তথা স্বাৱলম্বী ভাৰতৰ সপোনত অৰিহণা যোগোৱা শিল্পী আৰু উদ্যোগীসকলক উৎসাহিত কৰিছে।

***
PR-219-TAR/KV/GA/RK/KG