পোষ্ট কৰা হৈছে:
10 NOV 2026 6:45PM by PIB Guwahati
৬০ বছৰীয়া শ্ৰী সুব্ৰমণিয়নৰ (নাম সলনি কৰা হৈছে) জীৱন যাত্ৰাই অনাময় কৰ্মীসকলৰ পেশাগত সুৰক্ষা, স্বাস্থ্যৰক্ষা আৰু জীৱিকাৰ নিৰাপত্তা নিশ্চিত কৰাৰ গুৰুত্বক প্ৰতিফলিত কৰে। নমস্তে আঁচনিৰ জৰিয়তে লাভ কৰা সুৰক্ষা সঁজুলি আৰু সজাগতা প্ৰশিক্ষণে তেওঁক অধিক আত্মবিশ্বাস, উন্নত স্বাস্থ্য আৰু মৰ্যাদাৰে নিজৰ বৃত্তি অব্যাহত ৰখাত সহায় কৰিছে। তেওঁৰ অভিজ্ঞতাই প্ৰমাণ কৰে যে নমস্তে আঁচনিৰ অধীনত লোৱা লক্ষ্যভিত্তিক পদক্ষেপে কেনেকৈ অনাময় কৰ্মীসকলৰ বাবে সুৰক্ষিত কৰ্ম পৰিৱেশ, উন্নত জীৱিকাৰ সুযোগ আৰু এক মৰ্যাদাপূৰ্ণ ভৱিষ্যত গঢ়ি তোলাত অৱদান যোগাইছে।
পণ্ডিচেৰী পৌৰসভাৰ অনুসূচিত জাতি সম্প্ৰদায়ৰ অনাময় কৰ্মী শ্ৰী সুব্ৰমণিয়নে নলা-নৰ্দমা আৰু চেপ্টিক টেংক পৰিস্কাৰ কৰাৰ দৰে কঠিন কামত ১৫ বছৰতকৈও অধিক সময় অতিবাহিত কৰিছিল। সমগ্ৰ কৰ্মজীৱনত তেওঁ প্ৰায়েই কোনো পৰ্যাপ্ত সুৰক্ষা সঁজুলি বা পেছাগত সুৰক্ষা ব্যৱস্থা নোহোৱাকৈয়ে বিপজ্জনক পৰিৱেশত কাম কৰিবলগীয়া হৈছিল। বিপজ্জনক আৱৰ্জনাৰ সৈতে ধাৰাবাহিক সংস্পৰ্শৰ বাবে তেওঁ সঘনাই ছালৰ সংক্ৰমণ আৰু উশাহ-নিশাহৰ সমস্যাত ভুগিছিল, যাৰ ফলত তেওঁৰ নিয়মীয়াকৈ কাম কৰাৰ ক্ষমতা আৰু স্বাস্থ্য ব্যাহত হৈছিল। চাৰিজনীয়া পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী হোৱাৰ বাবে, তেওঁৰ স্বাস্থ্যজনিত সমস্যাবোৰে পৰিয়ালটোলৈ তীব্ৰ আৰ্থিক চাপ আনিছিল। সঘনাই হোৱা চিকিৎসাৰ খৰচে পৰিয়ালটোৰ সীমিত সম্পদৰ ওপৰত অধিক বোজা জাপি দিছিল, আনহাতে প্ৰায় ১২,০০০ টকাৰ সামান্য মাহেকীয়া আয়েৰে ঘৰৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাটো কঠিন আছিল। এই সকলো কষ্টৰ পাছতো তেওঁ নিজৰ বৃত্তিৰ প্ৰতি দায়বদ্ধ আছিল আৰু নিজৰ সুৰক্ষা তথা সুস্বাস্থ্য নিশ্চিত কৰি মৰ্যাদাৰে জীৱিকা অৰ্জন কৰাৰ আশা ৰাখিছিল।
সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ দ্বাৰা ৰূপায়িত "নেচনেল একচন ফৰ মেকানাইজড চেনিটেচন ইকোচিষ্টেম" আঁচনিৰ জৰিয়তে ২০২৫ চনত তেওঁৰ জীৱনলৈ এক উল্লেখনীয় পৰিৱৰ্তন আহে। এই আঁচনিৰ অধীনত তেওঁ এটি সুৰক্ষামূলক পোছাক, গধুৰ কামত ব্যৱহৃত হাতমোজা, গামবুট, ফেচ মাস্ক আৰু নিৰাপত্তা হেলমেট সম্বলিত এটা সম্পূৰ্ণ ব্যক্তিগত সুৰক্ষা সঁজুলি কিট লাভ কৰে। ইয়াৰ লগতে তেওঁ সুৰক্ষিত অনাময় পদ্ধতি আৰু পেছাগত স্বাস্থ্যৰ বিপদাশংকা প্ৰতিৰোধৰ সন্দৰ্ভত সজাগতা প্ৰশিক্ষণো গ্ৰহণ কৰে।
সুৰক্ষা সঁজুলিৰ যোগান আৰু নিৰাপত্তা সজাগতাই তেওঁৰ কৰ্ম পৰিৱেশৰ এক অৰ্থপূৰ্ণ ইতিবাচক পৰিৱৰ্তন সাধন কৰিলে। পেছাগত বিপদৰ পৰা উন্নত সুৰক্ষা পোৱাৰ ফলত তেওঁৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি হ’ল, কামত অনুপস্থিতি হ্ৰাস পালে আৰু চিকিৎসাৰ খৰচো কমি গ’ল। উন্নত স্বাস্থ্য আৰু কামৰ ধাৰাবাহিকতাই তেওঁৰ মাহেকীয়া আয় প্ৰায় ১২,০০০ টকাৰ পৰা বৃদ্ধি কৰি ১৬,০০০-১৮,০০০ টকা কৰাত সহায় কৰিলে, যাৰ ফলত তেওঁৰ আৰ্থিক স্থিৰতা অধিক মজবুত কৰিলে।

***
SS-174-TAR/KV/GA/RK