স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

২০২১-২২ চনৰ পৰা নতুন এইমছসমূহত বহিঃবিভাগৰ চিকিৎসা পৰামৰ্শ গ্ৰহণৰ সংখ্যা ৬ কোটি অতিক্ৰম, সমগ্ৰ ভাৰততে বিশেষজ্ঞ পৰ্যায়ৰ উন্নত স্বাস্থ্যসেৱাৰ সম্প্ৰসাৰণ

প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনা (PMSSY)ৰ অধীনত ২২খন নতুন এইমছৰ অনুমোদন, ১৮খন সম্পূৰ্ণৰূপে কাৰ্যক্ষম প্ৰতিষ্ঠানে আগবঢ়াইছে বিস্তৃত স্বাস্থ্যসেৱা, চিকিৎসা শিক্ষা আৰু গৱেষণা সেৱা

পিএমএছএছৱাইৰ অধীনত এইমছৰ সম্প্ৰসাৰণে সুলভ আৰু নিৰ্ভৰযোগ্য উন্নত পৰ্যায়ৰ স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত আঞ্চলিক বৈষম্য দূৰ কৰাৰ লগতে চিকিৎসা শিক্ষা আৰু গৱেষণা শক্তিশালী কৰিছে

নতুন এইমছসমূহত বহিঃবিভাগৰ চিকিৎসা পৰামৰ্শ গ্ৰহণৰ সংখ্যা ২০২১-২২ চনৰ ৫০.০৩ লাখৰ পৰা ২০২৫-২৬ চনত ১৪৪.৯৬ লাখলৈ বৃদ্ধি, বিশেষজ্ঞ স্বাস্থ্যসেৱাৰ বৰ্ধিত ব্যৱহাৰৰ প্ৰতিফলন

পোষ্ট কৰা হৈছে: 10 NOV 2026 6:05PM by PIB Guwahati

প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনা (PMSSY)ৰ অধীনত স্থাপন কৰা নতুন সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানসমূহ (AIIMS)-এ ২০২১-২২ চনৰ পৰা আৰম্ভ হোৱা পাঁচবছৰীয়া সময়ছোৱাত ২০২৬ চনৰ ৩১ অক্টোবৰৰ পৰ্যন্ত সামূহিকভাৱে বহিঃবিভাগত ৬ কোটিৰো অধিক চিকিৎসা পৰামৰ্শ প্ৰদানৰ অভিলেখ গঢ়িছে। এই সাফল্যই প্ৰতিষ্ঠানসমূহৰ বৰ্ধিত প্ৰসাৰ আৰু দেশৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণৰ ওচৰলৈ বিশেষজ্ঞ পৰ্যায়ৰ উন্নত স্বাস্থ্যসেৱা উপলব্ধ কৰোৱাৰ ক্ষেত্ৰত ইয়াৰ অৱদান প্ৰতিফলিত কৰিছে।

 

সুলভ আৰু নিৰ্ভৰযোগ্য উন্নত পৰ্যায়ৰ স্বাস্থ্যসেৱাৰ উপলব্ধতাৰ ক্ষেত্ৰত আঞ্চলিক বৈষম্য দূৰ কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰে পিএমএছএছৱাইৰ অধীনত এইমছৰ নেটৱৰ্ক সম্প্ৰসাৰণ কৰি আহিছে। বিশেষজ্ঞ স্বাস্থ্যসেৱাৰ সম্প্ৰসাৰণৰ লগতে দেশৰ চিকিৎসা শিক্ষা আৰু গৱেষণা ব্যৱস্থাক শক্তিশালী কৰাও এই পদক্ষেপৰ আন এক উদ্দেশ্য।

 

পিএমএছএছৱাইৰ অধীনত বিভিন্ন পৰ্যায়ত অনুমোদন লাভ কৰা ২২খন নতুন এইমছৰ ভিতৰত ১৮খন সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠিছে। এই প্ৰতিষ্ঠানসমূহে বহিঃবিভাগ আৰু আন্তঃবিভাগ ৰ চিকিৎসা সেৱা, জৰুৰীকালীন আৰু দুৰ্ঘটনাজনিত চিকিৎসা সেৱা, ৰোগ নিৰ্ণয়, চিকিৎসা শিক্ষা আৰু গৱেষণাকে ধৰি বিভিন্ন সেৱা আগবঢ়াই আহিছে।

 

বছৰভিত্তিক বহিঃবিভাগৰ পৰিসংখ্যাই এই প্ৰতিষ্ঠানসমূহৰ বৰ্ধিত ব্যৱহাৰৰ ছবি প্ৰতিফলিত কৰিছে। ২০২১-২২ চনত চিকিৎসা পৰামৰ্শ গ্ৰহণৰ সংখ্যা আছিল ৫০.০৩ লাখ। ২০২২-২৩ চনত এই সংখ্যা ৭৭.৯৫ লাখলৈ আৰু ২০২৩-২৪ চনত ১০০.৫২ লাখলৈ বৃদ্ধি পায়। ২০২৪-২৫ চনত এই সংখ্যা ১২৯.৯৮ লাখত উপনীত হোৱাৰ বিপৰীতে ২০২৫-২৬ চনত ১৪৪.৯৬ লাখ হয়। ২০২৬-২৭ বৰ্ষত ২০২৬ চনৰ অক্টোবৰ মাহলৈকে নতুন এইমছসমূহত ৯৭.৪১ লাখ বহিঃবিভাগৰ ৰোগী পঞ্জীয়ন কৰা হৈছে। এই বছৰসমূহৰ সঞ্চিত সংখ্যা প্ৰায় ৬.০১ কোটি।

 

নতুন এইমছসমূহে স্নাতক, স্নাতকোত্তৰ আৰু নাৰ্ছিং শিক্ষাৰ সুযোগো সম্প্ৰসাৰণ কৰিছে। একে সময়তে বিশেষজ্ঞ চিকিৎসা সুবিধা আৰু উন্নত চিকিৎসা সেৱাৰ আন্তঃগাঁথনি গঢ়ি তুলিছে। সামগ্ৰিকভাৱে এই প্ৰতিষ্ঠানসমূহে ভাৰতৰ চিকিৎসা শিক্ষা আৰু গৱেষণাৰ আন্তঃগাঁথনি সম্প্ৰসাৰণত অৰিহণা যোগাই আহিছে।

 

*******

 

SR/PB

HFW/ AIIMS crosses 6 crore OPD footfall/10 November 2026/1


(ৰিলিজ আই ডি : 2334864) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil , Telugu