বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

কলকাতা বিমানবন্দৰত ভাৰতৰ পৰা বিদেশী মুদ্ৰা চোৰাংকৈ সৰবৰাহৰ চেষ্টা বিফল কৰিলে ডি আৰ আয়ে; ৩.৫ কোটি টকাৰ সমমূল্যৰ বিদেশী মুদ্ৰা জব্দ, সাতজনক গ্ৰেপ্তাৰ

পোষ্ট কৰা হৈছে: 10 NOV 2026 3:17PM by PIB Guwahati

বিদেশী মুদ্ৰাৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং সৰবৰাহৰ বিৰুদ্ধে এক বৃহৎ অভিযান চলাই ৰাজহ চোৰাংচোৱা সঞ্চালকালয় (ডি আৰ আই)-এ কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (এন এছ চি বি আই)ত দেশৰ পৰা বিদেশী মুদ্ৰা বাহিৰলৈ নিয়াৰ চেষ্টা কৰা কেইবাজনো বিদেশগামী যাত্ৰীক আটক কৰে।

নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত ডি আৰ আইৰ বিষয়াসকলে ৬ নৱেম্বৰৰ পুৱতি নিশা বেংকক অভিমুখে যাত্ৰা কৰিবলৈ লোৱা ৭জন যাত্ৰীক আটক কৰে। যাত্ৰীকেইজনক তালাচী চলোৱাৰ লগতে তেওঁলোকৰ হাতত থকা বেগ আৰু বিমানত কঢ়িয়াই নিয়াৰ বাবে জমা দিয়া বেগসমূহো পুংখানুপুংখভাৱে পৰীক্ষা কৰা হয়। এই পৰীক্ষাত মাৰ্কিন ডলাৰ (USD) আৰু ব্ৰিটিছ পাউণ্ড (GBP)সহ বিভিন্ন বিদেশী মুদ্ৰা উদ্ধাৰ আৰু জব্দ কৰা হয়। এই মুদ্ৰাসমূহৰ মুঠ মূল্য ভাৰতীয় মুদ্ৰাত ৩.১২ কোটি টকা।

 

এই চক্ৰটোৰ সৰবৰাহকাৰীসকলে অতি কৌশলী পদ্ধতি অৱলম্বন কৰিছিল। তেওঁলোকে টোকাবহীৰ ভিতৰত, ট্ৰলী বেগৰ দুটা তৰপযুক্ত গোপন খাপত আৰু জোতাৰ ভিতৰত অতি কৌশলেৰে বিদেশী মুদ্ৰা লুকুৱাই ৰাখিছিল। ইয়াৰ কিছু অংশ বিমানত জমা দিয়া বেগত ভৰাই নিয়া কাপোৰৰ জেপত লুকুৱাই ৰখা হৈছিল। আন কিছুমান ক্ষেত্ৰত হাতত কঢ়িয়াই নিয়া আৰু বিমানত জমা দিয়া দুয়োবিধ বেগৰ গভীৰ ভিতৰভাগত মুদ্ৰাসমূহ লুকুৱাই ৰখা হৈছিল।

 

সোধা-পোছাৰ সময়ত যাত্ৰীসকলে উদ্ধাৰ হোৱা মুদ্ৰাৰ মালিকীস্বত্ব বা বৈধ অধিকাৰ প্ৰমাণ কৰিবলৈ কোনো নথি-পত্ৰ দেখুৱাব নোৱাৰিলে।

 

মুঠতে এই চক্ৰটোৰ ৭জন সদস্যক গ্ৰেপ্তাৰ কৰা হয় আৰু শুল্ক আইন তথা বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইন (FEMA)-ৰ নিয়ম উলংঘা কৰি বিদেশী মুদ্ৰা দেশৰ বাহিৰলৈ চোৰাংকৈ সৰবৰাহ কৰাৰ অভিযোগত তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়।

 

ইয়াৰ উপৰি আন কেইবাজনো যাত্ৰীকো আটক কৰি তেওঁলোকৰ বেগত তালাচী চলোৱাত ০.৩৯ কোটি টকাৰ সমমূল্যৰ বিদেশী মুদ্ৰা উদ্ধাৰ হয়। পৰৱৰ্তী আইনী কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে যাত্ৰীকেইজনক শুল্ক বিভাগৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ হাতত গতাই দিয়া হয়।

 

দেশৰ অৰ্থনৈতিক আৰু ৰাজকোষীয় স্থিৰতাক দুৰ্বল কৰা বিদেশী মুদ্ৰাৰ অবৈধ বহিৰ্গমনক সহায় কৰা সংগঠিত চক্ৰসমূহ উৎখাত কৰাৰ ক্ষেত্ৰত ডি আৰ আই দৃঢ়প্ৰতিজ্ঞ। চোৰাংচোৱা তথ্যৰ ভিত্তিত ধাৰাবাহিক অভিযান চলাই ডি আৰ আয়ে দেশৰ অৰ্থনৈতিক সীমান্ত সুৰক্ষিত কৰি আহিছে।

 

********

 

KT/KMN


(ৰিলিজ আই ডি : 2334697) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Bengali , Gujarati