বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

ভূপালত ৬.৬৪২ কিলোগ্ৰাম এম্ফেটামিন জব্দ ডি আৰ আইৰ; নিচাযুক্ত দ্ৰব্য সৰবৰাহকাৰী গ্ৰেপ্তাৰ

পোষ্ট কৰা হৈছে: 10 NOV 2026 3:12PM by PIB Guwahati

নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত ৰাজহ চোৰাংচোৱা সঞ্চালকালয় (ডি আৰ আই)-ৰ বিষয়াসকলে ২০২৬ চনৰ ৫ নৱেম্বৰত দিল্লীৰ পৰা বাছেৰে ভূপাললৈ গৈ থকা এজন নিচাযুক্ত দ্ৰব্য সৰবৰাহকাৰীক আটক কৰে।

  

যাত্ৰীজনৰ সামগ্ৰী পৰীক্ষা কৰাৰ সময়ত বিষয়াসকলে তেওঁৰ বেগত লুকুৱাই ৰখা উজ্জ্বল ৰূপালী ৰঙৰ তিনিটা প্লাষ্টিকৰ পেকেট উদ্ধাৰ কৰে। পেকেটকেইটাত স্ফটিকৰ দৰে বগা পদাৰ্থ আছিল, যাৰ মুঠ ওজন ৬.৬৪২ কিলোগ্ৰাম।

 

উদ্ধাৰ কৰা পদাৰ্থখিনি এন ডি পি এছ ক্ষেত্ৰ পৰীক্ষা কিটৰ সহায়ত পৰীক্ষা কৰাত এম্ফেটামিনৰ উপস্থিতি নিশ্চিত হয়। এম্ফেটামিন হৈছে নিচাযুক্ত দ্ৰব্য আৰু মনঃপ্ৰভাৱী পদাৰ্থ (এন ডি পি এছ) আইন, ১৯৮৫ৰ অধীনত নিয়ন্ত্ৰিত এবিধ মনঃপ্ৰভাৱী পদাৰ্থ।

 

এন ডি পি এছ আইন, ১৯৮৫ৰ অনুসৰি জব্দ কৰা এম্ফেটামিনখিনি বাজেয়াপ্ত কৰা হয়। আইন অনুসৰিয়েই অভিযুক্ত যাত্ৰীজনক গ্ৰেপ্তাৰ কৰা হয়।

 

তদন্তত লগতে প্ৰকাশ পাইছে যে আটকাধীন লোকজন ইতিমধ্যে বেংগালুৰু আৰক্ষীয়ে পঞ্জীয়ন কৰা আন এটা এন ডি পি এছ গোচৰত জামিনত মুকলি হৈ আছিল। ইয়াৰ পৰা তেওঁ পুনৰাবৃত্তিমূলকভাৱে নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহৰ কাৰ্যকলাপত জড়িত থকাৰ অভিযোগৰ ইংগিত পোৱা গৈছে।

 

চোৰাংচোৱা তথ্যৰ ভিত্তিত অভিযান চলাই নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহৰ নেটৱৰ্ক উৎখাত কৰা আৰু অবৈধ নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায়ত জড়িত লোকসকলৰ বিৰুদ্ধে ধাৰাবাহিক ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত ডি আৰ আই প্ৰতিশ্ৰুতিবদ্ধ।

 

 

********

 

KT/KMN /PB


(ৰিলিজ আই ডি : 2334691) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Gujarati , Urdu , हिन्दी , Telugu