পোষ্ট কৰা হৈছে:
10 NOV 2026 3:13PM by PIB Guwahati
ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণনে ১১ নৱেম্বৰত তামিলনাডুৰ তূতুকুড়ি ভ্ৰমণ কৰিব।
এই ভ্ৰমণকালত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে তূতুকুড়িত অনুষ্ঠিত হ’বলগীয়া তামিলনাডু মাৰ্কেণ্টাইল বেংক লিমিটেডৰ ১০৫সংখ্যক প্ৰতিষ্ঠা দিৱসৰ উদযাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।
ইয়াৰ উপৰি তেওঁ নিজৰ প্ৰাক্তন শিক্ষানুষ্ঠান ভি অ’ চিদাম্বৰম মহাবিদ্যালয়ৰ প্লেটিনাম জয়ন্তী উদযাপনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলনতো অংশগ্ৰহণ কৰিব।
********
PR/ASM/VM/PB