বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

অবৈধ বেহাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযানৰ অংশ হিচাপে জে এন পি টি বন্দৰত ৪ কোটিৰো অধিক মূল্যৰ প্ৰায় ১৩ হাজাৰ ই-চিগাৰেট জব্দ ডি আৰ আইৰ

পোষ্ট কৰা হৈছে: 10 NOV 2026 3:09PM by PIB Guwahati

নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত ৰাজহ চোৰাংচোৱা সঞ্চালকালয় (ডি আৰ আই)-ৰ বিষয়াসকলে জে এন পি টি বন্দৰত ই-চিগাৰেট থকা বুলি সন্দেহ কৰা এটা আমদানি সামগ্ৰীৰ চালান জব্দ কৰে। চালানটোত থকা সামগ্ৰীসমূহক ‘মপ ৰড’ বুলি উল্লেখ কৰা হৈছিল।

  

কণ্টেইনাৰটো বিস্তৃতভাৱে পৰীক্ষা কৰাত ঘোষিত মপ ৰড (হেণ্ডেল) সামগ্ৰীৰ মাজত কণ্টেইনাৰটোৰ শেষৰ ফালে লুকুৱাই ৰখা ৬,০০০টা ইয়োটো থানোছ (Yuoto Thanos) ব্ৰেণ্ডৰ ই-চিগাৰেট আৰু ৭,০০০টা  ইয়োটো লেন্স (  Yuoto Lens)ব্ৰেণ্ডৰ ই-চিগাৰেট উদ্ধাৰ হয়।

 

মুঠ ১৩,০০০টা ই-চিগাৰেট আৰু সেইবোৰ লুকুৱাই ৰখাৰ বাবে ব্যৱহাৰ কৰা আৱৰণকাৰী সামগ্ৰীসহ ৪ কোটি টকাৰো অধিক মূল্যৰ সামগ্ৰী শুল্ক আইনৰ সংশ্লিষ্ট ধাৰাসমূহৰ অধীনত জব্দ কৰা হয়।

 

জনস্বাস্থ্যৰ স্বাৰ্থত আৰু জনসাধাৰণক ইয়াৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা সুৰক্ষিত কৰাৰ উদ্দেশ্যে প্ৰণয়ন কৰা ইলেক্ট্ৰনিক চিগাৰেট নিষেধাজ্ঞা (উৎপাদন, নিৰ্মাণ, আমদানি, ৰপ্তানি, পৰিবহণ, বিক্ৰী, বিতৰণ, সংৰক্ষণ আৰু বিজ্ঞাপন) আইন, ২০১৯ অনুসৰি ভাৰতত ইলেক্ট্ৰনিক চিগাৰেট আৰু সকলো ধৰণৰ ইলেক্ট্ৰনিক নিকোটিন ডেলিভাৰী ছিষ্টেম (ENDS) নিষিদ্ধ কৰা হৈছে।

 

চলিত ২০২৬-২৭ বিত্তীয় বৰ্ষত মহাৰাষ্ট্ৰ, গুজৰাট, দিল্লী আৰু পশ্চিমবংগৰ বিভিন্ন বন্দৰ, বিমানবন্দৰ আৰু আভ্যন্তৰীণ কণ্টেইনাৰ ডিপো (ICD)ত ডি আৰ আইয়ে ১৩৫ কোটি টকাৰো অধিক মূল্যৰ প্ৰায় ৩,৫৫,০০০টা ই-চিগাৰেট জব্দ কৰিছে।

 

এই জব্দৰ ঘটনাসমূহে সীমান্ত পাৰ হৈ চলা চোৰাং সৰবৰাহৰ বিৰুদ্ধে যুঁজ দিয়া আৰু দেশৰ অৰ্থনৈতিক তথা জনস্বাস্থ্যৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ডি আৰ আইৰ অব্যাহত প্ৰতিশ্ৰুতিকে প্ৰতিফলিত কৰিছে।

 

 

*******

 

KT/KMN/PB


(ৰিলিজ আই ডি : 2334662) অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Bengali , Gujarati