যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
azadi ka amrit mahotsav

স্বচ্ছতা বৃদ্ধি আৰু বাকী থকা বিষয়সমূহ নিষ্পত্তিৰ লক্ষ্যৰে বিশেষ অভিযান ৬.০ত অংশগ্ৰহণ ক্ৰীড়া বিভাগৰ

পোষ্ট কৰা হৈছে: 10 NOV 2026 1:52PM by PIB Guwahati

ক্ৰীড়া বিভাগে নিজৰ অধীনস্থ বিভিন্ন সংস্থাৰ সহযোগত প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগ(DARPG)ৰ বিশেষ অভিযান ৬.০ত উল্লেখযোগ্য বৰঙণি আগবঢ়ায়। এই অভিযানত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (SAI), লক্ষ্মীবাই ৰাষ্ট্ৰীয় শাৰীৰিক শিক্ষা প্ৰতিষ্ঠান (LNIPE), ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় (NSU), ৰাষ্ট্ৰীয় ডোপবিৰোধী সংস্থা (NADA) আৰু ৰাষ্ট্ৰীয় ডোপ পৰীক্ষণ গৱেষণাগাৰ (NDTL) আদিয়ে অংশগ্ৰহণ কৰে।

 

চলিত বৰ্ষৰ ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ অনুষ্ঠিত এই অভিযানৰ লক্ষ্য আছিল দায়িত্বশীল শাসন ব্যৱস্থা নিশ্চিত কৰা, প্ৰশাসনিক প্ৰক্ৰিয়াসমূহ সৰলীকৰণ কৰা আৰু বৈজ্ঞানিক পদ্ধতিৰে ই-আৱৰ্জনা ব্যৱস্থাপনা কৰা। বিশেষকৈ ই-আৱৰ্জনাৰ ‘কাৰ্যকৰী সংগ্ৰহ, পৃথকীকৰণ আৰু নিষ্কাশন’ৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে বিভাগটোৰ কৰ্মসংস্কৃতিৰ সৈতে স্বচ্ছতাৰ নীতিসমূহ সংযুক্ত কৰাই আছিল এই অভিযানৰ উদ্দেশ্য।

 

বিশেষ অভিযান ৬.০ৰ অধীনত দিল্লী অঞ্চলৰ এছএআইৰ উদ্যোগত স্বচ্ছতা অভিযান অনুষ্ঠিত হয়।

 

ক্ৰীড়া বিভাগে ২০২৬ চনৰ ২ অক্টোবৰত ফিট ইণ্ডিয়া স্বচ্ছতা ফ্ৰীডম ৰানৰ জৰিয়তে এই অভিযানৰ শুভাৰম্ভ কৰে। দৈনন্দিন শাৰীৰিক সক্ষমতা বৃদ্ধি আৰু স্বাস্থ্যসন্মত জীৱনশৈলী গঢ়ি তোলাৰ উদ্দেশ্যে আয়োজন কৰা এই কাৰ্যসূচীত ‘স্বচ্ছ ভাৰত, সুস্থ ভাৰত’ৰ ধাৰণাক একত্ৰিত কৰা হয়।

 

অভিযানৰ সময়ছোৱাত বিভাগটোৱে সাংসদসকলৰ পৰা লাভ কৰা ১৫টা বাকী থকা প্ৰসংগ আৰু ৰাজ্য চৰকাৰৰ ৪টা প্ৰসংগৰ নিষ্পত্তি কৰে। ইয়াৰ উপৰি ১২০টা ৰাজহুৱা অভিযোগ, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ২টা প্ৰসংগ নিষ্পত্তি কৰাৰ লগতে সংসদীয় ৩টা আশ্বাস পূৰণ কৰে।

 

জ্যেষ্ঠ বিষয়াসকলৰ নিৰন্তৰ নিৰীক্ষণৰ ফলত প্ৰতিটো লক্ষ্য সঠিকভাৱে, নিৰ্ধাৰিত সময়ৰ ভিতৰত আৰু অৰ্থপূৰ্ণ ফলাফলৰ সৈতে সম্পূৰ্ণ কৰাটো নিশ্চিত কৰা হয়।

 

এই অভিযানত ভৌতিক আৰু ডিজিটেল ফাইলৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা হয়। অভিযান ৰূপায়ণৰ সময়ছোৱাত ২৯০খন ভৌতিক ফাইল পৰ্যালোচনা কৰা হয়। তদুপৰি ৩৪০খন ই-ফাইলৰ পৰ্যালোচনা সম্পূৰ্ণ কৰা হয়। ইয়াৰ ফলত বিভাগটোৰ ডিজিটেল নথি-পত্ৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য অগ্ৰগতি সাধন হয়।

 

হৌজ খাছৰ ডিয়াৰ পাৰ্কত ফিট ইণ্ডিয়া ফ্ৰীডম ৰান ৭.০ অনুষ্ঠিত হয়।

 

খেলপথাৰ পৰ্যায়ত এই বিভাগৰ অধীনস্থ সংস্থাসমূহৰ ক্ষেত্ৰীয় কাৰ্যালয় আৰু মুখ্য কাৰ্যালয়কে ধৰি চিনাক্ত কৰা ৬৫টা স্থানত স্বচ্ছতা অভিযান চলোৱা হয়। এই সামূহিক প্ৰচেষ্টাৰ ফলত ৫০,৬০৫ বৰ্গফুট ঠাই পুনৰুদ্ধাৰ কৰা হয়।

 

ইয়াৰ উপৰি অভিযানৰ সময়ছোৱাত পেলনীয়া সামগ্ৰী বিক্ৰী কৰি ৯,২৯,৯৪৬ টকা ৰাজহ সংগ্ৰহ কৰা হয়। স্বচ্ছতা অভিযানৰ জৰিয়তে বহনক্ষমতা আৰু সম্পদৰ সঠিক ব্যৱহাৰৰ প্ৰতি বিভাগটোৰ দায়বদ্ধতা ইয়াৰ দ্বাৰা প্ৰতিফলিত হৈছে।

 

ইয়াৰ লগতে বিভাগটো আৰু ইয়াৰ অধীনস্থ সংস্থাসমূহে বিভিন্ন সামাজিক মাধ্যমৰ মঞ্চত মুঠ ৩০টা পোষ্ট প্ৰকাশ কৰে। #SpecialCampaign6 শীৰ্ষক হেশ্বটেগ ব্যৱহাৰ কৰি অভিযানটোৰ প্ৰচাৰ আৰু জনপ্ৰিয়তা বৃদ্ধি কৰা হয়।

 

স্বচ্ছতা হি সেৱা ২০২৬ৰ অধীনত তিৰুৱনন্তপুৰমৰ এছএআই এলএনচিপিইৰ শিক্ষক, কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলে স্বচ্ছতাৰ শপত গ্ৰহণ কৰে।

 

বিশেষ অভিযান ৬.০ৰ সমান্তৰালভাৱে ক্ৰীড়া বিভাগে ২০২৬ চনৰ ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ ‘স্বচ্ছতা হি সেৱা’ (SHS) ২০২৬ পালন কৰে। এইবাৰৰ মূল বিষয়বস্তু আছিল—‘স্বচ্ছতাত অংশগ্ৰহণ, স্বচ্ছ ভাৰত, বিকশিত ভাৰত’।

 

স্বচ্ছতা সম্পৰ্কীয় সজাগতা কাৰ্যসূচীৰ অংশ হিচাপে বিভাগটোৰ বিষয়া আৰু কৰ্মচাৰীসকলে ১ অক্টোবৰত স্বচ্ছতাৰ শপত গ্ৰহণ কৰে। কৰ্মস্থলী, ঘৰ আৰু চুবুৰীয়া অঞ্চল পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ প্ৰতিশ্ৰুতিৰে তেওঁলোকে এই শপত গ্ৰহণ কৰে। বিভাগটোৰ চাফাই কৰ্মচাৰীসকলৰ মাজত প্ৰয়োজনীয় সামগ্ৰীৰ কিটো বিতৰণ কৰা হয়।

 

এনে পদক্ষেপসমূহৰ জৰিয়তে ক্ৰীড়া বিভাগে কেৱল স্বচ্ছতাৰ মূল্যবোধক অধিক শক্তিশালী কৰাই নহয়, বৰং ব্যৱহাৰিক আৰু দক্ষ প্ৰশাসনিক ব্যৱস্থাৰো এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে।

*******

Ayushman Kumar/PB


(ৰিলিজ আই ডি : 2334647) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati