সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

নিচামুক্তিৰ পৰা আৰোগ্য লাভ

স্বাৱলম্বিতাৰ দিশে এক যাত্ৰা

পোষ্ট কৰা হৈছে: 09 NOV 2026 7:11PM by PIB Guwahati

উত্তৰ প্ৰদেশৰ চুলতানপুৰ জিলাৰ বাসিন্দা ৩২ বছৰীয়া ৰমেশ কুমাৰে (নাম সলনি কৰা হৈছে) ড্ৰাগছ বা নিচাজাতীয় দ্ৰব্যৰ আসক্তিৰ বাবে বিভিন্নধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল। এই পৰিস্থিতিয়ে তেওঁৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য, সামাজিক সম্পৰ্ক আৰু আৰ্থিক স্থিতিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছিল। নিচাজাতীয় দ্ৰব্যৰ আসক্তিৰ বাবে এটা সুস্থিৰ আৰু উন্নত জীৱন যাপন কৰাৰ ক্ষেত্ৰত হেঙাৰৰ সৃষ্টি হৈছিল। এই সকলোবোৰ প্ৰত্যাহ্বানৰ সত্ত্বেও, তেওঁ নিচাৰ আসক্তিৰ পৰা মুক্তি লাভ কৰা, নিজৰ জীৱনটো পুনৰ সজাই তোলা আৰু সমাজত মৰ্যাদাসহকাৰে নিজৰ স্থান ঘূৰাই পোৱাৰ বাবে আশাবাদী আছিল। নিচাগ্ৰস্ততাৰ প্ৰভাৱে তেওঁৰ পাৰিবাৰিক সম্পৰ্ক আৰু আপোনজনৰ সৈতে থকা বিশ্বাসৰ ওপৰতো প্ৰভাৱ পেলাইছিল। তেওঁ এটা সুস্থ আৰু দায়িত্বশীল জীৱন যাপন কৰিবলৈ, অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ’বলৈ আৰু নিজৰ পৰিয়াল তথা সমাজৰ সৈতে সম্পৰ্ক পুনৰ স্থাপন কৰিবলৈ আশা কৰিছিল।

সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ 'ড্ৰাগছৰ চাহিদা হ্ৰাসকৰণৰ ৰাষ্ট্ৰীয় কাৰ্যপৰিকল্পনা' (NAPDDR)-ৰ অধীনত সাহায্যপ্ৰাপ্ত চুলতানপুৰৰ ড্ৰাগ ডি-এডিকচন চেন্টাৰ (DDAC) বা নিচামুক্তি কেন্দ্ৰৰ হস্তক্ষেপৰ জৰিয়তে তেওঁৰ জীৱনলৈ এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহে। কেন্দ্ৰটোৱে তেওঁক চিকিৎসা, পুনৰ্সংস্থাপনৰ সুবিধা, সময়মতে ঔষধ, স্বাস্থ্যসেৱা, সুৰক্ষিত বাসস্থান আৰু আৰোগ্য লাভৰ সময়ছোৱাত প্ৰয়োজনীয় অন্যান্য অত্যাৱশ্যকীয় সুবিধাসমূহ প্ৰদান কৰে। চিকিৎসা সেৱাৰ সমান্তৰালভাৱে তেওঁ ধাৰাবাহিকভাৱে পৰামৰ্শ (counselling), অনুপ্ৰেৰণা, যোগাসন আৰু মানসিক মাৰ্গদৰ্শন লাভ কৰিছিল। এই ধাৰাবাহিক সহায়ে তেওঁৰ মানসিকতা, আচৰণ আৰু জীৱনশৈলীত ইতিবাচক পৰিৱৰ্তন আনিলে, যাৰ ফলত তেওঁ নিচাৰ আসক্তিৰ পৰা মুক্ত হ’বলৈ সক্ষম হ’ল। কেন্দ্ৰটোৰ পৰা লাভ কৰা উৎসাহ আৰু যতনৰ ফলত তেওঁৰ আত্মবিশ্বাস পুনৰ ঘূৰি আহিল, সামাজিক সম্পৰ্কৰ উন্নতি ঘটিল আৰু মৰ্যাদাসহকাৰে সমাজত পুনৰ সংস্থাপিত হ’বলৈ সহায় হ’ল।

 

আজি ৰমেশ কুমাৰে এটা সুস্থিৰ আৰু স্বাৱলম্বী জীৱন যাপনৰ দিশে উল্লেখনীয় প্ৰগতি লাভ কৰিছে। তেওঁ নিজাকৈ ব্যৱসায় আৰম্ভ কৰিছে, যাৰ ফলত তেওঁৰ অৰ্থনৈতিক অৱস্থাৰ উন্নতি ঘটিছে আৰু পূৰ্বৰ সংগ্ৰামৰ তুলনাত আৰ্থিক স্থিৰতা লাভ কৰিছে। তেওঁ এতিয়া দায়িত্বশীলভাৱে জীৱন অতিবাহিত কৰিছে আৰু সামাজিক সন্মান তথা আত্মবিশ্বাস ঘূৰাই পাইছে। কেন্দ্ৰটোৰ পৰা পোৱা সহায় আৰু নিৰ্দেশনাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ নিজৰ জীৱনটো পুনৰ গঢ়ি তোলাত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা স্বীকাৰ কৰে। তেওঁৰ এই যাত্ৰাই প্ৰতিফলিত কৰে যে কিদৰে সময়োপযোগী চিকিৎসা, নিৰন্তৰ পুনৰ্সংস্থাপন, পৰামৰ্শ আৰু মানসিক মাৰ্গদৰ্শনে এজন ব্যক্তিক নিচাজাতীয় দ্ৰব্যৰ আসক্তিৰ পৰা মুক্ত কৰি এক মৰ্যাদাপূৰ্ণ, স্বতন্ত্ৰ জীৱন যাপন আৰু সমাজৰ সৈতে সম্পৰ্ক পুনৰ স্থাপন কৰি আগবাঢ়ি যাবলৈ সহায় কৰিব পাৰে।

***

SS-172-TAR/KV/GA/RK


(ৰিলিজ আই ডি : 2334541) অতিথি কক্ষ : 14
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Punjabi , Tamil