পোষ্ট কৰা হৈছে:
09 NOV 2026 5:53PM by PIB Guwahati
কৃষি আৰু কৃষক কল্যাণ বিভাগে (DA\&FW) বিশেষ অভিযান ৬ৰ অধীনত সক্ৰিয়ভাৱে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে। চৰকাৰী কাৰ্যালয়সমূহত স্বচ্ছতাক এক নিয়মীয়া ব্যৱস্থাত পৰিণত কৰা আৰু দীৰ্ঘদিন ধৰি নিষ্পত্তি নোহোৱাকৈ থকা বিষয়সমূহৰ সংখ্যা হ্ৰাস কৰাত গুৰুত্ব আৰোপ কৰি এই অভিযান দুটা পৰ্যায়ত ৰূপায়ণ কৰা হয়। প্ৰথম পৰ্যায়ত ১৬ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ প্ৰস্তুতিমূলক কাম-কাজ আৰু দ্বিতীয় পৰ্যায়ত ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰ ২০২৬লৈ ৰূপায়ণৰ কাম-কাজ সম্পন্ন কৰা হয়।
এই অভিযানৰ অধীনত দীৰ্ঘদিন ধৰি নিষ্পত্তি নোহোৱা প্ৰসংগ, জনসাধাৰণৰ অভিযোগ, নথি-পত্ৰৰ ব্যৱস্থাপনা, কাৰ্যালয়ৰ স্থান মুকলি কৰা, ই-বৰ্জ্য আৰু পেলনীয়া সামগ্ৰী পৃথকীকৰণ তথা উপযুক্ত নিষ্কাশনকে ধৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। কৃষি আৰু কৃষক কল্যাণ বিভাগৰ অধীনস্থ, সংলগ্ন আৰু ক্ষেত্ৰ পৰ্যায়ৰ সকলো কাৰ্যালয়ে এই বিশেষ অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।
২০২৬ চনৰ ২১ অক্টোবৰ দিনটো কৃষি আৰু কৃষক কল্যাণ বিভাগৰ বাবে বিশেষভাৱে নিৰ্ধাৰিত দিন হিচাপে পালন কৰা হয়। সেইদিনা সমগ্ৰ দেশতে দিনজোৰা ব্যাপক পৰিচ্ছন্নতা আৰু প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ অভিযান চলোৱা হয়।
 বিশেষ অভিযান ৬ৰ অধীনত গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচী
১. দেশজোৰা বৃক্ষৰোপণ অভিযান: সেউজ পৰিৱেশ গঢ়ি তোলাৰ প্ৰতি দৃঢ় দায়বদ্ধতা প্ৰদৰ্শন কৰি কৃষি আৰু কৃষক কল্যাণ বিভাগৰ বিভিন্ন সংলগ্ন, অধীনস্থ আৰু ক্ষেত্ৰ পৰ্যায়ৰ কাৰ্যালয়সমূহে সমগ্ৰ দেশতে ২,০০০ৰো অধিক গছপুলি ৰোপণ কৰে।
২. ৰাষ্ট্ৰীয় বীজ নিগম (NSC) পৰিদৰ্শন সচিবৰ: কৃষি আৰু কৃষক কল্যাণ বিভাগৰ সচিবে নতুন দিল্লীত অৱস্থিত ৰাষ্ট্ৰীয় বীজ নিগম পৰিদৰ্শন কৰি বিশেষ অভিযান ৬ৰ অধীনত চলি থকা কাৰ্যসূচীসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰে। এই পৰিদৰ্শনৰ সময়ত বৃক্ষৰোপণ কাৰ্যসূচী, অনুমোদিত পুনঃব্যৱহাৰকাৰী প্ৰতিষ্ঠানৰ জৰিয়তে পেলনীয়া সামগ্ৰী আৰু ই-বৰ্জ্য নিষ্কাশনৰ বাবে ট্ৰাকৰ যাত্ৰাৰ শুভাৰম্ভ আৰু পৰিচ্ছন্নতা কৰ্মীসকলক সম্বৰ্ধনা জনোৱা হয়। সচিবগৰাকীয়ে ৮৪ কিলোৱাট ক্ষমতাসম্পন্ন ছাদত স্থাপন কৰা সৌৰশক্তি ব্যৱস্থা আৰু বীজ প্ৰক্ৰিয়াকৰণ তথা পেকেটিং গোটটোও পৰিদৰ্শন কৰে। ইয়াৰ উপৰি বীজবিহীন সামগ্ৰী ব্যৱহাৰ কৰি চৰাইৰ খাদ্য প্ৰস্তুত কৰা, বিক্ৰী নোহোৱা বীজৰ পৰা মাইক্ৰ’গ্ৰীনছ উৎপাদন আৰু মূল্য সংযোজিত সামগ্ৰীৰ প্ৰদৰ্শনীৰ দৰে উদ্ভাৱনীমূলক পদক্ষেপসমূহো প্ৰদৰ্শন কৰা হয়। এই পদক্ষেপসমূহে বহনক্ষমতা, সম্পদৰ দক্ষ ব্যৱহাৰ আৰু ‘বৰ্জ্যৰ পৰা সম্পদ’ (Waste to Wealth) ধাৰণাটোক বিশেষভাৱে প্ৰতিফলিত কৰে।
৩. পৰিচ্ছন্নতা অভিযান: পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু স্বাস্থ্যসন্মত কৰ্ম পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যে কৃষি আৰু কৃষক কল্যাণ বিভাগৰ ক্ষেত্ৰ পৰ্যায়ৰ কাৰ্যালয়সমূহে পৰিচ্ছন্নতা অভিযান চলায়। এই অভিযানৰ অধীনত পৰিচ্ছন্নতা কাৰ্যসূচীৰ বাবে ৯৯৯টা স্থান চিনাক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। ইয়াৰ বিপৰীতে ১,১৭৯টা স্থানত পৰিচ্ছন্নতা অভিযান সম্পন্ন কৰা হয়।
৪. বৰ্জ্যৰ পৰা সম্পদ সৃষ্টিৰ আৰ্হি: কৃষি আৰু কৃষক কল্যাণ বিভাগৰ বিভিন্ন ক্ষেত্ৰ পৰ্যায়ৰ কাৰ্যালয়, যেনে— চি এফ এম টি টি আই (বুধনী), মেনেজ (হায়দৰাবাদ), এন আৰ এফ এম টি টি আই (হিছাৰ) আৰু এন ই আৰ এফ এম টি টি আই (বিশ্বনাথ চাৰিআলি)য়ে সম্পূৰ্ণৰূপে ই-বৰ্জ্য আৰু পেলনীয়া অংশ ব্যৱহাৰ কৰি নিৰ্মাণ কৰা বিভিন্ন উদ্ভাৱনীমূলক আৰ্হি প্ৰদৰ্শন কৰে। এই প্ৰদৰ্শনীৰ উল্লেখযোগ্য আকৰ্ষণ আছিল অসমৰ এন ই আৰ এফ এম টি টি আইত বৰ্জিত চাৰ্কিট ব’ৰ্ড ব্যৱহাৰ কৰি নিৰ্মাণ কৰা প্ৰকৃত আকাৰৰ এটা গঁড়ৰ আৰ্হি। ইয়াৰ লগতে পেলনীয়া যন্ত্ৰাংশ ব্যৱহাৰ কৰি নিৰ্মাণ কৰা চলন্ত সাগৰীয় নাও আৰু ট্ৰেক্টৰৰ আৰ্হিও প্ৰদৰ্শন কৰা হয়।
৫. পৰ্যালোচনা বৈঠক: বিশেষ অভিযান ৬ৰ সময়ছোৱাত চিনাক্ত কৰা কাৰ্যসূচীসমূহ সুচাৰুৰূপে আৰু ফলপ্ৰসূভাৱে ৰূপায়ণৰ বাবে কৃষি আৰু কৃষক কল্যাণ বিভাগৰ লগতে ইয়াৰ সংলগ্ন, অধীনস্থ আৰু ক্ষেত্ৰ পৰ্যায়ৰ কাৰ্যালয়সমূহৰ ন’ডেল বিষয়াসকলৰ সৈতে কেইবাখনো পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হয়।
বিশেষ অভিযান ৬ৰ অধীনত সামগ্ৰিক লক্ষ্য আৰু সাফল্য
ক্ষেত্ৰ পৰ্যায়ৰ কাৰ্যালয়সমূহৰ সক্ৰিয় অংশগ্ৰহণৰ ফলত কৃষি আৰু কৃষক কল্যাণ বিভাগে কেইবাটাও গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। কিছুমান ক্ষেত্ৰত নিৰ্ধাৰিত লক্ষ্যতকৈও অধিক সাফল্য লাভ কৰা হৈছে। জনসাধাৰণৰ অভিযোগৰ ক্ষেত্ৰত ২০২৬ চনৰ ৩০ ছেপ্টেম্বৰলৈকে লাভ কৰা নিষ্পত্তি নোহোৱা অভিযোগসমূহক নিৰ্ধাৰিত লক্ষ্য হিচাপে গণ্য কৰা হৈছিল। অৱশ্যে ২০২৬ চনৰ ৩১ অক্টোবৰৰ ভিতৰত লাভ কৰা জনসাধাৰণৰ অভিযোগসমূহো নিষ্পত্তি কৰা হৈছে।
লক্ষ্য আৰু সাফল্যৰ পৰিসংখ্যা:
কাৰ্যসূচীৰ বিৱৰণ
লক্ষ্য (বিশেষ অভিযান ৬)
সাফল্য
পৰিচ্ছন্নতা অভিযানৰ স্থানৰ সংখ্যা
৯৯৯
১,১৭৯
সাংসদসকলৰ পৰা লাভ কৰা নিষ্পত্তি নোহোৱা প্ৰসংগ
১৭৯
১৭৭
নিষ্পত্তি নোহোৱা জনসাধাৰণৰ অভিযোগ
৩৩,৮২১
৬৩,৯৫২
নিষ্পত্তি নোহোৱা অভিযোগৰ আপীল
৩৩৮
৩৩৮
নথি-পত্ৰ ব্যৱস্থাপনা (পৰ্যালোচনা কৰা ভৌতিক ফাইল)
৩৯,৩৪৭
৪৩,৪১১
নথি-পত্ৰ ব্যৱস্থাপনা (বন্ধ কৰা ই-ফাইল
১৪,০৩২
১৪,০৩২
নিষ্কাশন কৰা ভৌতিক ফাইল
—
২৬,৩৭৯
মুকলি কৰা কাৰ্যালয়ৰ স্থান (বৰ্গফুট)
—
১৩,৫৫৩ বৰ্গফুট
ৰাজহ সংগ্ৰহ
—
৩২,১৯,৬৪৪ টকা
নিষ্কাশন কৰিবলগীয়া ই-বৰ্জ্য
৩,২৯৮ সামগ্ৰী
৩,৭৩৩
ৰাজ্য চৰকাৰৰ পৰা লাভ কৰা প্ৰসংগ
০৭
০৯
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা লাভ কৰা প্ৰসংগ
০৬
০৭
সামাজিক মাধ্যমৰ পোষ্ট
—
৬৪৫
বিশেষ অভিযান ৬ৰ ফলত কৃষি আৰু কৃষক কল্যাণ বিভাগ তথা ইয়াৰ সংলগ্ন, অধীনস্থ আৰু ক্ষেত্ৰ পৰ্যায়ৰ কাৰ্যালয়সমূহত পৰিচ্ছন্নতা বৃদ্ধিৰ লগতে দীৰ্ঘদিন ধৰি নিষ্পত্তি নোহোৱাকৈ থকা বিষয়সমূহৰ সংখ্যা হ্ৰাস কৰাত সহায় হৈছে। ইয়াৰ উপৰি কাৰ্যালয়ৰ উল্লেখযোগ্য পৰিমাণৰ স্থান মুকলি কৰা সম্ভৱ হৈছে। এই অভিযানে পেলনীয়া সামগ্ৰী আৰু ই-বৰ্জ্যৰ সঠিক নিষ্কাশন তথা ‘বৰ্জ্যৰ পৰা সম্পদ’ সৃষ্টিৰ পদক্ষেপসমূহকো উৎসাহিত কৰিছে। কৃষি আৰু কৃষক কল্যাণ বিভাগ তথা ইয়াৰ অধীনস্থ কাৰ্যালয়সমূহে নিৰ্ধাৰিত লক্ষ্যসমূহ অৰ্জন কৰাৰ লগতে পৰিষ্কাৰ-পৰিচ্ছন্ন, সুসংগঠিত আৰু পৰিৱেশ-অনুকূল কৰ্ম পৰিৱেশ বৰ্তাই ৰখাৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ কৰিছে।

***
SS/MS/PB