পোষ্ট কৰা হৈছে:
09 NOV 2026 4:20PM by PIB Guwahati
ভাৰতীয় টেলিকম নিয়ামক কৰ্তৃপক্ষ (TRAI)-ই সাধাৰণ টেলিকম গ্ৰাহকসকলৰ জ্ঞাতাৰ্থে অসম ৰাজ্যৰ অসম এল এছ এৰ অধীনত ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত নিউ তিনিচুকীয়া ৰে'লৱে ষ্টেচনৰ পৰা গুৱাহাটী ৰে'লৱে ষ্টেচনলৈ ৰে'লপথত সম্পন্ন কৰা স্বতন্ত্ৰ ড্ৰাইভ টেষ্ট (IDT)ৰ ফলাফল প্ৰকাশ কৰিছে। এই ড্ৰাইভ টেষ্টৰ উদ্দেশ্য হৈছে টেলিকম সেৱা প্ৰদানকাৰীসকলৰ (TSPs) দ্বাৰা আগবঢ়োৱা মোবাইল নেটৱৰ্ক সেৱাৰ (কণ্ঠ আৰু ডাটা উভয়) প্ৰকৃত সময়ৰ গুণগত মান মূল্যায়ন আৰু পৰীক্ষা কৰা। এই IDTৰ সময়ছোৱাত TRAI-য়ে সেৱা প্ৰদানকাৰীসকলৰ সেৱাৰ গুণগত মান (QoS) সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ মাপকাঠি, যেনে— নেটৱৰ্ক কভাৰেজ, কল বিচ্ছিন্ন হোৱাৰ হাৰ (CDR), কল সংযোগ সফলতাৰ হাৰ (CSSR), ডাটা ডাউনলোড (DL) আৰু আপলোড (UL) গতি আদি পৰীক্ষা কৰি তথ্য সংগ্ৰহ কৰে। এই তথ্যসমূহ গ্ৰাহকসকলক অৱগত কৰাৰ লগতে টেলিকম সেৱা প্ৰদানকাৰীসকলক নিজৰ সেৱাৰ মান উন্নত কৰিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰকাশ কৰা হয়।
এই স্বতন্ত্ৰ ড্ৰাইভ টেষ্ট (IDT) সকলো টেলিকম সেৱা প্ৰদানকাৰীৰ (TSPs) মোবাইল নেটৱৰ্কৰ প্ৰকৃত ক্ষেত্ৰভিত্তিক কাৰ্যক্ষমতা বিভিন্ন ব্যৱহাৰিক পৰিৱেশ, যেনে— চহৰ অঞ্চল, গুৰুত্বপূৰ্ণ জনসমাগমস্থলী, ৰাজহুৱা পৰিবহণৰ কেন্দ্ৰ আদি স্থানত পৰীক্ষা কৰাৰ উদ্দেশ্যে প্ৰস্তুত কৰা হৈছে। এই ধৰণৰ ড্ৰাইভ টেষ্টত সকলো টেলিকম সেৱা প্ৰদানকাৰীৰ ছিম কাৰ্ড ব্যৱহাৰ কৰি 2G, 3G, 4G আৰু 5G নেটৱৰ্কৰ জৰিয়তে প্ৰকৃত সময়ত ডাটা আৰু ভইচ সেৱাৰ সংযোগ স্থাপন কৰা হয়। ইয়াৰ বাবে একাধিক উন্নত পৰীক্ষণ হেণ্ডছেট ব্যৱহাৰ কৰা হয় আৰু উন্নত ছফ্টৱেৰ প্ৰণালীৰ সহায়ত এই সংযোগসমূহ নিৰীক্ষণ আৰু বিশ্লেষণ কৰা হয়। সমগ্ৰ প্ৰক্ৰিয়াটো বাস্তৱ সময়ত সম্পন্ন কৰা হয়।
TRAI-য়ে নিযুক্ত কৰা সংস্থাৰ জৰিয়তে ২০২৬ চনৰ ১১ ছেপ্টেম্বৰত অসম এল এছ এ (Assam LSA)ৰ অধীনত অসমৰ ৰে'লপথৰ ৫১৫.৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ আৰু দুই গুৰুত্বপূৰ্ণ জনসমাগমস্থলীত ড্ৰাইভ টেষ্ট সম্পন্ন কৰে। এই পৰীক্ষাসমূহ TRAIৰ কলকাতাস্থিত আঞ্চলিক কাৰ্যালয়ৰ তত্ত্বাৱধানত অনুষ্ঠিত কৰা হৈছিল।ড্ৰাইভ টেষ্টৰ প্ৰতিবেদনত উল্লেখ কৰা পৰ্যবেক্ষণসমূহে পৰীক্ষা সম্পন্ন কৰা দিন আৰু সময়ত সংশ্লিষ্ট এলেকা বা পথত টেলিকম সেৱা প্ৰদানকাৰীসকলৰ সেৱাৰ প্ৰকৃত কাৰ্যক্ষমতা প্ৰতিফলিত কৰে।
ড্ৰাইভ টেষ্টৰ পথৰ মানচিত্ৰ: তলত দিয়া মানচিত্ৰখনত চিহ্নসমূহৰ নিৰ্দেশনা অনুসৰি ড্ৰাইভ টেষ্টৰ অধীনত সামৰি লোৱা ৰে'লপথ আৰু গুৰুত্বপূৰ্ণ জনসমাগমস্থলীসমূহৰ পথৰ এক সামগ্ৰিক আভাস প্ৰদান কৰা হৈছে।
মূল্যায়ন কৰা গুৰুত্বপূৰ্ণ মাপকাঠিসমূহ
১. নেটৱৰ্ক কভাৰেজৰ অভাৱঃ সংগ্ৰহ কৰা মুঠ নমুনাৰ ভিতৰত যিসমূহ নমুনাত সংশ্লিষ্ট প্ৰযুক্তি (2G/3G/4G/5G)ৰ বাবে নিৰ্ধাৰিত ন্যূনতম সংকেত শক্তিতকৈ কম সংকেত শক্তি পোৱা গৈছে, তাৰ শতকৰা হাৰ।
২. ভইচ সেৱাঃ কল সংযোগ সফলতাৰ হাৰ, কল বিচ্ছিন্ন হোৱাৰ হাৰ আৰু কল সংযোগ স্থাপনৰ সময়।
৩. ডাটা সেৱা: ডাটা ডাউনলোড/আপলোডৰ গতি, বিলম্ব, জিটাৰ আৰু ডাটা পেক হেৰুৱাৰ হাৰ ।
অসম এল এছ এৰ অধীনত নিউ তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ ৰে'লপথত মোবাইল নেটৱৰ্কৰ গুৰুত্বপূৰ্ণ মাপকাঠিসমূহৰ সামগ্ৰিক কাৰ্যক্ষমতাৰ সাৰাংশ তলত উল্লেখ কৰা হ’লঃ
ক) নেটৱৰ্ক কভাৰেজৰ অভাৱ: ৰে'লপথত ড্ৰাইভ টেষ্টৰ সময়ত অট’-চিলেকচন মোড (5G/4G/3G/2G)-ত ভইচ সেৱা পৰীক্ষাৰ সময়ত পৰ্যবেক্ষণ কৰা সংকেতৰ শক্তিৰ ভিত্তিত সংগ্ৰহ কৰা মুঠ নমুনাৰ ভিতৰত দুৰ্বল সংকেত শক্তি পোৱা নমুনাৰ সংখ্যা আছিল— এয়াৰটেল (Airtel)ৰ ৪,৭৫৪/৩২,৩৮৫, বিএছএনএল (BSNL)ৰ ১২,৪৮৬/২৫,৬৯৮, আৰজেআইএল (RJIL)ৰ ৪,৮০৮/৩৩,২৯৬ আৰু ভিআইএল (VIL)ৰ ১২,৭৩৮/২৭,২৮৫। নেটৱৰ্ক কভাৰেজৰ অভাৱ সম্পৰ্কীয় বিস্তৃত তথ্য সংলগ্ন মানচিত্ৰত (Annexed Map) প্ৰদান কৰা হৈছে।
খ) কল বিচ্ছিন্ন হোৱাৰ হাৰ: সফলভাৱে সংযোগ স্থাপন হোৱা মুঠ কলৰ ভিতৰত বিচ্ছিন্ন হোৱা কলৰ সংখ্যা আছিল— এয়াৰটেল (Airtel)ৰ ৫/১৬৬, বিএছএনএল (BSNL)ৰ ৬৫/২০৫, আৰজেআইএল (RJIL)ৰ ৯/১৭৫ আৰু ভিআইএল (VIL)ৰ ৩৪/১৬৪।কল বিচ্ছিন্ন হোৱা স্থানসমূহৰ বিস্তৃত তথ্য সংলগ্ন মানচিত্ৰত প্ৰদান কৰা হৈছে।
গ) ডাটা ডাউনলোড আৰু আপলোডৰ গতি
অ) ডাটা ডাউনলোডৰ কাৰ্যক্ষমতা (সামগ্ৰিক): গড় ডাউনলোডৰ গতি এয়াৰটেল (Airtel)ৰ (5G/4G) ক্ষেত্ৰত ৪২.৭১ এমবিপিএছ (Mbps), বিএছএনএল (BSNL)ৰ (4G/2G) ক্ষেত্ৰত ৫.০০ এমবিপিএছ (Mbps), আৰজেআইএল (RJIL)ৰ (5G/4G) ক্ষেত্ৰত ১১০.৮২ এমবিপিএছ (Mbps) আৰু ভিআইএল (VIL)ৰ (4G/2G) ক্ষেত্ৰত ১৫.৬৯ এমবিপিএছ (Mbps) পৰ্যবেক্ষণ কৰা হৈছে।ডাটা ডাউনলোডৰ গতি সম্পৰ্কীয় বিস্তৃত তথ্য সংলগ্ন মানচিত্ৰত প্ৰদান কৰা হৈছে।
আ) ডাটা আপলোডৰ কাৰ্যক্ষমতা (সামগ্ৰিক): গড় আপলোডৰ গতি এয়াৰটেল (Airtel)ৰ (5G/4G) ক্ষেত্ৰত ১১.৭৫ এমবিপিএছ (Mbps), বিএছএনএল (BSNL)ৰ (4G/2G) ক্ষেত্ৰত ৩.২৫ এমবিপিএছ (Mbps), আৰজেআইএল (RJIL)ৰ (5G/4G) ক্ষেত্ৰত ৮.২৯ এমবিপিএছ (Mbps) আৰু ভিআইএল (VIL)ৰ (4G/2G) ক্ষেত্ৰত ৫.৪৬ এমবিপিএছ (Mbps) পৰ্যবেক্ষণ কৰা হৈছে।ডাটা আপলোডৰ গতি সম্পৰ্কীয় বিস্তৃত তথ্য সংলগ্ন মানচিত্ৰত প্ৰদান কৰা হৈছে।
সংলগ্ন মানচিত্ৰত ৰঙা বিন্দুত ক্লিক কৰিলে কল বিচ্ছিন্ন হোৱা আৰু কলৰ সময়ত নীৰৱতা পৰিলক্ষিত হোৱা স্থানসমূহ চাব পাৰিব।
IDTৰ সময়ত সামৰি লোৱা ড্ৰাইভ টেষ্টৰ পথ আৰু অঞ্চলসমূহৰ বিস্তৃত বিৱৰণ তলত উল্লেখ কৰা হ’লঃ
অ) ৰে’লপথ: ৰে’লপথত কৰা ড্ৰাইভ টেষ্টৰ অধীনত সামৰি লোৱা অঞ্চলসমূহ হ’ল— (১) শিমলুগুৰি জংচনৰ মাজেৰে নিউ তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ, (২) মৰিয়নি জংচন, (৩) ফৰকাটিং জংচন, (৪) ডিমাপুৰ, ৫) ডিফু আৰু (৬) লামডিং জংচন।
আ)গুৰুত্বপূৰ্ণ জনসমাগমস্থলীঃ স্থিৰ অৱস্থাত থকা গ্ৰাহকৰ সেৱা-অভিজ্ঞতা পৰীক্ষাৰ বাবে সামৰি লোৱা গুৰুত্বপূৰ্ণ জনসমাগমস্থলীসমূহ হ’ল— (১) গুৱাহাটী ৰে’লৱে ষ্টেচন, (২) নিউ তিনিচুকীয়া ৰে’লৱে ষ্টেচন।
এই IDT প্ৰতিবেদনৰ ফলাফলসমূহ সংশ্লিষ্ট টেলিকম সেৱা প্ৰদানকাৰীসকলৰ (TSPs) সৈতে তেওঁলোকৰ ফালৰ পৰা পৰৱৰ্তী প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে সদৰি কৰা হৈছে। IDTৰ বিস্তৃত প্ৰতিবেদনসমূহ TRAIৰ ৱেবছাইট www.trai.gov.in-ত উপলব্ধ কৰা হৈছে।কোনো ধৰণৰ স্পষ্টীকৰণ বা অতিৰিক্ত তথ্যৰ বাবে adv.kolkata@trai.gov.in ঠিকনাত ই-মেইল প্ৰেৰণ কৰিব পাৰিব অথবা TRAIৰ কলকাতা আঞ্চলিক কাৰ্যালয়ৰ সৈতে +৯১-৩৩-২২৩৬১৪০১ নম্বৰত টেলিফোনযোগে যোগাযোগ কৰিব পাৰিব।

PSF/ARJ/PK