প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

চেন্নাইত ভাৰত-ম্যানমাৰ দ্বিপাক্ষিক ত্ৰি-সেৱা অগ্ৰৱৰ্তী অনুশীলন 'ৰাহত মিত্ৰ' সমাপ্ত

পোষ্ট কৰা হৈছে: 09 NOV 2026 12:39PM by PIB Guwahati

ভাৰত আৰু ম্যানমাৰৰ প্ৰতিৰক্ষা বাহিনীৰ মাজত অনুষ্ঠিত উদ্বোধনী দ্বিপাক্ষিক ত্ৰি-সেৱা মানৱীয় সহায় আৰু দুৰ্যোগ সাহায্য (এইচ এ ডি আৰ) অনুশীলন 'ৰাহত মিত্ৰ' চেন্নাইত ২০২৬ চনৰ ০৫ আৰু ০৬ নৱেম্বৰত সমাপ্ত হয়। দুদিনীয়া এই অনুশীলনত ভাৰতীয় নৌবাহিনী, ভাৰতীয় সেনা আৰু ভাৰতীয় বায়ু সেনাৰ লগতে ম্যানমাৰ প্ৰতিৰক্ষা বাহিনীৰ এটা প্ৰতিনিধি দলে কাৰ্য্যকৰী আন্তঃব্যৱহাৰযোগ্যতা বৃদ্ধি কৰিবলৈ, সমন্বয় উন্নত কৰিবলৈ আৰু দুৰ্যোগ সঁহাৰি অভিযানত সৰ্বশ্ৰেষ্ঠ অনুশীলনৰ বিনিময়ৰ সুবিধা প্ৰদান কৰিবলৈ মিলিত হৈছিল।

যুটীয়া পৰিকল্পনা আৰু এইচ এ ডি আৰ সক্ষমতাৰ তথ্য বিনিময় কৰাৰ লক্ষ্য লৈ এই অনুশীলন আৰম্ভ কৰা হৈছিল। গুৰুতৰ ঘূৰ্ণীবতাহ সৃষ্ট বিপৰ্যয়ৰ ওপৰত আধাৰিত এখন টেবুল-টপ অনুশীলনে (টি টি এক্স) সমন্বিত সঁহাৰি প্ৰণালী আৰু যুটীয়া দুৰ্যোগ ব্যৱস্থাপনা প্ৰট’কলৰ বিষয়ে আলোচনাৰ ব্যৱস্থা কৰিছিল। প্ৰতিৰোধ দূৰ কৰা আৰু দলং নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতীয় সৈন্য বাহিনীৰ দক্ষতাৰ অনুশীলনো অংশগ্ৰহণকাৰী দলসমূহে প্ৰত্যক্ষ কৰিছিল আৰু ভাৰতীয় নৌবাহিনীৰ জাহাজত থকা এইচ এ ডি আৰ ক্ষমতাৰ সবিশেষ জানিবলৈ আই এন এছ সুকন্যা ভ্ৰমণ কৰিছিল। (https://www.pib.gov.in/PressReleasePage.aspx?PRID=2333709 )

দ্বিতীয় দিনা অংশগ্ৰহণকাৰী দলসমূহে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ দ্বাৰা মাল্টি-ডমেইন এইচ এ ডি আৰ ক্ষমতাৰ অনুশীলনৰ অভিজ্ঞতা প্ৰত্যক্ষ কৰে, য’ত সামুদ্ৰিক, স্থল আৰু বায়ু ডমেইনত সমন্বিত সঁহাৰি প্ৰণালীত আলোকপাত কৰা হৈছিল। চেন্নাইৰ আই এন এছ আদিয়াৰ আৰু কমিউনিকেচন নেটৱৰ্ক চেণ্টাৰে জৰুৰীকালীন অৱস্থাত উপকূলভিত্তিক দুৰ্যোগ সঁহাৰি ব্যৱস্থা আৰু সমৰ্থনকাৰী কমাণ্ড আৰু নিয়ন্ত্ৰণৰ যোগাযোগ আন্তঃগাঁথনি প্ৰদৰ্শন কৰিছিল। চেন্নাইৰ সামৰিক চিকিৎসালয়ে ফিল্ড মেডিকেল ট্ৰাইজেজ আৰু দুৰ্যোগ সাহায্য শিবিৰৰ সমন্বিত ব্যৱস্থাপনা প্ৰদৰ্শন কৰিছিল।

ভাৰতীয় নৌবাহিনীৰ বান সাহায্য দলে (এফ আৰ টি) বান সাহায্য অভিযানৰ বাবে বিশেষ সঁজুলি আৰু সামৰ্থ্য প্ৰদৰ্শন কৰিছিল। চেতক হেলিকপ্টাৰ আৰু আই এন এছ বিট্ৰাই সম্পাদন কৰা সমন্বিত কৌশলৰ জৰিয়তে সামুদ্ৰিক অনুসন্ধান আৰু উদ্ধাৰ (এছ এ আৰ) ক্ষমতাও প্ৰদৰ্শন কৰা হৈছিল। ভাৰতীয় বায়ুসেনাই আক্ৰান্তসকলক স্থানান্তৰ কৰাৰ সামৰ্থ্য প্ৰদৰ্শন কৰিছিল, য’ত কমোডোৰ অং নিয়াং উইন আৰু ম্যানমাৰৰ প্ৰতিনিধি দলৰ দুজন বিষয়া বায়ু সেনাৰ এ এল এইচত বহি আছিল।

এই 'ৰাহত মিত্ৰ’ অনুশীলনে দুয়োখন দেশৰ প্ৰতিৰক্ষা বাহিনীক কাৰ্য্যকৰী অভিজ্ঞতাৰ আদান-প্ৰদান, শ্ৰেষ্ঠ অনুশীলনৰ আদান-প্ৰদান আৰু এইচ এ ডি আৰ অভিযানৰ পৰিকল্পনা আৰু কাৰ্যকৰীকৰণত পাৰস্পৰিক বুজাবুজি বৃদ্ধিৰ বাবে এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ প্ৰদান কৰিছিল। এই অনুশীলনে পাৰস্পৰিক সামৰ্থ্য আৰু ব্যৱস্থাৰ সৈতে পৰিচিত হোৱাটোও সহজ কৰি তুলিছিল আৰু দুৰ্যোগ সঁহাৰি অভিযানৰ সময়ত উন্নত সমন্বয়ত অৰিহণা যোগাইছিল।

উদ্বোধনী অনুশীলনৰ সফল সমাপ্তিয়ে দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা আগবঢ়াই নিয়া আৰু দুৰ্যোগ সঁহাৰিৰ বাবে যৌথ প্ৰস্তুতি বৃদ্ধি কৰাৰ ক্ষেত্ৰত ভাৰত আৰু ম্যানমাৰৰ সংকল্পক শক্তিশালী কৰে। ই আঞ্চলিক সুস্থিৰতা, সামুদ্ৰিক সহযোগিতা আৰু ফলপ্ৰসূ এইচ এ ডি আৰত অৰিহণা যোগোৱাৰ বাবে দুয়োখন ৰাষ্ট্ৰৰ অংশীদাৰী সংকল্প গ্ৰহণতো গুৰুত্ব আৰোপ কৰে।

***

VM/AS /PK


(ৰিলিজ আই ডি : 2334337) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Tamil