পোষ্ট কৰা হৈছে:
09 NOV 2026 11:51AM by PIB Guwahati
ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ অধীনস্থ ফাৰ্মাচিউটিকেল বিভাগৰ ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল মূল্য প্ৰাধিকৰণে (এন পি পি এ) স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ (ডি জি এইচ এছ) দ্বাৰা গঠিত এখন বিশেষজ্ঞ সমিতিয়ে ২০২৬ চনৰ ১৭ অক্টোবৰত দিয়া পৰামৰ্শৰ ভিত্তিত কৰ্কট ৰোগ প্ৰতিৰোধী ঔষধৰ সৰ্বাধিক খুচুৰা মূল্যৰ ওপৰত বাণিজ্য মুনাফা সীমিত কৰিছে। এই ঔষধসমূহৰ সংশোধিত খুচুৰা মূল্য ২০২৬চনৰ ৯ নৱেম্বৰৰ পৰা কাৰ্যকৰী হৈছে।
৮৫টা ফাৰ্মাচিউটিকেল কোম্পানীয়ে ১,৩৬৪বিধ কৰ্কটপ্ৰতিৰোধী দৰবৰ সংশোধিত খুচুৰা মূল্য ৮ নৱেম্বৰ, ২০২৬লৈকে প্ৰকাশ কৰিছে, য'ত ১২১ বিধ ঔষধ সামৰি লোৱা হৈছে। ৬৭৯টা ব্ৰেণ্ডে ৫০ শতাংশতকৈও অধিক মূল্য হ্ৰাসৰ কথা প্ৰকাশ কৰিছে। খুচুৰা মূল্যৰ সৰ্বাধিক হ্ৰাস হৈছে ৯৬.৪৫%। মূল্য হ্ৰাসৰ ফলত গ্ৰাহকসকলৰ আনুমানিক বাৰ্ষিক ৰাহি ৩,৫৪০.৩৮ কোটি টকা হ’ব বুলি আশা কৰা হৈছে।
গ্ৰাহকসকলে ঔষধৰ পেকেটত ছপা হোৱা সংশোধিত খুচুৰা মূল্য আৰু ‘ফাৰ্মা সাহি দাম’ (Pharma Sahi Daam) মোবাইল এপ বা এন পি পি এৰ ৱেবছাইট (nppa.gov.in)ৰ জৰিয়তে ঔষধৰ মূল্য পৰীক্ষা কৰিব পাৰে। কোনো ফাৰ্মাচী ব্যৱসায়ী বা চিকিৎসালয়ৰ ফাৰ্মাচীয়ে সংশোধিত খুচুৰা মূল্যতকৈ অধিক দাম ল’ব নোৱাৰিব। অধিক দাম লোৱা বা আন যিকোনো মূল্য-সম্পৰ্কীয় অভিযোগৰ বাবে গ্ৰাহকসকলে ‘ফাৰ্মা জন সমাধান’ (Pharma Jan Samadhan ) প'ৰ্টেলৰ জৰিয়তে তেওঁলোকৰ অভিযোগ পঞ্জীয়ন কৰিব পাৰে বা ১৮০০-১১১-২৫৫ত এন পি পি এ হেল্পলাইনত যোগাযোগ কৰিব পাৰে।

***
PC/PM/PK