পোষ্ট কৰা হৈছে:
09 NOV 2026 10:38AM by PIB Guwahati
শাক্যমুনি বুদ্ধৰ পৱিত্ৰ অৱশিষ্ট, ৮ নৱেম্বৰ, ২০২৬ তাৰিখে অৰুণাচল প্ৰদেশৰ ব’মডিলাস্থিত থুবচগ গাটচেল লিং (টি জি এল) মঠ (লোৱাৰ গোম্পা)ত উপস্থিত হয়। পৰৱৰ্তী সময়ত পৱিত্ৰ অৱশিষ্টখিনি মঠত যথাযোগ্য ধৰ্মীয় ৰীতি-নীতিৰে স্থাপন কৰা হয় আৰু ভক্তসকলৰ দৰ্শনৰ বাবে মুকলি কৰি দিয়া হয়। ৮ৰ পৰা ১৩ নৱেম্বৰলৈকে ভক্তসকলে পৱিত্ৰ অৱশিষ্ট দৰ্শনৰ সুযোগ লাভ কৰিব। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে, নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়, অৰুণাচল প্ৰদেশ চৰকাৰ আৰু নতুন দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংঘৰ (আই বি চি) সহযোগত এই বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰিছে।

৮ নৱেম্বৰত অনুষ্ঠিত ৰাজহুৱা দৰ্শনৰ প্ৰথম দিনটোতে ভক্তসকলৰ যথেষ্ট উৎসাহজনক সঁহাৰি পৰিলক্ষিত হয়। প্ৰায় ৪,০০০ ভক্তই মঠত উপস্থিত হৈ পৱিত্ৰ অৱশিষ্ট দৰ্শন কৰে। বৌদ্ধ ভিক্ষু, বিশিষ্ট ব্যক্তি, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম লোকসকলেও প্ৰাৰ্থনা জনাই শ্ৰদ্ধা নিবেদন কৰে। ৯ৰ পৰা ১৩ নৱেম্বৰলৈকে ব’মডিলা সমষ্টি আৰু ইয়াৰ চুবুৰীয়া সমষ্টিসমূহৰ ভক্তসকলে মঠত উপস্থিত হৈ প্ৰাৰ্থনা আৰু আশীৰ্বাদ গ্ৰহণ কৰিব।
পৱিত্ৰ অৱশিষ্টখিনি ভাৰতীয় বায়ুসেনাৰ চিনুক হেলিকপ্টাৰেৰে টাৱাঙৰ পৰা ব’মডিলালৈ অনা হয়। এই যাত্ৰাত আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংঘৰ উপ-মহাসচিব (ডি এছ জি) শ্ৰী ভিক্ষু খেমাচাৰাৰ লগতে সাংস্কৃতিক মন্ত্ৰালয়, নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয় আৰু আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংঘৰ বিষয়াসকলো উপস্থিত আছিল। ৰূপাৰ সেনা হেলিপেডত অৰুণাচল প্ৰদেশ চৰকাৰৰ শিক্ষা, পৰ্যটন, গ্ৰাম্য উন্নয়ন বিভাগ (আৰ ডব্লিউ ডি) আৰু ৰাজহুৱা পুথিভঁৰাল বিভাগৰ মন্ত্ৰী শ্ৰী পাছাং দৰ্জী ছোনাই, যথাযথ চৰকাৰী মৰ্যাদাৰে পৱিত্ৰ অৱশিষ্টখিনিক আদৰণি জনায়। তদুপলক্ষে হেলিপেডত সামৰিক অভিবাদনো জনোৱা হয়। তাৰপিছত পৱিত্ৰ অৱশিষ্টখিনি ব’মডিলালৈ লৈ যোৱা হয় আৰু থুবচগ গাটচেল লিং মঠ (লোৱাৰ গোম্পা)ত স্থাপন কৰাৰ পূৰ্বে আপাৰ গোম্পাত এক চমু আনুষ্ঠানিক বিৰতি লোৱা হয়।

পৱিত্ৰ অৱশিষ্টখিনি স্থাপনৰ পিছত মঠ প্ৰাংগণত দুখন বিশেষ প্ৰদৰ্শনীৰ শুভ উদ্বোধন কৰা হয়। অৰুণাচল প্ৰদেশ চৰকাৰৰ শিক্ষা, পৰ্যটন আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ মন্ত্ৰী তথা অনুষ্ঠানৰ মুখ্য অতিথি শ্ৰী পাছাং দৰ্জী ছোনাই, পদ্মশ্ৰী সন্মানপ্ৰাপ্ত দ্বাদশ গুৰু ট্ৰুল্কু ৰিনপোছেৰ উপস্থিতিত প্ৰদৰ্শনী দুখন উদ্বোধন কৰে। আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংঘ (আই বি চি) আৰু নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ উদ্যোগত আয়োজিত এই প্ৰদৰ্শনীসমূহত বৌদ্ধ ধৰ্ম আৰু পৱিত্ৰ অৱশিষ্টৰ সৈতে জড়িত ঐতিহাসিক, আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্যসমূহ উপস্থাপন কৰা হয়।

উল্লেখ্য যে ব’মডিলাত এই প্ৰদৰ্শনীৰ পূৰ্বে ৭ নৱেম্বৰত টাৱাং মঠস্থিত গাডেন নামগিয়াল লাটছে (Gaden Namgyal Lhatse)ত সাতদিনীয়া ৰাজহুৱা দৰ্শন কাৰ্যসূচীৰ সফল সামৰণি পৰে। এই কাৰ্যসূচীত টাৱাঙৰ সকলো খণ্ডৰ লগতে চুবুৰীয়া অঞ্চলসমূহৰ পৰা হাজাৰ হাজাৰ ভক্ত আৰু দৰ্শনাৰ্থীয়ে অংশগ্ৰহণ কৰে। তেওঁলোকে পৱিত্ৰ অৱশিষ্টখিনি দৰ্শন কৰি প্ৰাৰ্থনা জনোৱাৰ লগতে শ্ৰদ্ধা নিবেদন কৰে। ভক্তসকলৰ এই ব্যাপক উপস্থিতিয়ে শাক্যমুনি বুদ্ধৰ পৱিত্ৰ ধাতুৰ প্ৰতি থকা গভীৰ আধ্যাত্মিক শ্ৰদ্ধা আৰু ভক্তিৰ প্ৰতিফলন ঘটায়।

ব’মডিলাৰ প্ৰদৰ্শনী সামৰণিৰ পিছত পৱিত্ৰ ধাতুখিনি নামচাইৰ গোল্ডেন পেগোডালৈ লৈ যোৱা হ’ব। তাত ১৪ৰ পৰা ২০ নৱেম্বৰলৈকে ভক্তসকলৰ ৰাজহুৱা দৰ্শনৰ বাবে মুকলি থাকিব। ইয়াৰ পিছত ২১ নৱেম্বৰত পৱিত্ৰ অৱশিষ্টখিনি পুনৰ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়লৈ ঘূৰাই নিয়া হ’ব।

***
M Annadurai/MS