পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়
azadi ka amrit mahotsav

পৰিষ্কাৰ বায়ুৰ বাবে পৰিৱেশ-অনুকূল সেউজ দীপাৱলী উদযাপন কৰক: দিল্লী-NCR ৰ নাগৰিকসকলক সেউজ দীপাৱলী উদযাপনৰ অংগীকাৰ গ্ৰহণৰ আহ্বান WWF-India EIACP-ৰ

পোষ্ট কৰা হৈছে: 08 NOV 2026 2:51PM by PIB Guwahati

ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় (MoEF&CC) সহায়ত চলা WWF-India ৰ EIACP কাৰ্যসূচী চেণ্টাৰ– ৰিচ'ৰ্চ পাৰ্টনাৰ (PC-RP) এ দিল্লী-NCR ৰ জনসাধাৰণক এই বছৰ ফটকাবিহীন সেউজ দীপাৱলী উদযাপন কৰিবলৈ আৰু বায়ু পৰিষ্কাৰ কৰি ৰখাত সহায় কৰিবলৈ আহ্বান জনাইছে। এই আহ্বান ২০ অক্টোবৰৰ পৰা ৮ নৱেম্বৰ ২০২৬লৈ মিছন লাইফ (Mission LiFE - পৰিৱেশৰ বাবে জীৱনশৈলী) ৰ অধীনত চলা দেশজোৰা সেউজ দীপাৱলী অভিযান ২০২৬ ৰ অংশ, যাৰ বিশেষ গুৰুত্ব ২৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাষ্ট্ৰীয় পৰিষ্কাৰ বায়ু কাৰ্যসূচী (NCAP) ৰ অধীনত থকা ১৩০খন চহৰৰ ওপৰত।

 

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড (CPCB) ৰ মতে, দিল্লীৰ বায়ুৰ মান 'অতি বেয়া' (Very Poor) শ্ৰেণীত আছে। বায়ুৰ গুণাগুণ আগতীয়া সতৰ্কবাণী ব্যৱস্থাৰ পূৰ্বাভাস অনুসৰি উৎসৱৰ দিনকেইটাত ই 'গুৰুতৰ' (Severe) শ্ৰেণীত উপনীত হ'ব পাৰে। NCR আৰু কাষৰীয়া অঞ্চলৰ বায়ুৰ গুণাগুণ পৰিচালনা আয়োগে (CAQM) বায়ুৰ গুণাগুণ আৰু অধিক বেয়া হোৱা ৰোধ কৰিবলৈ গোটেই অঞ্চলটোত গ্ৰেডেড ৰেচপন্স একচন প্লেন (GRAP) ৰ অধীনত ব্যৱস্থা ৰূপায়ণ কৰি আছে। নাগৰিকসকলক এই প্ৰচেষ্টাসমূহক সমৰ্থন কৰিবলৈ আৰু বলবৎ থকা ব্যৱস্থাসমূহ মানি চলিবলৈ আহ্বান জনোৱা হৈছে।

 

WWF EIACP-এ প্ৰতিজন নাগৰিকক পৰিষ্কাৰ বায়ু, সু-স্বাস্থ্য আৰু প্ৰদূষণমুক্ত পৰিৱেশ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত প্ৰত্যেকক নিজৰ ভূমিকা পালন কৰিবলৈ সেউজ দীপাৱলী উদযাপনৰ অংগীকাৰ গ্ৰহণৰ আহ্বান জনাইছে। ইয়াৰ উপৰিও সেউজ দীপাৱলী উদযাপনৰ বাবে কিছু সৰল পদক্ষেপ তলত দিয়া হৈছে:

 

১. পৰিৱেশ-অনুকূল চাকি আৰু মমবাতি বাছি লওক: পৰম্পৰাগত মাটিৰ চাকি আৰু পৰিৱেশ-অনুকূল মমবাতি ব্যৱহাৰ কৰক, আৰু অত্যধিক শক্তি অপচয় হ্ৰাস কৰক।

 

২. উপহাৰৰ ক্ষেত্ৰত বহনক্ষম হওক: স্থানীয়ভাৱে নিৰ্মিত, পৰিৱেশ-অনুকূল উপহাৰ বাছি লওক, য'ত পেকেজিং কম থাকে।

 

৩. আতচবাজী বৰ্জন কৰক: বায়ু আৰু শব্দ প্ৰদূষণ হ্ৰাস কৰিবলৈ আৰু জনস্বাস্থ্য ৰক্ষা কৰিবলৈ ফটকা এৰাই চলক।

 

৪. প্ৰাকৃতিকভাৱে সজাওক: ফুলৰ পাহি, চাউলৰ গুড়ি আৰু হালধিৰ দৰে প্ৰাকৃতিক সামগ্ৰী ব্যৱহাৰ কৰি ৰংগোলী বনাওক, আৰু পুনঃব্যৱহৃত সামগ্ৰী ব্যৱহাৰ কৰি নিজে সজাবলৈ চেষ্টা কৰক।

 

৫. আৱৰ্জনা কমাওক: এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক এৰাই চলক, সাজ-সজ্জাৰ সামগ্ৰী পুনৰ ব্যৱহাৰ কৰক, আৰু পুনঃব্যৱহাৰৰ বাবে আৱৰ্জনা পৃথক কৰক।

 

৬. সামূহিক অনুষ্ঠান আয়োজন কৰক: সামূহিক কাৰ্য্যক উৎসাহিত কৰিবলৈ বৃক্ষৰোপণ অভিযান, চুবুৰী পৰিষ্কাৰ অভিযান আৰু পৰিৱেশ সজাগতা পদযাত্ৰা আয়োজন কৰক।

 

৭. ভাল কামৰ বাবে দান কৰক: পুৰণি কাপোৰ আৰু ব্যৱহাৰ নোহোৱা, ব্যৱহাৰযোগ্য ঘৰুৱা সামগ্ৰী আৰ্তজনক দান কৰক, ই পুনঃব্যৱহাৰক উত্‍সাহিত কৰে আৰু আৱৰ্জনা হ্ৰাস পাব।

 

৮. পৰিৱেশবান্ধৱ যাতায়াত গ্ৰহণ কৰক: উৎসৱৰ ভ্ৰমণৰ বাবে যিমান পাৰি খোজ কাঢ়ক, চাইকেল চলাওক বা ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰক।

 

৯. বায়ু পৰীক্ষা কৰক: কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ SAMEER এপত দৈনিক বায়ুৰ গুণাগুণ সূচক (AQI) চাওক আৰু বায়ুৰ গুণাগুণ সূচক বেয়া হলে বাহিৰত ওলোৱা কমাওক।

 

নাগৰিকসকলক তেওঁলোকৰ পৰিৱেশগত প্ৰভাৱ সম্পৰ্কে সচেতন হবলৈ আৰু অধিক বহনক্ষম অভ্যাস গ্ৰহণ কৰিবলৈ WWF-India ৰ কাৰ্বন ফুটপ্ৰিণ্ট সমীক্ষা (https://wwfindiawebgis.in/Carbon_Footprint/Carbon_Footprint.html) ত অংশ গ্ৰহণ কৰিবলৈও উৎসাহিত কৰা হৈছে। ইয়াৰ উপৰিও, অংশগ্ৰহণকাৰী প্ৰতিষ্ঠান আৰু গোটসমূহক তেওঁলোকৰ কাৰ্যকলাপৰ বিৱৰণ এখন অনলাইন প্ৰ-পত্ৰ https://docs.google.com/forms/d/15hDbjbqZzeo68kNjAxeHQA_SMIQ7lUlPdvCIi-gvwdY/viewform ৰ জৰিয়তে জমা দিবলৈ আহ্বান জনোৱা হৈছে। ইয়াত প্ৰতিষ্ঠান বা সংগঠনৰ নাম আৰু স্থান, কাৰ্যকলাপৰ বিৱৰণ আৰু তাৰিখ,  অংগীকাৰ লোৱা অংশগ্ৰহণকাৰীৰ সংখ্যা, জিঅ'-টেগ কৰা ফটোগ্ৰাফ আৰু এটা চমু প্ৰতিবেদন থাকিব লাগিব। নিৰ্বাচিত কাৰ্যকলাপসমূহ EIACP ৱেবছাইট আৰু ছ'চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰদৰ্শিত হ'ব পাৰে।

 

*****

VM/SK


(ৰিলিজ আই ডি : 2334215) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil