পোষ্ট কৰা হৈছে:
08 NOV 2026 3:08PM by PIB Guwahati
প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে ৮ নৱেম্বৰত ছিকিমৰ আগশাৰীৰ অঞ্চলসমূহত নিয়োজিত ত্ৰিশক্তি ক’ৰ্পছৰ (৩৩ ক’ৰ্পছ) সেনা জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰে। এই কাৰ্যসূচীত তেওঁৰ সৈতে উপস্থিত থাকে সেনাবাহিনীৰ মুৰব্বী জেনেৰেল ধীৰাজ ছেঠ, পূব সেনা কমাণ্ডৰ মুখ্য সেনাধ্যক্ষ লেফটেনেণ্ট জেনেৰেল ভি এম বি কৃষ্ণণ, ৩৩ ক’ৰ্পছৰ মুখ্য সেনাধ্যক্ষ লেফটেনেণ্ট জেনেৰেল মান ৰাজ সিং মান আৰু ভাৰতীয় সেনাবাহিনীৰ অন্যান্য জ্যেষ্ঠ বিষয়া।
শ্বেৰাথাঙত সেনা জোৱানসকলৰ সৈতে মত বিনিময় কৰি ৰাজনাথ সিঙে তেওঁলোকক দীপাৱলীৰ আটাইতকৈ উজ্জ্বল পোহৰ বুলি অভিহিত কৰে। তেওঁ কয় যে সীমান্তত সেনা জোৱানসকলৰ নিষ্ঠা আৰু সতৰ্কতাই সমগ্ৰ দেশবাসীক নিৰাপত্তাৰ অনুভূতি প্ৰদান কৰে।
তেওঁ কয়, “আনৰ দৃষ্টি আকৰ্ষণ নকৰাকৈ এটা বন্তিয়ে যেনেদৰে আন্ধাৰ দূৰ কৰে, ঠিক তেনেদৰে সেনা জোৱানসকলেও নীৰৱে নিজৰ কৰ্তব্য পালন কৰি যায়। তেওঁলোকৰ বাবেই দেশৰ নাগৰিকসকলে শান্তি আৰু নিৰাপত্তাৰ মাজত উৎসৱ-পাৰ্বণ উদযাপন কৰিব পাৰে।”
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰত্যাহ্বানমূলক উচ্চ পাৰ্বত্য পৰিস্থিতিত দেশৰ সীমান্ত সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত সেনা জোৱানসকলৰ পেছাদাৰিত্ব, উচ্চ মনোবল আৰু অটল দায়বদ্ধতাৰ প্ৰশংসা কৰে। একেদৰে একেই উৎসাহ আৰু নিষ্ঠাৰে মাতৃভূমিক সুৰক্ষা প্ৰদান কৰি যাবলৈ তেওঁ জোৱানসকলক আহ্বান জনায়। দেশৰ কৰ্তব্যক নিজৰ ব্যক্তিগত স্বাৰ্থ আৰু উৎসৱ উদযাপনৰ ঊৰ্ধ্বত স্থান দি পৰিয়ালৰ পৰা বহু দূৰত থাকি সেৱা আগবঢ়োৱা সেনা জোৱানসকলৰ ত্যাগৰ কথাও তেওঁ স্বীকাৰ কৰে।
অনুশাসন আৰু সাহসৰ গুৰুত্বৰ কথা উল্লেখ কৰি ৰাজনাথ সিঙে কয় যে প্ৰযুক্তি যিমানেই উন্নত নহওক কিয়, এজন সেনা জোৱানৰ মাজত এই গুণসমূহ নাথাকিলে তাৰ বিশেষ কোনো উপযোগিতা নাথাকে। তেওঁ লগতে কয় যে সেনা জোৱানসকলৰ আচৰণ, পোছাক, ভাষা আৰু সংযমে স্থানীয় জনসাধাৰণৰ মাজত সেনাবাহিনীৰ ভাবমূৰ্তি গঢ়ি তোলে। শ্বেৰাথাং আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ স্থানীয় জনসাধাৰণৰ সৈতে ভাৰতীয় সেনাবাহিনীৰ মাজত থকা বিশ্বাস আৰু সদভাৱৰ সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিবলৈও তেওঁ জোৱানসকলক আহ্বান জনায়।
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে শ্বেৰাথাং যুদ্ধ স্মাৰকত উপস্থিত হৈ দেশৰ সেৱাত সৰ্বোচ্চ বলিদান আগবঢ়োৱা সেনা জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ বাবা হৰভজন সিং স্মাৰকো পৰিদৰ্শন কৰে আৰু অঞ্চলটোৰ সামৰিক তথা অসামৰিক পৰম্পৰাত বিশেষ স্থান অধিকাৰ কৰি থকা এইগৰাকী শ্ৰদ্ধাৰ সৈনিকৰ প্ৰতি সন্মান জনায়।
শ্বেৰাথাং যুদ্ধ স্মাৰকৰ তাৎপৰ্যৰ কথা উল্লেখ কৰি ৰাজনাথ সিঙে কয় যে এনে স্মাৰকসমূহে কেৱল অতীতৰ ঘটনা আৰু ত্যাগৰ স্মৃতিকে সজীৱ কৰি নাৰাখে, বৰং সামূহিক স্মৃতি গঢ়ি তোলাৰ লগতে ৰাষ্ট্ৰীয় চেতনা আৰু গৌৰৱবোধ জাগ্ৰত কৰে।
তেওঁ উল্লেখ কৰে যে এই স্মাৰকত সন্মান জনোৱা শ্বহীদ সেনা জোৱানসকল দেশৰ বিভিন্ন প্ৰান্তৰ আছিল। তেওঁলোকৰ ভিতৰত নাগালেণ্ড, উত্তৰ প্ৰদেশ, তামিলনাডু, ৰাজস্থান আৰু অসমৰ জোৱানো আছিল। তেওঁ লগতে কয় যে এই বীৰ জোৱানসকলে নিজৰ অঞ্চল, ভাষা অথবা সম্প্ৰদায়ৰ ভেদাভেদ নকৰাকৈ দেশবাসীৰ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিছিল।
তেওঁ কয় যে ঐক্য আৰু নিঃস্বাৰ্থ সেৱাৰ এই মনোভাৱেই হৈছে ভাৰতৰ প্ৰকৃত আত্মা আৰু আদৰ্শ। ভাৰতত প্ৰতিগৰাকী নাগৰিকে আন ভাৰতীয়ক নিজৰ পৰিয়ালৰ সদস্য হিচাপে গণ্য কৰে।
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে দেশৰ সেৱাত সৰ্বোচ্চ বলিদান আগবঢ়োৱা বীৰ সেনা জোৱানসকলৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যে নতুন দিল্লীত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক স্থাপন কৰিছে।
তেওঁ কয়, “ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত প্ৰায় ২৬ হাজাৰ শ্বহীদ বীৰ জোৱানৰ নাম সোণালী আখৰেৰে খোদিত কৰা হৈছে। তেওঁলোকৰ অতুলনীয় বীৰত্ব আৰু ত্যাগৰ প্ৰতি সন্মান জনোৱাৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। স্মাৰকত কোনো এগৰাকী শ্বহীদ সেনা জোৱানৰ নাম দেখিলে তেওঁৰ পৰিয়াল, আত্মীয়-স্বজন আৰু জন্মভূমিৰ গাঁও তথা অঞ্চলৰ লোকসকলৰ মনত গভীৰ গৌৰৱবোধৰ সৃষ্টি হয়। এনে স্মাৰকসমূহে বৰ্তমান আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হিচাপে কাম কৰে।”





***
SR/Savvy/PB