পোষ্ট কৰা হৈছে:
08 NOV 2026 9:07AM by PIB Guwahati
ভাৰতৰত্ন তথা দেশৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী শ্ৰী এল কে আদৱানীয়ে ৮ নৱেম্বৰত জীৱনৰ শততম বৰ্ষত ভৰি দিয়া উপলক্ষ্যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ এটা লিখনিত ভাৰতৰ প্ৰতি আদৱানীৰ চিৰস্মৰণীয় অৱদানৰ কথা বিশেষভাৱে উল্লেখ কৰিছে।
শ্ৰী মোদীয়ে আদৱানীৰ জীৱনযাত্ৰাৰ কথা স্মৰণ কৰি দেশ বিভাজনৰ ভয়াৱহ অভিজ্ঞতাৰ সন্মুখীন হোৱা তথা শূন্যৰ পৰা পুনৰ জীৱন আৰম্ভ কৰাৰ পৰা আৰম্ভ কৰি ভাৰতীয় জনসংঘক শক্তিশালী কৰা, ভাৰতীয় জনতা পাৰ্টি গঢ়ি তোলা, জৰুৰীকালীন অৱস্থাৰ সময়ত গণতন্ত্ৰৰ পক্ষত দৃঢ়ভাৱে থিয় দিয়া, সোমনাথৰ পৰা অযোধ্যালৈ ৰথযাত্ৰাৰ নেতৃত্ব দিয়া আৰু চৰকাৰত থাকি দেশৰ সেৱা আগবঢ়োৱালৈকে তেওঁৰ অৱদানৰ কথা উল্লেখ কৰে।
ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে আদৱানীৰ ব্যক্তিত্বৰ আন কেতবোৰ দিশৰ কথাও উল্লেখ কৰে। তেওঁ এগৰাকী গভীৰ অধ্যয়নশীল পাঠক, সংস্কৃতি আৰু চলচ্চিত্ৰৰ প্ৰতি অনুৰাগী তথা এগৰাকী প্ৰখ্যাত লেখক হিচাপেও আদৱানীৰ অৱদানৰ কথা আলোকপাত কৰে।
সামাজিক মাধ্যম ‘এক্স’ত প্ৰকাশ কৰা এটা বাৰ্তাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয়—
“আজি ৮ নৱেম্বৰ, এটা বিশেষ তাৎপৰ্যপূৰ্ণ দিন। শ্ৰদ্ধাৰ এল কে আদৱানী জীয়ে তেওঁৰ জীৱনৰ শততম বৰ্ষত ভৰি দিছে। এই বিশেষ উপলক্ষ্যত তেওঁলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।ভাৰতৰ প্ৰতি তেওঁৰ চিৰস্থায়ী অৱদানৰ বিষয়ে আলোকপাত কৰি মই এটা প্ৰবন্ধ লিখিছোঁ।তেওঁৰ জীৱনযাত্ৰাৰ বিভিন্ন দিশ মই তাত আলোকপাত কৰিছোঁ। দেশ বিভাজনৰ ভয়াৱহতা প্ৰত্যক্ষ কৰা আৰু শূন্যৰ পৰা জীৱন পুনৰ গঢ়ি তোলাৰ পৰা আৰম্ভ কৰি ভাৰতীয় জনসংঘক শক্তিশালী কৰা, ভাৰতীয় জনতা পাৰ্টি গঢ়ি তোলা, জৰুৰীকালীন অৱস্থাৰ সময়ত গণতন্ত্ৰৰ পক্ষত থিয় দিয়া, সোমনাথৰ পৰা অযোধ্যালৈ ৰথযাত্ৰাৰ নেতৃত্ব দিয়া আৰু চৰকাৰত থাকি দেশৰ সেৱা আগবঢ়োৱালৈকে তেওঁৰ অৱদানৰ কথা উল্লেখ কৰিছোঁ।
আদৱানী জীৰ ব্যক্তিত্বৰ আন কেতবোৰ দিশৰ বিষয়েও লিখিছোঁ। তেওঁ এগৰাকী অতি অধ্যয়নশীল পাঠক, সংস্কৃতি আৰু চলচ্চিত্ৰৰ প্ৰতি গভীৰ অনুৰাগ থকা ব্যক্তি, এগৰাকী সুলেখক আৰু ইয়াৰ উপৰি তেওঁৰ ব্যক্তিত্বৰ আন বহু দিশ আছে।”
English - https://www.narendramodi.in/bharat-ratna-lk-advani-ji-at-100
हिंदी - https://www.narendramodi.in/hi/bharat-ratna-lk-advani-ji-at-100 ”
*************
MJPS/SS/ST/DM