পোষ্ট কৰা হৈছে:
07 NOV 2026 8:21PM by PIB Guwahati
প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰী (আৰ আৰ এম) শ্ৰী সঞ্জয় শেঠে ২০২৬ চনৰ ৭ নৱেম্বৰত বিজাপুৰৰ সৈনিক স্কুলত সৰ্বভাৰতীয় সৈনিক স্কুল ৰাষ্ট্ৰীয় ক্ৰীড়া (এ আই এছ এছ এন জি) ২০২৬ৰ সামৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।তেওঁ বিজয়ী দলসমূহক পদক আৰু ট্ৰফী প্ৰদান কৰাৰ লগতে তেওঁলোকৰ অসাধাৰণ কৃতিত্ব তথা নিষ্ঠাক স্বীকৃতি দিয়ে।
ঘোৰাখালৰ সৈনিক স্কুল দলে জুনিয়ৰ ল'ৰাৰ বাস্কেট বলত চেম্পিয়নৰ খিতাপ লাভ কৰাৰ বিপৰীতে বিকাশা সৈনিক স্কুলে জুনিয়ৰ ছোৱালীৰ বাস্কেট বল প্ৰতিযোগিতাত খিতাপ অৰ্জন কৰে। অমৰাৱতীনগৰৰ সৈনিক স্কুলৰ দলে জুনিয়ৰ ল'ৰাৰ ভলীবল চেম্পিয়নশ্বিপৰ খিতাপ জয় কৰে। ঝান্সীৰ সৈনিক স্কুলৰ দলে তৰ্ক প্ৰতিযোগিতাত জয়লাভ কৰাৰ লগতে কাপুৰথলাৰ সৈনিক স্কুল দল কুইজ প্ৰতিযোগিতাত বিজয়ী হয়।
“আপোনালোকে প্ৰতিবন্ধকতা অতিক্ৰম কৰিবলৈ চেষ্টা কৰি থাকক, কেতিয়াও হাৰ নামানিব আৰু উৎকৃষ্টতাৰ বাবে সদায় প্ৰয়াস অব্যাহত ৰাখক,” যুৱ কেডেটসকলক সম্বোধন কৰি নৌসেনা প্ৰধান এডমিৰেল কৃষ্ণ স্বামীনাথনে অংশগ্ৰহণকাৰীসকলক উৎকৃষ্টতাৰ বাবে চেষ্টা কৰিবলৈ উৎসাহিত কৰে। তেওঁ বিজাপুৰ সৈনিক স্কুলত নিজৰ অতীতৰ সময়ক মৰমেৰে স্মৰণ কৰি তেওঁৰ ব্যক্তিত্ব তথা কৃতিত্ব গঢ় দিয়াত প্ৰতিষ্ঠানটোৰ অমূল্য অৱদানৰ শলাগ লয়।
২০২৬ চনৰ ৩ নৱেম্বৰৰ পৰা ৭ নৱেম্বৰলৈ আয়োজিত এই সৰ্বভাৰতীয় সৈনিক স্কুল ৰাষ্ট্ৰীয় ক্ৰীড়া ৰাষ্ট্ৰীয় সংহতি, সাংস্কৃতিক বিনিময় আৰু পাৰস্পৰিক বুজাবুজিৰ এক সজীৱ মঞ্চ হিচাপে পৰিগণিত হয়। ই বিভিন্ন অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান, সংস্কৃতি, ভাষা, বিশ্বাস আৰু ধাৰণা বিনিময় কৰাৰ সুযোগ প্ৰদান কৰাৰ লগতে স্থায়ী বন্ধুত্ব, সৌহাৰ্দ্য আৰু ৰাষ্ট্ৰীয় গৌৰৱ বিনিময়ৰ অনুভূতি বিকশিত কৰে। বৰ্ণিল সামৰণী অনুষ্ঠানত কৰ্মৰত আৰু অৱসৰপ্ৰাপ্ত প্ৰতিৰক্ষা বিষয়া, মন্ত্ৰী, জনপ্ৰতিনিধি আৰু জ্যেষ্ঠ প্ৰশাসকসকলকে ধৰি বিশাল সমাৱেশ পৰিলক্ষিত হয়।
****
SR/Ruchi/DD