গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

আহমেদাবাদৰ এখন উচ্চস্তৰীয় বৈঠকত গুজৰাটৰ আইন-শৃংখলা আৰু আভ্যন্তৰীণ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰীঅমিত শ্বাহৰ

সীমান্ত আৰু উপকূলীয় নিৰাপত্তা শক্তিশালী কৰা, ড্ৰাগছৰ নেটৱৰ্কসমূহৰ বিৰুদ্ধে ব্যৱস্থা আৰু চাইবাৰ অপৰাধৰ ফলপ্ৰসূ নিয়ন্ত্ৰণৰ নিৰ্দেশ গৃহ মন্ত্ৰীৰ

গুজৰাটৰ প্ৰায় ২,৩৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূল অঞ্চলত তীক্ষ্ণ নজৰ ৰখা আৰু বি এছ এফ, ৰাজ্যিক আৰক্ষী, উপকূলৰক্ষী বাহিনী তথা কেন্দ্ৰীয় সংস্থাসমূহৰ মাজত উন্নত সমন্বয়ত গুৰুত্ব আৰোপ

নতুন অপৰাধমূলক আইন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত গুজৰাটৰ প্ৰদৰ্শন প্ৰশংসনীয়; ৯২ শতাংশ অভিযোগনামা ৬০ দিনৰ ভিতৰত আৰু ৮৬ শতাংশ ৯০ দিনৰ ভিতৰত দাখিল

কেৱল সৰু-সুৰা সৰবৰাহকাৰীৰ বিৰোধিতা কৰাতকৈ সমগ্ৰ ড্ৰাগছ নেটৱৰ্ক আৰু ইয়াৰ মূল চালিকাশক্তিক লক্ষ্য কৰি লোৱাৰ লগতে অবৈধ সম্পত্তি বাজেয়াপ্ত কৰিবলৈ বিত্তীয় তদন্তক অগ্ৰাধিকাৰ দিয়াত গুৰুত্ব

S4C আৰু ১৯৩০ হেল্পলাইনৰ ক্ষমতা বৃদ্ধি, সন্ত্ৰাসবাদ বিৰোধী সংস্থাসমূহ শক্তিশালী কৰা আৰু আইন অনুসৰি অবৈধ বিদেশী নাগৰিকৰ চিনাক্তকৰণ আৰু বহিষ্কাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ নিৰ্দেশ

এখন সুৰক্ষিত, উন্নত আৰু ড্ৰাগছমুক্ত গুজৰাটৰ জৰিয়তে এক সুৰক্ষিত ভাৰত গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দোহাৰিলে গৃহ মন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 07 NOV 2026 7:41PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰীঅমিত শ্বাহে আজি আহমেদাবাদত অনুষ্ঠিত এখন উচ্চস্তৰীয় বৈঠকত গুজৰাটৰ আইন-শৃংখলা আৰু আভ্যন্তৰীণ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰে।

গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰীভূপেন্দ্ৰ পেটেল, উপ-মুখ্যমন্ত্ৰী শ্ৰীহৰ্ষ সংঘৱী, কেন্দ্ৰীয় গৃহ সচিব, গৃহ মন্ত্ৰালয় আৰু ইয়াৰ অধীনস্থ কাৰ্যালয়সমূহৰ জ্যেষ্ঠ বিষয়া আৰু ৰাজ্যিক গৃহ বিভাগ তথা অন্যান্য সংশ্লিষ্ট বিভাগৰ বিষয়াসকল এই বৈঠকত উপস্থিত থাকে।

 

বৈঠকত সীমান্ত আৰু উপকূলীয় নিৰাপত্তা, নতুন অপৰাধমূলক আইন কাৰ্যকৰী কৰা, ড্ৰাগছ সৰবৰাহ, চাইবাৰ অপৰাধ, সন্ত্ৰাসবাদ, অবৈধ প্ৰব্ৰজন আৰু দুৰ্যোগ ব্যৱস্থাপনা আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়।

 

গুজৰাটৰ প্ৰায় ২,৩৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূলীয় অঞ্চল আৰু পাকিস্তানৰ সৈতে থকা ইয়াৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰীঅমিত শ্বাহে সীমান্ত আৰু উপকূলীয় নিৰীক্ষণ শক্তিশালী কৰাৰ লগতে সীমা সুৰক্ষা বাহিনী, ৰাজ্যিক আৰক্ষী, উপকূলৰক্ষী বাহিনী আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ মাজত উন্নত সমন্বয় নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

শ্ৰীঅমিত শ্বাহে নতুন অপৰাধমূলক আইনসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত গুজৰাটৰ প্ৰদৰ্শনক প্ৰশংসা কৰি কয় যে ৰাজ্যখনত ৯২ শতাংশ অভিযোগনামা (চাৰ্জশ্বীট) ৬০ দিনৰ ভিতৰত আৰু ৮৬ শতাংশ ৯০ দিনৰ ভিতৰত দাখিল কৰা হৈছে। গৃহ মন্ত্ৰীগৰাকীয়ে ২৫,০০০তকৈও অধিক বাকী থকা ফৰেনছিক গোচৰ নিষ্পত্তিৰ বাবে এক বিশেষ অভিযান চলাবলৈ ৰাজ্যখনক নিৰ্দেশ দিয়ে।

 

কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে ব্যৱস্থা কেৱল সৰু-সুৰা বিক্ৰেতা অথবা সৰবৰাহকাৰীৰ মাজতে সীমাবদ্ধ থাকিব নালাগে। ইয়াৰ পৰিৱৰ্তে সমগ্ৰ ড্ৰাগছ নেটৱৰ্ক আৰু ইয়াৰ মূল চালিকাশক্তিক লক্ষ্য কৰি লোৱাৰ লগতে তেওঁলোকৰ অবৈধ সম্পত্তি বাজেয়াপ্ত কৰাৰ বাবে বিত্তীয় তদন্তক অগ্ৰাধিকাৰ দিব লাগে।

শ্ৰীঅমিত শ্বাহে চাইবাৰ অপৰাধ মোকাবিলা কৰিবলৈ S4C আৰু ১৯৩০ হেল্পলাইনৰ ক্ষমতা বৃদ্ধি, সন্ত্ৰাসবাদ বিৰোধী সংস্থাসমূহক শক্তিশালী কৰা আৰু আইন অনুসৰি অবৈধ বিদেশী নাগৰিকৰ চিনাক্তকৰণ আৰু বহিষ্কাৰৰ কাম দ্ৰুততৰ কৰিবলৈ নিৰ্দেশ দিয়ে। বিশেষ অভিযানৰ অধীনত ২,৪১২গৰাকী অবৈধ বিদেশী নাগৰিকক বহিষ্কাৰ কৰাৰ কাৰ্যক তেওঁ প্ৰশংসা কৰে।

 

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰীগৰাকীয়ে দুৰ্যোগ ব্যৱস্থাপনা, অগ্নি সুৰক্ষা, আহমেদাবাদ নগৰীয়া বান ব্যৱস্থাপনা প্ৰকল্প আৰু শত্ৰু সম্পত্তিৰ জৰীপ তথা নিষ্পত্তি সংক্ৰান্তীয় কাম-কাজ খৰতকীয়া কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

 

বৈঠকৰ সামৰণিত কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে সমগ্ৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহক ঘনিষ্ঠ সমন্বয়েৰে কাম কৰিবলৈ আৰু নিৰ্ধাৰিত লক্ষ্যৰ বিপৰীতে অগ্ৰগতিৰ নিয়মীয়াকৈ পৰ্যালোচনা কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ এখন সুৰক্ষিত, উন্নত আৰু ড্ৰাগছমুক্ত গুজৰাটৰ জৰিয়তে এক সুৰক্ষিত ভাৰত গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দোহাৰে।

 

****

RK/RR/PS/PR/DB


(ৰিলিজ আই ডি : 2334053) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Odia