পোষ্ট কৰা হৈছে:
06 NOV 2026 4:38PM by PIB Guwahati
ভূমধ্য সাগৰত চলি থকা অভিযানৰ অংশ হিচাপে ভাৰতীয় নৌসেনাৰ জাহাজ আইএনএছ ত্ৰিশূলে ২০২৬ চনৰ ৩ নৱেম্বৰত গ্ৰীচৰ ছৌদা বে’ত নিজৰ বন্দৰ ভ্ৰমণৰ সামৰণি মাৰে। এই ভ্ৰমণে পেছাদাৰী মত বিনিময়, অভিযানমূলক আলোচনা আৰু সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে ভাৰতীয় নৌসেনা আৰু হেলেনিক নৌসেনাৰ মাজত সামুদ্ৰিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ এক সুযোগ দিয়ে।
বন্দৰ ভ্ৰমণৰ সময়ত আইএনএছ ত্ৰিশূলৰ কমাণ্ডিং অফিচাৰে হেলেনিক নৌসেনাৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে ছৌদা বে’ৰ নেটো মেৰিটাইম ইণ্টাৰডিকচন অপাৰেচনেল ট্ৰেইনিং চেণ্টাৰ চমুকৈ এনএমআইঅ’টিচি আৰু ইউএছ নেভেল ছাপৰ্ট এক্টিভিটি চমুকৈ এনএছএ-ৰ মুৰব্বীসকলক সাক্ষাৎ কৰে। এই আলোচনাত মূলতঃ অভিযানমূলক লজিষ্টিক প্ৰয়োজনীয়তা আৰু সহযোগী নৌসেনাসমূহৰ মাজত সহযোগিতা তথা পাৰস্পৰিক সমৰ্থনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এই বৈঠকত পাৰস্পৰিক স্বাৰ্থজড়িত বিষয়সমূহত মতামত বিনিময় কৰাৰ লগতে অভিযানমূলক সমৰ্থন আৰু সহযোগিতা বৃদ্ধিৰ পথসমূহ অন্বেষণ কৰাৰ সুযোগ লাভ কৰে।
ভাৰতীয় আৰু হেলেনিক নৌসেনাৰ জোৱানসকলৰ মাজত অনুষ্ঠিত পেছাদাৰী কাৰ্যসূচীসমূহত পাৰস্পৰিক ভ্ৰমণ আৰু মত বিনিময় অন্তৰ্ভুক্ত আছিল। হেলেনিক নৌসেনাৰ জোৱানসকলে আইএনএছ ত্ৰিশূল পৰিদৰ্শন কৰে আৰু জাহাজখন ঘূৰি-পকি ইয়াৰ যুদ্ধ ক্ষমতাৰ বিষয়ে অৱগত হয়। এনে পাৰস্পৰিক আলোচনাই দুয়োখন দেশৰ নৌসেনাৰ জোৱানসকলক পৰস্পৰৰ পেছাদাৰী কাৰ্যপদ্ধতিৰ বুজ ল’বলৈ আৰু অভিজ্ঞতা বিনিময় কৰাৰ সুযোগ দিয়ে।
গ্ৰীচত নিযুক্ত ভাৰতৰ ৰাষ্ট্ৰদূত মহামান্য শ্ৰী ৰবি শংকৰেও জাহাজখন পৰিদৰ্শন কৰে। তেওঁক আইএনএছ ত্ৰিশূলৰ যুদ্ধ ক্ষমতাৰ বিষয়ে অৱগত কৰা হয় আৰু তেওঁ জাহাজখনৰ কৰ্মচাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে। জাহাজখনত এটি সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়, য’ত গ্ৰীচত নিযুক্ত ভাৰতৰ ৰাষ্ট্ৰদূত, নেটো মিছাইল প্ৰক্ষেপণ প্ৰতিষ্ঠানৰ কমাণ্ডাৰ মেজৰ জেনেৰেল এন দিমিত্ৰাকোছ, হেলেনিক আৰু মাৰ্কিন নৌসেনাৰ জ্যেষ্ঠ বিষয়াবৰ্গ তথা প্ৰবাসী ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানে কূটনৈতিক প্ৰতিনিধি, নৌসেনাৰ জোৱান আৰু ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ মাজত মত বিনিময়ৰ এক উত্তম সুযোগ প্ৰদান কৰে।
ছৌদা বে’ৰ পৰা ৰাওনা হোৱাৰ পাছত আইএনএছ ত্ৰিশূলে হেলেনিক নৌসেনাৰ এইছএছ লিমনোছ এফ৪৫১-ৰ সৈতে এক পেছেজ এক্সাৰচাইজ চমুকৈ পাছেক্সত ভাগ লয়। এই অনুশীলনত সাগৰৰ বুকুত এলানি সমন্বিত কৌশল অন্তৰ্ভুক্ত আছিল, যেনে কৌশলী চালচলনৰ কুচকাৱাজ, পুনৰ যোগানৰ কৌশল, জাহাজখনৰ ইনবিল্ট হেলিকপ্টাৰৰ ক্ৰছ-ডেক লেণ্ডিং আৰু যোগাযোগ পদ্ধতিৰ কুচকাৱাজ। পাছেক্সে দুয়োটা নৌসেনাক সাগৰত সমন্বিত কাৰ্যকলাপ হাতত লোৱা আৰু পেছাদাৰী দক্ষতা তথা শ্ৰেষ্ঠ পদ্ধতিসমূহ বিনিময় কৰাৰ সুযোগ প্ৰদান কৰে, যাৰ ফলত অভিযানমূলক সহযোগিতা আৰু আন্তঃকাৰ্যক্ষমতা অধিক বৃদ্ধি পায়।
আইএনএছ ত্ৰিশূলৰ এই বন্দৰ ভ্ৰমণে সামুদ্ৰিক সহযোগিতা, পেছাদাৰী সম্পৰ্ক আৰু দ্বিপাক্ষিক মিত্ৰতা সুদৃঢ় কৰাৰ ক্ষেত্ৰত ভাৰতীয় আৰু হেলেনিক নৌসেনাৰ অংগীকাৰক পুনৰ প্ৰতিষ্ঠা কৰে। ভ্ৰমণ সফলতাৰে সমাপ্ত হোৱাৰ পাছত আইএনএছ ত্ৰিশূলে নিজৰ পৰৱৰ্তী পৰ্যায়ৰ অভিযানৰ দিশে অগ্ৰসৰ হয়।
VM/AS/MM