পোষ্ট কৰা হৈছে:
06 NOV 2026 6:13PM by PIB Guwahati
আন্দামান আৰু নিকোবৰ কমাণ্ড চমুকৈ এএনচিৰ কমাণ্ডাৰ-ইন-চীফ ভাইচ এডমিৰেল বিনীত মেককাৰ্টীৰ নেতৃত্বত আৰু ভাৰতৰ একমাত্ৰ কাৰ্যকৰী কোৱাড ছাৰ্ভিচ কমাণ্ড এএনচিৰ তত্ত্বাৱধানত ৩০ অক্টোবৰৰ পৰা ০৩ নৱেম্বৰ ২০২৬লৈকে অনুষ্ঠিত এলানি কাৰ্যসূচী আৰু সমন্বিত সামুদ্ৰিক কুচকাৱাজৰ অন্তত ০৩ নৱেম্বৰ ২০২৬ তাৰিখে শ্ৰী বিজয় পুৰমত প্ৰথমখন বিমষ্টেক সামুদ্ৰিক নিৰাপত্তা অনুশীলনৰ সফল সামৰণি পৰে।
এই অনুশীলনত বিমষ্টেকৰ সদস্য ৰাষ্ট্ৰসমূহৰ নৌসেনাৰ যুদ্ধজাহাজে অংশগ্ৰহণ কৰে, যাৰ ভিতৰত আছিল ভাৰতীয় নৌসেনাৰ জাহাজ আইএনএছ তাৰাগিৰি, আইএনএছ কাৰ্মুক আৰু আইএনএছ সৰযূ; ম্যানমাৰ নৌসেনাৰ জাহাজ ইউএমএছ কিং অং জেয়া; আৰু শ্ৰীলংকা নৌসেনাৰ জাহাজ এছএলএনএছ গজবাহু। এই অনুষ্ঠানে আঞ্চলিক সামুদ্ৰিক সহযোগিতা আৰু সামূহিক নিৰাপত্তা বৃদ্ধিৰ দিশত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে।
এই অনুশীলনত বিমষ্টেকৰ ছেক্ৰেটৰী জেনেৰেল ইন্দ্ৰমণি পাণ্ডে; ৰাষ্ট্ৰীয় সামুদ্ৰিক নিৰাপত্তা সমন্বয়ক ভাইচ এডমিৰেল বিশ্বজিৎ দাসগুপ্ত (অৱসৰপ্ৰাপ্ত); ম্যানমাৰ নৌসেনাৰ চেন্ট্ৰেল নেভেল কমাণ্ডৰ কমাণ্ডাৰ ৰিয়েৰ এডমিৰেল কিয়াউ কিয়াউ টু; শ্ৰীলংকাৰ বন্দৰ আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ সঞ্চালক (নিৰীক্ষণ আৰু মূল্যায়ন) এয়াৰ ভাইচ মাৰ্শ্বাল এমডিআৰ প্ৰসাদ (অৱসৰপ্ৰাপ্ত); আৰু বাংলাদেশৰ বিএনএছ প্ৰত্যয়ৰ কমাণ্ডিং অফিচাৰ কেপ্টেইন মহম্মদ মনজুৰুল ইছলামকে ধৰি জ্যেষ্ঠ বিশিষ্ট ব্যক্তি তথা প্ৰতিনিধিসকল একত্ৰিত হয়। তেওঁলোকৰ অংশগ্ৰহণে আঞ্চলিক সামুদ্ৰিক সহযোগিতা আৰু সামূহিক নিৰাপত্তা সুদৃঢ় কৰাৰ প্ৰতি দিয়া গুৰুত্বক প্ৰতিফলিত কৰে।
দিল্লী ঘোষণাৰ মূল ভাৱধাৰাৰ সৈতে সংগতি ৰাখি আৰু ২০২৫ চনৰ নৱেম্বৰ মাহত অনুষ্ঠিত সামুদ্ৰিক নিৰাপত্তা সহযোগিতা সম্পৰ্কীয় চতুৰ্থ বিমষ্টেক বিশেষজ্ঞ গোটৰ বৈঠকৰ সিদ্ধান্তসমূহক আগুৱাই লৈ অনুষ্ঠিত কৰা এই অনুশীলনে অংশগ্ৰহণকাৰী নৌসেনাসমূহক সমন্বিত সামুদ্ৰিক কাৰ্যকলাপৰ জৰিয়তে আন্তঃকাৰ্যক্ষমতা বৃদ্ধি কৰিবলৈ, পেছাদাৰী যোগাযোগ সুদৃঢ় কৰিবলৈ আৰু পাৰস্পৰিক বুজাবুজি গঢ়ি তুলিবলৈ এক মূল্যৱান মঞ্চ প্ৰদান কৰে।
শ্ৰী বিজয় পুৰমৰ হাৰ্বাৰ ফেজত উচ্চ পৰ্যায়ৰ বৈঠক, পেছাদাৰী মত বিনিময় আৰু সাংস্কৃতিক অনুষ্ঠান অন্তৰ্ভুক্ত আছিল, যিয়ে অংশগ্ৰহণকাৰী প্ৰতিনিধি দলসমূহক প্ৰতিষ্ঠানগত সম্পৰ্ক গভীৰ কৰাৰ লগতে বন্ধুত্বৰ বান্ধোন কটকটীয়া কৰাৰ সুযোগ দিয়ে। ইয়াৰ পাছত ০২ আৰু ০৩ নৱেম্বৰ ২০২৬ তাৰিখে শ্ৰী বিজয় পুৰমৰ উপকণ্ঠ সাগৰত অনুষ্ঠিত চি ফেজত সমন্বিত সামুদ্ৰিক মোতায়েন আৰু যৌথ অভিযানমূলক কাৰ্যকলাপ অন্তৰ্ভুক্ত কৰা হয়, যিয়ে এক সুৰক্ষিত আৰু সুস্থিৰ সামুদ্ৰিক পৰিৱেশৰ প্ৰতি বিমষ্টেকৰ সদস্য ৰাষ্ট্ৰসমূহৰ সামূহিক দায়বদ্ধতাক স্পষ্ট কৰি তোলে।
অভিযানমূলক সহযোগিতাৰ উপৰিও এই অনুশীলনে অংশগ্ৰহণকাৰী জোৱানসকলৰ মাজত চিৰস্থায়ী বন্ধুত্ব গঢ়ি তোলে আৰু এখন সমৃদ্ধিশালী, স্থিতিস্থাপক তথা মুক্ত বংগোপসাগৰৰ উমৈহতীয়া দৃষ্টিভংগীক পুনৰ শক্তিশালী কৰে। ই নিৰন্তৰ সহযোগিতাৰ জৰিয়তে উমৈহতীয়া সামুদ্ৰিক প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ আৰু সামূহিক সামুদ্ৰিক স্বাৰ্থ সুৰক্ষিত কৰিবলৈ বিমষ্টেক ৰাষ্ট্ৰসমূহৰ একত্ৰিত সংকল্পক প্ৰদৰ্শন কৰে।
প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই অনুশীলনৰ সফল সামৰণিয়ে বিমষ্টেকৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সামুদ্ৰিক যোগাযোগ অধিক প্ৰতিষ্ঠানিকৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ চিহ্নিত কৰে। আন্দামান আৰু নিকোবৰ কমাণ্ডৰ বাবে এনে ঐতিহাসিক অনুষ্ঠান আয়োজন কৰাটোৱে আঞ্চলিক সামুদ্ৰিক সহযোগিতাক প্ৰসাৰিত কৰা আৰু সমগ্ৰ বংগোপসাগৰ অঞ্চলত শান্তি, নিৰাপত্তা তথা স্থিতিশীলতা বৰ্তাই ৰখাৰ ক্ষেত্ৰত ইয়াৰ মুখ্য ভূমিকাক পুনৰ প্ৰতিষ্ঠা কৰে। ইয়াৰ উপৰি এই অনুশীলনে বিমষ্টেক কাঠামোৰ অধীনত ভৱিষ্যতৰ সহযোগিতামূলক পদক্ষেপসমূহৰ বাবে এক শক্তিশালী ভিত্তি স্থাপন কৰে।
VM/SPS/MM