গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

ডেৰাডুনত উত্তৰাখণ্ড আৰক্ষীক ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ

উত্তৰাখণ্ড আৰক্ষীক ৰাষ্ট্ৰপতিৰ নিচান লাভ কৰাৰ বাবে অভিনন্দন; উত্তৰাখণ্ড দেশৰ ১৬ সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হৈছে যাৰ আৰক্ষী বাহিনীয়ে এই সৰ্বোচ্চ সন্মান লাভ কৰিছে

উত্তৰাখণ্ড আৰক্ষীৰ প্ৰতিগৰাকী জোৱান আৰু বিষয়াৰ বাবে এয়া এক গৌৰৱৰ মুহূৰ্ত, যিসকলে “কৰ্ম সত্যম শৌৰ্যম”ক নিজৰ জীৱনৰ মূল ভেটি কৰি লৈছে

জোৱানসকলৰ সমৰ্পন, অনুশাসন আৰু ত্যাগৰ জৰিয়তে অৰ্জন কৰা এই সন্মান সৰ্বোচ্চ বলিদান দিয়া ২০৬ গৰাকী বীৰ জোৱানৰ নামত উছৰ্গা

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশক নক্সালবাদৰ পৰা মুক্ত কৰা হৈছে; এতিয়া ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ সংকল্প লোৱা হৈছে

তিনি বছৰৰ ভিতৰত আমি দেৱভূমি উত্তৰাখণ্ডক ড্ৰাগছমুক্ত কৰাৰ সংকল্পও পূৰণ কৰিম

বনাঞ্চলৰ জুই আৰু ভূমিস্খলনৰ পৰা আৰম্ভ কৰি সুৰংগত আবদ্ধ শ্ৰমিকক উদ্ধাৰ কৰালৈকে, উত্তৰাখণ্ড আৰক্ষীৰ জোৱানসকলে সকলো ধৰণৰ আকস্মিক দুৰ্যোগৰ দৃঢ়তাৰে মোকাবিলা কৰিছে

উত্তৰাখণ্ড আৰক্ষীয়ে বৰ্ধিত জনসংখ্যাৰ চাপ আৰু প্ৰতি মাহে লাখ লাখ তীৰ্থযাত্ৰীৰ নিৰৱচ্ছিন্ন যাতায়াত অত্যন্ত দক্ষতাৰে চম্ভালি আহিছে

যিকোনো দুৰ্গম অঞ্চলত আৱদ্ধ হৈ পৰা এজন ব্যক্তিক প্ৰথমে সহায় কৰিবলৈ হয়তো আইটিবিপিৰ জোৱান অথবা উত্তৰাখণ্ড আৰক্ষীৰ জোৱানেই উপস্থিত হয়

ছিল্কিয়াৰা সুৰংগত আৱদ্ধ শ্ৰমিকসকলৰ উদ্ধাৰ অভিযানৰ উপৰি ধাৰালী আৰু থাৰালীকে ধৰি বহু দুৰ্যোগৰ সময়ত উত্তৰাখণ্ড আৰক্ষীয়ে অদম্য বীৰত্ব প্ৰদৰ্শন কৰিছিল

পৰ্যটনৰ প্ৰসাৰ, ঔদ্যোগিক বিনিয়োগ আকৰ্ষণ আৰু নাগৰিকসকলক দ্ৰুত ন্যায় নিশ্চিত কৰাত উত্তৰাখণ্ড আৰক্ষীৰ গুৰুত্বপূৰ্ণ দায়িত্ব আছে

নতুন ন্যায় সংহিতা কাৰ্যকৰী কৰাৰ দিশত নিষ্ঠাৰে কাম কৰি থকা উত্তৰাখণ্ড আৰক্ষীয়ে ২০২৭ চনৰ মে’ মাহৰ পিছত ৰুজু হোৱা প্ৰতিখন এজাহাৰৰ ক্ষেত্ৰত তিনি বছৰৰ ভিতৰত অপৰাধীৰ শাস্তি নিশ্চিত কৰিব

কুম্ভ মেলা, চাৰধাম যাত্ৰা, হেমকুণ্ড চাহেব আৰু কাইঞ্চী ধামলৈ অহা লাখ লাখ তীৰ্থযাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ দায়িত্ব উত্তৰাখণ্ড আৰক্ষীয়ে বহন কৰিছে

প্ৰধানমন্ত্ৰী মোদীয়ে ‘ভাইব্ৰেণ্ট ভিলেজেছ কাৰ্যসূচী’ৰ জৰিয়তে পাহাৰীয়া গাঁওসমূহৰ পৰা হোৱা প্ৰব্ৰজনৰ সমস্যা সমাধান কৰিছে; কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ সৈতে কান্ধত কান্ধ মিলাই উত্তৰাখণ্ড আৰক্ষীয়ে কৰা প্ৰচেষ্টাৰ ফলত সীমান্তৱৰ্তী গাঁওসমূহত পুনৰ মানুহ বাস কৰিবলৈ লৈছে

উত্তৰাখণ্ড আৰক্ষী হৈছে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰ

পোষ্ট কৰা হৈছে: 06 NOV 2026 7:16PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি ডেৰাডুনত উত্তৰাখণ্ড আৰক্ষীক ৰাষ্ট্ৰপতিৰ নিচান(ৰাষ্ট্ৰপতিৰ নিচান) সন্মান প্ৰদান কৰে। অনুষ্ঠানত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামীৰ লগতে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

 

‘ৰাষ্ট্ৰপতিৰ নিচান’ অলংকৰণ অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে উত্তৰাখণ্ড আৰক্ষীক ‘ৰাষ্ট্ৰপতিৰ নিচান’ লাভ কৰাৰ বাবে অভিনন্দন জনোৱাৰ লগতে কয় যে উত্তৰাখণ্ড আৰক্ষী দেশৰ ১৬ সংখ্যক বাহিনী হিচাপে পৰিগণিত হৈছে যিয়ে এই সৰ্বোচ্চ সন্মান লাভ কৰিছে। তেওঁ কয় যে ৰাজ্য গঠনৰ পৰা বিগত ২৫ বছৰ ধৰি উত্তৰাখণ্ড আৰক্ষীত সেৱা আগবঢ়োৱা সকলো জোৱান আৰু বিষয়া, বৰ্তমান কৰ্মৰত বিষয়া-জোৱান আৰু অৱসৰপ্ৰাপ্তসকলৰ বাবে এয়া এক অপাৰ গৌৰৱৰ মুহূৰ্ত। শ্ৰী শ্বাহে কয় যে উত্তৰাখণ্ড আৰক্ষীৰ জোৱান আৰু বিষয়াসকলে কেবল “কৰ্ম সত্যম শৌৰ্যম”ৰ তিনিটা আদৰ্শক নিজৰ প্ৰেৰণা হিচাপেই গ্ৰহণ কৰা নাই, বৰঞ্চ এইবোৰক নিজৰ জীৱন আৰু কৰ্তব্যৰ মূল ভেটি কৰি তুলিছে। এই মূল্যবোধৰ শক্তিৰ বাবেই উত্তৰাখণ্ড আৰক্ষীয়ে ইমান কম সময়ৰ ভিতৰতে ‘ৰাষ্ট্ৰপতিৰ নিচান’ লাভৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে।

 

শ্ৰী অমিত শ্বাহে কয় যে দেৱভূমি উত্তৰাখণ্ড প্ৰাকৃতিক সৌন্দৰ্যেৰে ভৰপূৰ। ইয়াৰ বৰফাবৃত শৃংগ, ধুনীয়া হ্ৰদ, ঘন অৰণ্য, হাতী ছাফাৰী আৰু গংগা-যমুনাৰ উৎপত্তিস্থলে সমগ্ৰ বিশ্বৰ পৰ্যটকক আকৰ্ষণ কৰে। তদুপৰি, স্বয়ং ভগৱান বদ্ৰীনাথ ইয়াত বিৰাজমান, বাবা কেদাৰনাথে আমাক ৰক্ষা কৰে আৰু গংগোত্ৰী আৰু যমুনোত্ৰীৰ পৰা ওলাই অহা দুয়োগৰাকী দেৱী মায়ে কোটি কোটি মানুহৰ জীৱনলৈ কেৱল সমৃদ্ধিয়েই অনা নাই, বৰঞ্চ তেওঁলোকক আধ্যাত্মিকভাৱেও সমৃদ্ধ কৰিছে। শ্ৰী শ্বাহে কয় যে দশম শিখ গুৰুৱে বৰ্ণনা কৰা হেমকুণ্ড চাহেব কেৱল শিখ শ্ৰদ্ধালুসকলৰ বাবেই নহয়, সকলো তীৰ্থযাত্ৰীৰে আকৰ্ষণৰ এক ডাঙৰ কেন্দ্ৰ। ইমানবোৰ তীৰ্থস্থানৰ লগতে ঐতিহাসিক কুম্ভ মেলা, বাৰ্ষিক চাৰধাম যাত্ৰা, হেমকুণ্ড চাহেব আৰু কাইঞ্চী ধাম ভ্ৰমণ কৰা লাখ লাখ তীৰ্থযাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ দায়িত্ব উত্তৰাখণ্ড আৰক্ষীৰ জোৱানসকলৰ ওপৰতে ন্যস্ত থাকে।

 

গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ এনে এখন ৰাজ্যৰ পৰা আহিছে যোৱাৰ পৰা দেৱভূমিলৈ আটাইতকৈ বেছি তীৰ্থযাত্ৰী আহে, তথাপিও তেওঁৰ ৰাজ্যৰ কোনো তীৰ্থযাত্ৰীৰ পৰা উত্তৰাখণ্ড আৰক্ষীৰ বিৰুদ্ধে কেতিয়াও কোনো ওজৰ-আপত্তি শুনা নাই, যিটো ৰাজ্যিক আৰক্ষীৰ লগতে আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয়।

 

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ‘ৰাষ্ট্ৰপতিৰ নিচান’ লাভ কৰাটো যিকোনো বাহিনীৰ বাবে অতিকৈ গৌৰৱৰ মুহূৰ্ত। তেওঁ কয় যে আজি আমি সকলোৱে বহু আশা আৰু আকাংক্ষাৰে আৰু উত্তৰাখণ্ডৰ নাগৰিক তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ অহা লোকসকলৰ মনত নিৰাপত্তাৰ বিশ্বাস গঢ়ি তোলাৰ দায়িত্ববোধেৰে এই মুহূৰ্তটো অনুভৱ কৰিছোঁ। অৱশ্যে এই মুহূৰ্তটো অহাৰ পূৰ্বে উত্তৰাখণ্ড আৰক্ষীৰ ২০৬ গৰাকী বীৰ জোৱানে সৰ্বোচ্চ বলিদান দিছিল। শ্ৰী শ্বাহে কয় যে আমি কেৱল সজল নয়নেৰে সেইসকল জোৱানলৈ শ্ৰদ্ধাঞ্জলি জনোৱাই নহয়, তেওঁলোকৰ প্ৰতি আমাৰ কৃতজ্ঞতাও জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ সমৰ্পণ, অনুশাসন আৰু বীৰত্বৰ শক্তিৰ লগতে বৰ্তমান কৰ্মৰতসকলৰ সেৱা, ত্যাগ, অপৰিৱৰ্তনীয় প্ৰতিশ্ৰুতি, কৰ্তব্যৰ প্ৰতি নিৰন্তৰ নিষ্ঠা, উৎকৃষ্ট পেছাদাৰিত্ব আৰু অনুশাসনৰ বাবেই উত্তৰাখণ্ড আৰক্ষী আজি দেশৰ ১৬সংখ্যক আৰক্ষী বাহিনী হিচাপে ‘ৰাষ্ট্ৰপতিৰ নিচান’ সন্মানেৰে অলংকিত হৈছে।

 

গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ১৩,০০০ জোৱানৰ পৰা ২৬,০০০ৰো অধিক কৰ্মীৰে গঠিত হোৱা উত্তৰাখণ্ড আৰক্ষীৰ এই যাত্ৰা সমূলি প্ৰত্যাহ্বানপূৰ্ণ আছিল। তেওঁ কয় যে উত্তৰাখণ্ডই সদায় বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ বিৰুদ্ধে যুঁজ দি আহিছে। ডাঙৰ ডাঙৰ প্ৰাকৃতিক দুৰ্যোগে বাৰে বাৰে ৰাজ্যখনক কঠিন অৱস্থালৈ ঠেলি দিছে। তথাপিও, উত্তৰাখণ্ড আৰক্ষীৰ জোৱানসকলে, এছডিআৰএফৰ অংশ হিচাপেই হওক বা নিয়মীয়া আৰক্ষী হিচাপেই হওক, বনাঞ্চলৰ জুই আৰু ভূমিস্খলনৰ পৰা আৰম্ভ কৰি সুৰংগত আবদ্ধ শ্ৰমিকসকলৰ লৈকে সকলো ধৰণৰ আকস্মিক দুৰ্যোগৰ দৃঢ়তাৰে মোকাবিলা কৰিছে। তেওঁ কয় যে উত্তৰাখণ্ড আৰক্ষীয়ে বৃদ্ধি পোৱা জনসংখ্যাৰ চাপ আৰু প্ৰতি মাহে লাখ লাখ তীৰ্থযাত্ৰীৰ নিৰৱচ্ছিন্ন যাতায়াত অত্যন্ত দক্ষতাৰে চম্ভালি আহিছে। শ্ৰী শ্বাহে কয় যে যদি দুৰ্গম অঞ্চলত আৱদ্ধ হৈ পৰা কোনো ব্যক্তিক প্ৰথমে কোনোবাই সহায় কৰিবলৈ পায়গৈ, তেন্তে তেওঁ আইটিবিপি অথবা উত্তৰাখণ্ড আৰক্ষীৰ জোৱান। এই বিশ্বাস আৰু আস্থাৰ বাবেই কোটি কোটি ভক্তই ইয়ালৈ অহাৰ সাহস পায়। তেওঁ কয় যে ছিল্কিয়াৰা সুৰংগত আৱদ্ধ শ্ৰমিকসকলৰ উদ্ধাৰৰ সময়ত আৰু ধাৰালী, থাৰালী, সঞ্চাটি আৰু মালদেৱতাৰ দুৰ্যোগকে ধৰি কেইবাটাও দুৰ্যোগৰ সময়ত উত্তৰাখণ্ড আৰক্ষীয়ে অদম্য বীৰত্ব প্ৰদৰ্শন কৰিছিল।

 

শ্ৰী অমিত শ্বাহে কয় যে উত্তৰাখণ্ডৰ অন্যতম ডাঙৰ সমস্যা হ’ল শৃংগ আৰু সীমান্তৱৰ্তী অঞ্চলত থকা গাঁওসমূহৰ পৰা হোৱা প্ৰব্ৰজন। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই সমস্যা সমাধানৰ বাবে ‘ভাইব্ৰেণ্ট ভিলেজেছ কাৰ্যসূচী’ মুকলি কৰিছে। কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ সৈতে কান্ধত কান্ধ মিলাই উত্তৰাখণ্ড আৰক্ষীয়েও এই কাৰ্যসূচীৰ সকলো মাপকাঠি পূৰণ কৰিবলৈ সম্পূৰ্ণভাৱে উৎসৰ্গিত হৈ পৰিছে। তেওঁ কয় যে ইয়াৰ ফলস্বৰূপে এনে অন্ততঃ ৫০খন গাঁও আছে য’ত প্ৰব্ৰজনৰ পৰিৱৰ্তে মানুহে পুনৰ বসতি স্থাপন কৰিবলৈ আৰম্ভ কৰিছে, যিটো আমাৰ বাবে আশাৰ ৰেঙণি।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে নতুন ন্যায় সংহিতা (নতুন অপৰাধমূলক আইন) ৰূপায়ণৰ বাবে দেশত যদি কৰবাত আটাইতকৈ ডাঙৰ প্ৰচেষ্টা কৰা হৈছে, তেন্তে সেয়া উত্তৰাখণ্ডত কৰা হৈছে। তেওঁ উত্তৰাখণ্ড চৰকাৰৰ হৈ ৰাজ্যবাসীক আশ্বাস দিয়ে যে ২০২৭ চনৰ মে’ মাহৰ পিছত ৰুজু হোৱা যিকোনো এজাহাৰৰ ক্ষেত্ৰত অভিযুক্তৰ শাস্তি নিশ্চিত কৰাৰ প্ৰক্ৰিয়া উত্তৰাখণ্ড আৰক্ষীয়ে তিনি বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব। তেওঁ কয় যে দেৱভূমিৰ বাসিন্দা সকল এতিয়া বিচাৰৰ তাৰিখৰ অৰাজক চক্ৰৰ পৰা মুক্ত হ’ব। ইয়াৰ বাবে উত্তৰাখণ্ড আৰক্ষীয়ে কেৱল নিজৰ প্ৰশাসনিক কাঠামো পুনৰ নিৰ্মাণ কৰাই নহয়, বহু অধিসূচনাও জাৰি কৰিছে। আৰক্ষীয়ে ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰ আৰু ফৰেনছিক বিজ্ঞানক নিজৰ কামত সম্পূৰ্ণভাৱে অন্তৰ্ভুক্ত কৰিছে। মাটিত কম্পিউটাৰাইজেচন ৰূপায়ণ কৰা হৈছে। চিচিটিএনএছ/আইচিজেএছ 2.0 ডেশ্ববৰ্ডত ৯৩.৪৬ৰ উৎকৃষ্ট স্ক’ৰেৰে উত্তৰাখণ্ড আৰক্ষীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত শীৰ্ষ স্থান দখল কৰিছে। কাৰাগাৰ, আদালত, ফৰেনছিক পৰীক্ষাগাৰ, প্ৰচিকিউচন আৰু আৰক্ষীক ইলেক্ট্ৰনিকভাৱে সংযোগ কৰা হৈছে। তেওঁ আশা প্ৰকাশ কৰে যে অনাগত দিনত উত্তৰাখণ্ডৰ ৰাইজে দ্ৰুত ন্যায় পোৱাৰ ক্ষেত্ৰত কোনো বাধাৰ সন্মুখীন হ’ব নালাগে।

 

শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশক নক্সালবাদৰ পৰা মুক্ত কৰা হৈছে। চিআৰপিএফ, আইটিবিপি, বিএছএফ আৰু এছএছবিৰ সৈতে কেইবাখনো ৰাজ্যৰ আৰক্ষীয়ে একত্ৰিত হৈ এই পাঁচ দশক পুৰণি সমস্যাক অন্ত পেলায়। লাখ লাখ মানুহে প্ৰাণ হেৰুৱালে। তেওঁ কয় যে ২০২৬ চনৰ ৩০ মাৰ্চত তেওঁ সংসদত ঘোষণা কৰিছিল যে দেশ এতিয়া নক্সালমুক্ত, যিটো আমাৰ সকলোৰে বাবে আনন্দৰ বিষয়। অৱশ্যে আমাৰ আত্মসন্তুষ্ট হোৱাৰ কোনো অধিকাৰ নাই। তেওঁ কয় যে আমি ৰৈ যাব নোৱাৰোঁ, কাৰণ আন এক গুৰুতৰ সমস্যাই দেশৰ সন্মুখত থিয় দিছে, সেয়া হ’ল ড্ৰাগছৰ ভাবুকি। শ্ৰী শ্বাহে কয় যে ভাৰতক ড্ৰাগছমুক্ত কৰাটো আমাৰ সংকল্প। তেওঁ কয় যে আমি ২০২৯ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত ভাৰতক সম্পূৰ্ণৰূপে ড্ৰাগছমুক্ত কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু ড্ৰাগছ ব্যৱসায়ত লিপ্তসকলক কাৰাগাৰৰ পিছফালে প্ৰেৰণ কৰা হ’ব। তেওঁ কয় যে ড্ৰাগছমুক্ত ভাৰতৰ সংকল্প পূৰণৰ দিশতো উত্তৰাখণ্ড আৰক্ষীয়ে সুন্দৰ কাম কৰিছে। চিচিটিএনএছ, আইচিজেএছ ২.০ আৰু এনচিআৰবি ডেশ্ববৰ্ডত ৯৩.৪৬ শতাংশ অৰ্জন কৰি উত্তৰাখণ্ড আৰক্ষীয়ে দেশৰ অন্যতম শ্ৰেষ্ঠ আৰক্ষী বাহিনীৰ ভিতৰত নিজৰ স্থান সুৰক্ষিত কৰাৰ দৰেই ড্ৰাগছমুক্ত ভাৰত আৰু চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰতো অসাধাৰণ কাম কৰিছে। তেওঁ কয় যে ড্ৰাগছমুক্ত ভাৰতৰ সংকল্প হৈছে তিনিবছৰীয়া পৰিকল্পনা আৰু আমি আশাবাদী যে তিনি বছৰৰ ভিতৰত আমি দেৱভূমিক ড্ৰাগছমুক্ত কৰাৰ সংকল্পও পূৰণ কৰিম।

 

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে উত্তৰাখণ্ড আৰক্ষীয়ে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট সফলতাৰে আৰোহণ কৰা দেশৰ প্ৰথমটো ৰাজ্যিক আৰক্ষী বাহিনী হোৱাৰ গৌৰৱো অৰ্জন কৰিছে। ৱৰ্ল্ড পুলিচ এণ্ড ফায়াৰ গেমছত উত্তৰাখণ্ড আৰক্ষীয়ে ৩৭টা পদক লাভ কৰি প্ৰশংসনীয় প্ৰদৰ্শন দাঙি ধৰিলে। গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী ৱৰ্ল্ড পুলিচ এণ্ড ফায়াৰ গেমছত পদক তালিকাৰ শীৰ্ষ স্থান দখল কৰিবলৈ আৰু পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিবলৈ তেওঁ উত্তৰাখণ্ড আৰক্ষীক আহ্বান জনায়।

 

শ্ৰী অমিত শ্বাহে কয় যে মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামীৰ নেতৃত্বত উত্তৰাখণ্ডই দ্ৰুতগতিত অগ্ৰগতি লাভ কৰিছে। তেওঁ কয় যে উন্নয়নৰ লগে লগে নিৰাপত্তা নিশ্চিত কৰাৰ দিশত আমাৰ দায়িত্ব বৃদ্ধি পায়। আমি সমগ্ৰ বিশ্ব আৰু দেশৰ পৰ্যটকক উত্তৰাখণ্ডালৈ আকৰ্ষণ কৰিব বিচাৰোঁ আৰু তেওঁলোকেও বিপুল সংখ্যাৰে ৰাজ্যখন ভ্ৰমণ কৰিছে। গতিকে আমাৰ দায়িত্ব আৰু অধিক বাঢ়িছে। তেওঁ কয় যে আমি ঔদ্যোগিক বিনিয়োগো আকৰ্ষণ কৰিব বিচাৰোঁ যাতে উত্তৰাখণ্ডৰ যুৱক-যুৱতীসকলে সংস্থাপনৰ সন্ধানত ৰাজ্যৰ বাহিৰলৈ প্ৰব্ৰজন কৰিবলগীয়া নহয়। ইয়াৰ ফলত সুৰক্ষাৰ প্ৰতি আমাৰ দায়িত্ব আৰু অধিক বৃদ্ধি পায়। শ্ৰী শ্বাহে কয় যে মোদী চৰকাৰৰ সংকল্প হৈছে তিনি বছৰৰ ভিতৰত প্ৰতিগৰাকী নাগৰিকৰে ন্যায় নিশ্চিত কৰা আৰু এই কথা মনত ৰাখি উত্তৰাখণ্ড আৰক্ষীৰ দায়িত্বও বৃদ্ধি পাইছে। উত্তৰাখণ্ড আৰক্ষীক প্ৰদান কৰা ‘ৰাষ্ট্ৰপতিৰ নিচান’ সন্মানে বাহিনীটোৰ মনোবল বৃদ্ধি কৰাৰ লগতে ইয়াৰ সংকল্পত নতুন শক্তি সঞ্চাৰ কৰিব বুলি তেওঁ দৃঢ় বিশ্বাস ব্যক্ত কৰে।

 

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰীগৰাকীয়ে ধনতেৰাছ আৰু দীপাৱলী উপলক্ষে দেশবাসীক, বিশেষকৈ উত্তৰাখণ্ডৰ ৰাইজক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

 

RK / RR / PR / PS/DB


(ৰিলিজ আই ডি : 2333870) অতিথি কক্ষ : 9
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Odia , Tamil