ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়
azadi ka amrit mahotsav

ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয় (MSME) আৰু ছেমছাং ইণ্ডিয়াৰ মাজত দক্ষতা বিকাশ আৰু যুৱক-যুৱতীৰ নিয়োগযোগ্যতা শক্তিশালী কৰাৰ বাবে অংশীদাৰিত্ব

যুৱক-যুৱতীসকলৰ কাৰিকৰী দক্ষতা, নিয়োগযোগ্যতা আৰু স্বনিয়োজনৰ সুযোগ বৃদ্ধিৰ বাবে এমএছএমই প্ৰযুক্তি কেন্দ্ৰসমূহৰ সদব্যৱহাৰৰ লক্ষ্যৰে বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰ।

পোষ্ট কৰা হৈছে: 05 NOV 2026 8:31PM by PIB Guwahati

ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ে (MSME) উদ্যোগৰ প্ৰয়োজনভিত্তিক দক্ষতা বিকাশৰ প্ৰসাৰ আৰু যুৱক-যুৱতীসকলৰ বাবে নিয়োগ তথা স্বনিয়োজনৰ সুযোগ বৃদ্ধি কৰাৰ লক্ষ্যৰে এমএছএমই মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব তথা উন্নয়ন আয়ুক্ত ড০ ৰাজনীশৰ উপস্থিতিত ছেমছাং ইণ্ডিয়া ইলেক্ট্ৰনিকছ প্ৰাইভেট লিমিটেডৰ সৈতে এখন বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰ কৰে।

এই বুজাবুজিৰ চুক্তিখন (MoU) প্ৰাৰম্ভিকভাৱে ৩ বছৰৰ বাবে কাৰ্যকৰী হ’ব আৰু সমগ্ৰ দেশৰ ১৫টা  এমএছএমই প্ৰযুক্তি কেন্দ্ৰত (TCs) ৰূপায়ণ কৰা হ’ব।

১৫টা এমএছএমই প্ৰযুক্তি কেন্দ্ৰৰ তালিকা:

ক্ৰমিক নং আৰু এমএছএমই প্ৰযুক্তি কেন্দ্ৰ

১. এমএছএমই প্ৰযুক্তি কেন্দ্ৰ (কেন্দ্ৰীয় সঁজুলি কক্ষ), লুধিয়ানা, পঞ্জাব
২. এমএছএমই প্ৰযুক্তি কেন্দ্ৰ (কেন্দ্ৰীয় সঁজুলি নক্সা প্ৰতিষ্ঠান), হায়দৰাবাদ, তেলেংগানা
৩. এমএছএমই প্ৰযুক্তি কেন্দ্ৰ (কেন্দ্ৰীয় সঁজুলি কক্ষ আৰু প্ৰশিক্ষণ কেন্দ্ৰ), কলকাতা, পশ্চিমবংগ
৪. এমএছএমই প্ৰযুক্তি কেন্দ্ৰ (কেন্দ্ৰীয় সঁজুলি কক্ষ আৰু প্ৰশিক্ষণ কেন্দ্ৰ), ভুৱনেশ্বৰ, ওড়িশা
৫.এমএছএমই প্ৰযুক্তি কেন্দ্ৰ (ইণ্ডো-জাৰ্মান সঁজুলি কক্ষ), আহমেদাবাদ, গুজৰাট
৬. এমএছএমই প্ৰযুক্তি কেন্দ্ৰ (বৈদ্যুতিক জোখ-মাখৰ সঁজুলিৰ নক্সা প্ৰতিষ্ঠান), মুম্বাই, মহাৰাষ্ট্ৰ
৭. এমএছএমই প্ৰযুক্তি কেন্দ্ৰ (ইণ্ডো-জাৰ্মান সঁজুলি কক্ষ), ঔৰংগাবাদ, মহাৰাষ্ট্ৰ
৮.এমএছএমই  প্ৰযুক্তি কেন্দ্ৰ (ESTC), ৰামনগৰ সম্প্ৰসাৰণ কেন্দ্ৰ, দিল্লী
৯. এমএছএমই প্ৰযুক্তি কেন্দ্ৰ (কেন্দ্ৰীয় সঁজুলি নক্সা প্ৰতিষ্ঠান), চেন্নাই, তামিলনাডু 
১০. এমএছএমই প্ৰযুক্তি কেন্দ্ৰ (IDTR), জামছেদপুৰ সম্প্ৰসাৰণ কেন্দ্ৰ, শাখা এমএছএমই-ডিএমই, বাৰাণসী, উত্তৰ প্ৰদেশ
১১.এমএছএমই প্ৰযুক্তি কেন্দ্ৰ (ইণ্ডো-ডেনিছ সঁজুলি কক্ষ), জামছেদপুৰ, ঝাৰখণ্ড
১২. এমএছএমই প্ৰযুক্তি কেন্দ্ৰ (IDEMI মুম্বাই), সম্প্ৰসাৰণ কেন্দ্ৰ, বেংগালুৰু, কৰ্ণাটক
১৩. এমএছএমই প্ৰযুক্তি কেন্দ্ৰ, গ্ৰেটাৰ নয়ডা, উত্তৰ প্ৰদেশ
১৪.এমএছএমই প্ৰযুক্তি কেন্দ্ৰ, বাড্ডী, হিমাচল প্ৰদেশ
১৫. এমএছএমই প্ৰযুক্তি কেন্দ্ৰ, কানপুৰ, উত্তৰ প্ৰদেশ

বুজাবুজিৰ চুক্তিখনৰ (MoU) উদ্দেশ্যসমূহ:-

- এই সহযোগিতাৰ অধীনত নিৰ্বাচিত প্ৰযুক্তি কেন্দ্ৰসমূহত (TCs) সংশ্লিষ্ট কেন্দ্ৰসমূহৰ দ্বাৰা স্থাপন কৰা অত্যাধুনিক প্ৰশিক্ষণ সুবিধাৰ জৰিয়তে ইলেক্ট্ৰনিকছ, ম’বাইল ফোন, গৃহ বৈদ্যুতিক সঁজুলি, স্থাপন, সেৱা প্ৰদান আৰু মেৰামতিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় দক্ষতা অৰ্হতা কাঠামো (NSQF)-ৰ সৈতে সংগতি থকা উদ্যোগভিত্তিক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব।

- গুণগত মানসম্পন্ন প্ৰশিক্ষণ প্ৰদান নিশ্চিত কৰাৰ বাবে ছেমছাঙে বিশেষ প্ৰশিক্ষণ, প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণ (Training of Trainers – ToT), কাৰিকৰী সহায় আৰু নিৰন্তৰ দিহা-পৰামৰ্শ তথা সহযোগিতাও আগবঢ়াব।

- এই পদক্ষেপৰ জৰিয়তে যুৱক-যুৱতীসকলক হাতে-কামে ব্যৱহাৰিক প্ৰশিক্ষণ, উদ্যোগৰ সৈতে পৰিচিত হোৱাৰ সুযোগ, কেৰিয়াৰ সম্পৰ্কীয় পৰামৰ্শ, ইণ্টাৰ্নশ্বিপ আৰু নিয়োগৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা হ’ব। সফলতাৰে প্ৰশিক্ষণ সম্পূৰ্ণ কৰা প্ৰশিক্ষাৰ্থীসকলক তিনি মাহৰ ইণ্টাৰ্নশ্বিপৰ সুবিধা প্ৰদান কৰা হ’ব আৰু এই সময়ছোৱাত প্ৰত্যক্ষ লাভ হস্তান্তৰ (DBT) ব্যৱস্থাৰ জৰিয়তে প্ৰতিমাহে ১২,০০০ টকাকৈ জলপানিও দিয়া হ’ব। ইয়াৰ উপৰি, যোগ্য মহিলা আৰু দিব্যাংগ প্ৰশিক্ষাৰ্থীসকলক বৃত্তিৰ জৰিয়তে সহায় আগবঢ়োৱাৰ লগতে পাৰদৰ্শিতাৰ ভিত্তিত কৃতিত্বপূৰ্ণ প্ৰশিক্ষাৰ্থীসকলক পুৰস্কৃত কৰা হ’ব।

- এই কাৰ্যসূচীৰ অধীনত প্ৰথম বছৰত প্ৰাৰম্ভিকভাৱে ১,৬০০ গৰাকী প্ৰশিক্ষাৰ্থীক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে আৰু পৰৱৰ্তী বছৰসমূহত ক্ৰমান্বয়ে এই সংখ্যা বৃদ্ধি কৰা হ’ব।

- দক্ষ আৰু উদ্যোগৰ কাম-কাজৰ বাবে উপযুক্ত মানৱ সম্পদৰ ভঁৰাল গঢ়ি তোলাৰ উপৰি, এই সহযোগিতাই উদ্যোগ আৰু শিক্ষানুষ্ঠানসমূহৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰিব। লগতে, বিশেষকৈ ইলেক্ট্ৰনিকছ আৰু গৃহ বৈদ্যুতিক সঁজুলিৰ সেৱা খণ্ডত দক্ষ মানৱ সম্পদ আৰু কাৰিকৰী সক্ষমতাৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত উদ্যোগসমূহ তথা ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহক (MSMEs) সহায় কৰিব।

 


Sunil Kumar Tiwari/SD


(ৰিলিজ আই ডি : 2333478) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Kannada