প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

সহযোগিতামূলক মহাসাগৰীয় প্ৰশাসন আৰু দায়িত্বশীল সামুদ্ৰিক প্ৰযুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি আইপিআৰডি-২০২৬ৰ সফল সামৰণি

পোষ্ট কৰা হৈছে: 05 NOV 2026 7:20PM by PIB Guwahati

ভাৰতীয় নৌসেনাৰ বাৰ্ষিক শীৰ্ষ পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় কৌশলগত আলোচনা-চক্ৰ তিনিদিনীয়া ইণ্ডো-পেচিফিক ৰিজনেল ডায়লগ ২০২৬ (আইপিআৰডি-২০২৬)ৰ ২০২৬ চনৰ ৫ নৱেম্বৰত নতুন দিল্লীত সামৰণি পৰে। নেচনেল মেৰিটাইম ফাউণ্ডেচন (এনএমএফ)ৰ সহযোগত আয়োজিত এই সন্মিলনত আঞ্চলিক সামুদ্ৰিক সহযোগিতাৰ ব্যৱহাৰিক পথসমূহ চিনাক্ত কৰাৰ উদ্দেশ্যে পাঁচটা পেছাদাৰী বিষয়ভিত্তিক অধিবেশন আৰু উচ্চ পৰ্যায়ৰ মত বিনিময়ৰ জৰিয়তে ‘ইণ্ডো-পেচিফিকত বিজ্ঞান, প্ৰযুক্তি আৰু শৈক্ষিক সহযোগিতা’ বিষয়টো পৰ্যালোচনা কৰা হয়।

সামৰণি দিনৰ কাৰ্যসূচী প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী (চিডিএছ) জেনেৰেল এনএছ ৰাজা সুব্ৰমণিৰ  বিশেষ ভাষণেৰে আৰম্ভ হয় আৰু ইয়াৰ পিছতেই চিডিএছে উপস্থিত দৰ্শকসকলৰ সৈতে মনোগ্ৰাহী মত বিনিময়ত মিলিত হয়। ইয়াৰ পিছত অনুষ্ঠিত হয় ‘মহাসাগৰীয় প্ৰশাসন আৰু সামুদ্ৰিক স্থিতিস্থাপকতাৰ বাবে সহযোগিতামূলক দৃষ্টিভংগী’ শীৰ্ষক  অধিবেশন, য’ত সঞ্চালকৰ দায়িত্ব পালন কৰে ইউনাইটেড ছাৰ্ভিচ ইনষ্টিটিউচন অব্ ইণ্ডিয়াৰ সঞ্চালক প্ৰধান অৱসৰপ্ৰাপ্ত ভাইচ এডমিৰেল সঞ্জয় যশজিৎ সিঙে। এই অধিবেশনত ফিলিপাইন বিশ্ববিদ্যালয়ৰ অধ্যাপক দেও ফ্লৰেন্স অণ্ডাই মহাসাগৰীয় প্ৰশাসনৰ ক্ষেত্ৰত ফিলিপাইনৰ অভিজ্ঞতা আৰু বিশেষজ্ঞতাৰ আদান-প্ৰদান সম্পৰ্কীয়  সহযোগিতামূলক পৰিকল্পনা ডাঙি ধৰে। ইণ্টাৰনেচনেল চিবেড অথৰিটিৰ প্ৰাক্তন চীফ অব্ ষ্টাফ ড° মেৰী বুৰেল-মেকিননে ন্যায়সংগত গভীৰ সমুদ্ৰ গৱেষণা অংশীদাৰিত্ব আৰু সম্পদ ব্যৱস্থাপনাৰ বিষয়টো পৰ্যালোচনা কৰে। কোৱালিছন ফৰ ডিজাষ্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ (চিডিআৰআই)ৰ শ্ৰী ৰামৰাজ নৰসিংহনে ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ ৰেজিলিয়েণ্ট আইলেণ্ড ষ্টেটছ (আইআৰআইএছ) কাৰ্যসূচীৰ ৰূপায়ণৰ  সামগ্ৰিক ৰূপৰেখা দাঙি ধৰে, আনহাতে ছুইডেনৰ ফিউচাৰ মেৰিটাইমৰ শ্ৰীমতী ছফিয়া ফাৰ্ষ্টেনবাৰ্গ-ষ্টটে সামুদ্ৰিক বিজ্ঞান আৰু জাহাজ চলাচল কাৰ্যকলাপৰ মাজৰ পাৰস্পৰিক সংযোগ কেনেদৰে শক্তিশালী কৰিব পাৰি সেই সম্পৰ্কে আলোকপাত কৰে। এই অধিবেশনে  উমৈহতীয়া প্ৰত্যাহ্বানৰ চাৰিটা দিশক একত্ৰিত কৰে: বৈজ্ঞানিক সক্ষমতাক প্ৰশাসনৰ সৈতে সংযোগ কৰাৰ প্ৰয়োজনীয়তা, গৱেষণা অংশীদাৰিত্বক অধিক সমতাপূৰ্ণ কৰি তোলা, দুৰ্বল দ্বীপ ৰাষ্ট্ৰসমূহৰ স্থিতিস্থাপকতা শক্তিশালী কৰা আৰু সামুদ্ৰিক উদ্যোগ তথা ৰাজহুৱা প্ৰতিষ্ঠানসমূহৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত বৈজ্ঞানিক জ্ঞানে যাতে পথ প্ৰদৰ্শন কৰে সেয়া নিশ্চিত কৰা।

আইপিআৰডি-২০২৬ৰ অন্তিমখন অধিবেশন ‘পৰিৱৰ্তনশীল সামুদ্ৰিক প্ৰযুক্তি আৰু দ্বি-ব্যৱহাৰিক প্ৰভাৱ’ মূল বিষয়বস্তুৰ ওপৰত কেন্দ্ৰিত আছিল। ভাৰতীয় নৌসেনাৰ অৱসৰপ্ৰাপ্ত ৰিয়েৰ এডমিৰেল গুণিন্দৰ সিং জাৱাণ্ডাই এই অধিবেশনৰ সঞ্চালনা কৰে। এই অধিবেশনত বক্তাসকলে মূল বিষয়বস্তুৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে। জাৰ্মানীৰ ইণ্টাৰনেচনেল ইনষ্টিটিউট ফৰ ষ্ট্ৰেটেজিক ষ্টাডিজ (আইআইএছএছ)ৰ শ্ৰীমতী ডংগিয়ুন চোৱে সামুদ্ৰিক ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু কোৱাণ্টাম প্ৰযুক্তিৰ ক্ষেত্ৰত ইণ্ডো-পেচিফিক সহযোগিতাৰ  ব্যৱহাৰিক ৰূপৰেখা পৰীক্ষা কৰে। ব্ৰাছেলছ স্কুল অব্ গভৰ্নেন্সৰ ড° ইভা পেজচোৱাই দ্বি-ব্যৱহাৰিক সামুদ্ৰিক প্ৰযুক্তিৰ দায়িত্বশীল প্ৰশাসনৰ বাবে ইউ–ইণ্ডো-পেচিফিক ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰে। ষ্টেলেনবছ বিশ্ববিদ্যালয়ৰ দক্ষিণ আফ্ৰিকাৰ নৌসেনাৰ অৱসৰপ্ৰাপ্ত কেপ্টেইন মাৰ্ক ব্লেইনে সৰু আৰু মজলীয়া নৌসেনাসমূহক এই প্ৰযুক্তিসমূহ গ্ৰহণ কৰাত সহায় কৰিবলৈ এটা সহযোগিতাৰ পথ ৰূপৰেখা সম্পৰ্কে আলোচনা কৰে, আনহাতে অৱসৰপ্ৰাপ্ত কমোডৰ অৰুণ গোলায়ে এই প্ৰযুক্তিসমূহৰ দায়িত্বশীল ব্যৱহাৰৰ বাবে নৌসেনাৰ মাজত কাৰ্যক্ষম সহযোগিতাক বিবেচনা কৰে। এই আলোচনাসমূহে উদীয়মান সামুদ্ৰিক প্ৰযুক্তিৰ দ্বি-মুখী চৰিত্ৰ প্ৰতিফলিত কৰে আৰু সহযোগিতামূলক গৱেষণা, ব্যৱহাৰিক সক্ষমতা বিকাশ তথা প্ৰতিষ্ঠানিক ব্যৱস্থাৰ সম্ভাৱনাক বিশ্লেষণ কৰে, যাৰ জৰিয়তে ভিন্ন সম্পদ আৰু প্ৰয়োজনীয়তা থকা অংশীদাৰসকলে প্ৰযুক্তিগত পৰিৱৰ্তনত অৰ্থপূৰ্ণভাৱে অংশগ্ৰহণ কৰিব পাৰে।

ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা সচিব শ্ৰী ৰাজেশ কুমাৰ সিঙৰ বিদায়ী ভাষণেৰে এই তিনিদিনীয়া বিশাল সন্মিলনখনৰ  যথোচিত আৰু স্মৰণীয় সামৰণি পৰে। এই তিনিটা দিনত আইপিআৰডি-২০২৬ত সামৰিক বিশেষজ্ঞ, নীতি নিৰ্ধাৰক, সামুদ্ৰিক উদ্যোগৰ প্ৰতিনিধি, ভাৰত আৰু বন্ধুভাবাপন্ন বিদেশী ৰাষ্ট্ৰৰ কূটনীতিবিদ, শিক্ষাবিদ, সংবাদ মাধ্যম, বিশিষ্ট নাগৰিক তথা নতুন দিল্লীৰ সজীৱ শিক্ষাৰ্থী সমাজকে ধৰি বিভিন্ন ক্ষেত্ৰৰ লোকৰ ব্যাপক অংশগ্ৰহণ দেখা যায়। ২০খন দেশৰ চল্লিশতকৈও অধিক বিশেষজ্ঞ আৰু বিশিষ্ট বক্তাই আইপিআৰডিৰ মূল সংযোগী বিষয়বস্তু ‘ইণ্ডো-পেচিফিকত বিজ্ঞান, প্ৰযুক্তি আৰু শৈক্ষিক সহযোগিতা’ৰ ওপৰত নিজৰ দৃষ্টিভংগী দাঙি ধৰে, যাৰ ফলত ইণ্ডো-পেচিফিক মহাসাগৰীয় পদক্ষেপৰ ‘বিজ্ঞান, প্ৰযুক্তি আৰু শৈক্ষিক সহযোগিতা’ স্তম্ভৰ অধীনত কাৰ্যকৰী কৰিব পৰা ফলাফলসমূহ অধিক স্পষ্ট হৈ উঠে। এই সন্মিলনে আঞ্চলিক সামুদ্ৰিক নিৰাপত্তা বৃদ্ধি আৰু সামুদ্ৰিক স্থিতিস্থাপকতা শক্তিশালী কৰাৰ বাবে সহযোগিতামূলক দৃষ্টিভংগীক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ভাৰতীয় নৌসেনাৰ প্ৰতিশ্ৰুতিবদ্ধ স্থিতিক অধিক শক্তিশালী কৰি তোলে, যাৰ ফলত ভাৰতৰ সামুদ্ৰিক দৃষ্টিভংগী ‘মহাসাগৰ’ৰ স্পষ্ট প্ৰতিফলন ঘটে।

 

*****

VM/SPS /MM


(ৰিলিজ আই ডি : 2333472) অতিথি কক্ষ : 21
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil